নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীৰামপুৰত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, পাঁচ দিনে আছিল নিৰুদ্দেশ হৈ

গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত আজি দুপৰীয়া এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শ্ৰীৰামপুৰ চেকগেটৰ নিচেই কাষত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। আজি দুৰ্গন্ধ ওলোৱাৰ পিছত সন্ধান চলাই যোৱাৰ পিছত মৃতদেহটো উদ্ধাৰ কৰা হয়।

বিগত পাঁচ দিন ধৰি মহিলাগৰাকী সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিছিল যদিও সন্ধান পোৱা নাছিল। আজি মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই পৰিয়ালৰ লোকে আহি চিনাক্ত কৰে।

মৃত মহিলাগৰাকীৰ ভাতৃ গৌতম দত্তই মৃত মহিলাগৰাকী তেওঁৰ বাইদেউ অনিতা দত্ত বুলি চিনাক্ত কৰে। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ সদস্যই।

শিমুলটাপু আৰক্ষী চকীৰ পৰা তিনি চাৰিশ মিটাৰ দূৰত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বামী পৰিত্যক্তা মহিলাগৰাকী চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম থানাৰ অন্তৰ্গত পাকৰিগুৰি গাঁৱৰ বাসিন্দা। শিমুলটাপু আৰক্ষী, কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকীক হত্যা কৰি গছৰ পাতেৰে ঢাকি ৰাখিছিল।

ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী

You might also like