নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ যাতায়াত ব্যৱস্থাত যুগান্তকাৰী পৰিৱৰ্তন : আৰম্ভ চিটীবাছ সেৱা

শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দৈনিক যাত্ৰাত এক যোগাত্মক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে এক বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল, দ্ৰুত আৰু জনসাধাৰণৰ বাবে সুবিধাজনক কৰি তুলিবলৈ নতুনকৈ চিটি বাছ সেৱা জিলাখনত মুকলি কৰা হৈছে।

আজি শুভ উদ্বোধনী অনুষ্ঠানত ঐতিহ্যমণ্ডিত নেহৰুবালিৰ বাকৰিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই ফ্লেগ অফ কৰি চিটিবাছসমূহ মুকলি কৰে।

প্ৰাৰম্ভিক পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে মুঠ ৬খন বাছৰ জৰিয়তে ৩টা মুখ্য কৰিডৰত এই সেৱা উপলব্ধ কৰিব। কৰিডৰকেইটা হল-

1️⃣বেবেজীয়া চাৰিআলিৰ পৰা পুৰণিগুদাম

2️⃣পুৰণিগুদামৰ পৰা বেবেজীয়া চাৰিআলি

3️⃣ধিং গেটৰ পৰা কামপুৰ টাউন

4️⃣কামপুৰ টাউনৰ পৰা ধিং গেট

5️⃣ডিমৌ চাৰিআলিৰ পৰা ৰূপহী বজাৰ আৰু

6️⃣ৰূপহী বজাৰৰ পৰা ডিমৌ চাৰিআলি সংযোগী পথত চলাচল কৰিব।

এই চিটিবাছসমূহ প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ যাত্ৰীৰ বাবে মুকলি থাকিব।

ডিজিটেল ডেস্ক, ২৫ ফেব্ৰুৱাৰী

You might also like