নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘গ্রন্থই সমাজক অন্তর্দৃষ্টি প্রদান কৰে’

🔹 গোলাঘাট গ্রন্থমেলা-সাহিত্য সমাৰোহত মুখ্যমন্ত্রী ড০ শৰ্মা

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্রত প্রথমবাৰৰ বাবে আয়োজিত গোলাঘাট গ্রন্থমেলা আৰু সাহিত্য সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে গ্রন্থই সমাজক অন্তর্দৃষ্টি প্রদান কৰে৷ সাহিত্যিকসকলৰ সৃজনশীল চিন্তা–চেতনাই এখন সমাজক আগুৱাই যোৱাৰ দিশত প্রেৰণা যোগায়৷ সাধাৰণ পাঠকৰ চকুত নপৰা একো একোটা মহত্ত্বপূর্ণ কথা সাহিত্যিকসকলে কলাসুলভ দৃষ্টিভংগীৰে গ্রন্থৰ মাধ্যমত নিত্যনতুন ৰূপত প্রকাশ কৰে বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে আৱহমান কালৰে পৰা মানুহে আহৰণ কৰা জ্ঞান আৰু প্রজ্ঞা গ্রন্থৰ মাজত সঞ্চিত হৈ আছে৷ গ্রন্থ হ’ল জীৱন আৰু জগত সম্পর্কে মানুহৰ সর্বপ্রকাৰ অভিজ্ঞতাৰ লিপিবদ্ধ বিৱৰণ ৷ সেইবাবে গ্রন্থই প্রতিটো প্রজন্মৰ মাজত সৃষ্টিশীল মনৰ উন্মেষ সাধন কৰি মানৱীয় প্রমূল্যবোধ আৰু জ্ঞানদীপ্ত সমাজ গঢ়ি তোলাৰ দিশত বিশেষ ভূমিকা পালন কৰি আহিছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে ৷ তেওঁ কয় যে যি মুহূর্তৰ পৰা ভাষাৰ প্রয়োগেৰে মানুহে মনৰ ধাৰণা, আৱেগ আৰু জীৱনৰ অভিজ্ঞতাক শৈল্পিক সুষমা আৰু বৌদ্ধিক চমৎকাৰেৰে ব্যক্ত কৰিবলৈ শিকিলে সেই মুহূর্ততেই বিশ্বত সাহিত্যৰ সৃষ্টি হ’ল৷ গদ্য, কবিতা, নাট, ৰচনা আদি বিভিন্ন আংগিকৰ বিকাশেৰে মানুহে সাহিত্যক আজি এক বিৰাট কলালৈ ৰূপান্তৰ কৰিছে বুলিও তেওঁ কয়৷ এগৰাকী সাহিত্যিকৰ পৰম দায়িত্ব আৰু কর্তব্যই হৈছে গ্রন্থৰ মাধ্যমেদি বৌদ্ধিক উত্তৰণৰ অংশীদাৰ হোৱা ৷ মুখ্যমন্ত্রীয়ে কয় যে নিজৰ সমাজ, ভাষা, শিল্পকলা, সংস্কৃতি, ঐতিহ্যৰ সৈতে আত্মীয়তা গঢ়ি তুলিব নোৱাৰিলে প্রকৃতার্থত সমাজখনক উদ্বুদ্ধ কৰিব পৰা সাহিত্য সৃষ্টি কৰিব নোৱাৰি৷ একবিংশ শতিকাত সাহিত্যৰ লক্ষ্য আৰু উদ্দেশ্য বহু পৰিমাণে সলনি হৈ পৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আধুনিক যুগ হৈছে ঐতিহ্যৰ সৈতে সংপৃক্ত হৈ বিজ্ঞান–প্রযুক্তিৰ আধাৰত ভৱিষ্যতৰ ধ্যান কৰাৰ যুগ ৷ এনে পৰিপ্রেক্ষিতত অসমীয়া সাহিত্যিক আৰু পাঠকসকলে বিশ্ব সাহিত্যৰ প্রতি দৃষ্টি দিয়াৰ প্রয়োজন বুলিও তেওঁ উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমীয়া মানুহৰ মনত স্বাভাৱিকতে এক ধাৰণা আছে যে আমাৰ সাহিত্যই বিশ্ব সাহিত্যৰ লগত ফেৰ মাৰিব নোৱাৰে৷ সেই ধাৰণা শুদ্ধ নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে আঞ্চলিক ভাষাৰ সাহিত্য আৰু সমলসমূহ যে বিশ্ব সাহিত্যৰ সমল হ’ব পাৰে সেই কথা লেটিন আমেৰিকাৰ সাহিত্যিকসকলে প্রমাণ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে বিংশ শতাব্দীৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে বিশ্বৰ পটভূমিত যিবোৰ সাহিত্যৰ সৃষ্টি হৈছে তাক অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লেখকসকলে দায়বদ্ধতাৰে আগুৱাই আহিব লাগিব৷ আনহাতে, অসমৰ জনগোষ্ঠীয় উৎকৃষ্ট সাহিত্যসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যিক আৰু পাঠকসকলে জনগোষ্ঠীয় হূদয়ৰ ভাষাও কাণ পাতি শুনিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে জনগোষ্ঠীয় ভাষা–সাহিত্যৰ মাজত সমাহিত হৈ থকা থলুৱা আৰু পাৰস্পৰিক জ্ঞানৰ প্রসাৰ আৰু প্রচাৰত নিমগ্ন হ’ব নোৱাৰিলে আমাৰ জাতীয় চৰিত্র পৰিপূর্ণ ৰূপত বিকশিত হ’ব নোৱাৰে৷ বিজ্ঞান–প্রযুক্তি, বিভিন্ন বিষয়ৰ কিতাপৰ সৈতে পৰিচয় কৰাই দিব লাগিলে অনুবাদ সাহিত্যৰ বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বিশ্বৰ ভিন্ন প্রান্তত যিবোৰ উৎকৃষ্টমানৰ গ্রন্থ প্রকাশ হৈছে অথবা যিবোৰে নতুন প্রজন্মৰ চিন্তন আৰু মনন জগতক আলোড়িত কৰিছে তেনেবোৰ গ্রন্থ অনুবাদৰ যোগেৰে পাঠক সমাজৰ মাজলৈ লৈ যাবলৈও সাহিত্যিকসকলক আহ্বান জনায় ৷ আধুনিক প্রতিযোগিতাত তিষ্ঠি থাকিবলৈ হ’লে গ্রন্থ অধ্যয়নৰ বিকল্প নাই বুলিও তেওঁ কয়৷ গ্রন্থৰ ইমানবোৰ যোগাত্মক দিশ থকা সত্ত্বেও মানুহৰ মনত কিতাপৰ প্রতি অনুৰাগ কেনেকৈ বঢ়োৱা যায় সি এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্র অৱস্থাতে যদি মানুহৰ মনত কিতাপৰ প্রতি আগ্রহ সৃষ্টি কৰা নহয়, তেন্তে পিছলৈ সেই আগ্রহ সৃষ্টি কৰা সম্ভৱ নহয়৷ পৃথিৱীৰ উন্নত দেশবোৰত মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অবিৰাম চেষ্টা কৰা হয়৷ কিতাপ কিয় পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে সেইবোৰ কথা শিকাবলৈ নানা কিতাপো লিখা হয় বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে আমাৰ শিশুসকলক অধ্যয়নপিপাসু কৰি গঢ়ি তুলিবলৈ হ’লে পিতৃ–মাতৃ তথা অভিভাৱকে গৃহত আৰু শিক্ষকসকলে শিক্ষানুষ্ঠানত অবিৰাম প্রয়াস চলাব লাগিব৷

অভিভাৱক আৰু শিক্ষকসকলক আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে নিজৰ সন্তান আৰু ছাত্রসকলৰ হাতত গ্রন্থ উপহাৰ দিয়াৰ মানসিকতা সৃষ্টি কৰিব লাগিব৷ আমাৰ সাহিত্যিকসকলেও শিশু সাহিত্যৰ ক্ষেত্রখনক আগুৱাই নিয়াৰ বাবে প্রয়াস চলাবলৈও তেওঁ লগতে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে অসমৰ সোণালী ইতিহাস সৃষ্টিত তথা সামাজিক–সাংস্কৃতিক আৰু বৌদ্ধিক জীৱনধাৰা সবল ৰূপত গঢ় দিয়াত গোলাঘাট জিলাই অতীজৰে পৰা এক বিশেষ ভূমিকা গ্রহণ কৰি আহিছে৷ তেওঁ লগতে কয় যে দেশৰ স্বাধীনতা সংগ্রাম, প্রাচীন কীর্তিচিহ্ণসমূহে গোলাঘাট জিলাৰ গৌৰৱোজ্জ্বল ইতিহাসকে সূচায়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ বৌদ্ধিক ক্ষেত্রখনক গোলাঘাট জিলাই প্রচুৰভাৱে সমৃদ্ধ কৰিছে৷ মুখ্যমন্ত্রীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা কেইবাগৰাকী সাহিত্যিকৰ বিষয়েও অৱলোকন কৰে৷ এই জিলাখনৰ বহু লব্ধপ্রতিষ্ঠ সাহিত্যিকে অসমীয়া ভাষা–সাহিত্যৰ জগতলৈ বিশিষ্ট অৱদান যোগাই আহিছে৷ মুখ্যমন্ত্রীয়ে কয় যে অনন্ত কাললৈ অসমীয়া ভাষা–সাহিত্য যাতে সগৌৰৱে জীয়াই থাকে, তাৰ বাবে গ্রন্থ ৰচনাৰ সমান্তৰালভাৱে পঢ়ুৱৈ সৃষ্টিতো সমানে মনোযোগ দিব লাগিব৷ সেই প্রয়াসৰ এক মহৎ ফচল গ্রন্থমেলা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে গোলাঘাট গ্রন্থমেলাই এক শক্তিশালী বৌদ্ধিক চেতনাৰ উন্মেষ সাধন কৰি ৰাজ্যত গ্রন্থ অধ্যয়নৰ উৎকৃষ্ট পৰিৱেশ নির্মাণৰ প্রক্রিয়াত এক নতুন গতি দিব৷ অনুষ্ঠানটোত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্রী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্রী অজন্তা নেওগ, বিধায়ক ক্রমে মৃণাল শইকীয়া, ভবেন ভৰালী, বিশ্বজিৎ ফুকন, গোলাঘাট পৌৰসভাৰ সভানেত্রী দুলুমণি বৰবৰা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি দীপেন দত্ত, গোলাঘাট গ্রন্থমেলা আৰু সাহিত্য সমাৰোহ উদ্যাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ভূঞা প্রমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে পুনর্নির্মিত গোলাঘাট জিলা পুথিভঁৰালৰ প্রেক্ষাগৃহ মুকলি কৰে৷ উল্লেখ্য যে গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত নির্মিত এই পুথিভঁৰালটোত ৫০০জন দর্শক বহিব পৰা ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে৷ অনুষ্ঠানত কৃষি, পশুপালন আদি বিভাগৰ মন্ত্রী অতুল বৰা, বিত্তমন্ত্রী অজন্তা নেওগ, বিধায়কসকল ক্রমে মৃণাল শইকীয়া, ভবেন ভৰালী, বিশ্বজিৎ ফুকন প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like