নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলী সেনাৰ আক্রমণত ১৭৮ পেলেষ্টাইনী নিহত

🔹 যুদ্ধবিৰতি উলংঘনৰ অভিযোগ

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : সপ্তাহজোৰা যুদ্ধবিৰতি হামাছ সন্ত্রাসবাদীয়ে ৰকেট নিক্ষেপ কৰি উলংঘন কৰাৰ অভিযোগেৰে গাজাত প্রচণ্ড আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ গাজাৰ ২০০তকৈ অধিক হামাছ সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি ইজৰাইলী সেনাই চলোৱা বোমাবর্ষণত ১৭৮তকৈ অধিক পেলেষ্টাইনী নিহত হৈছে৷ গাজাৰ স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ কৰা মতে, ইজৰাইলী সেনাই ৰকেট নিক্ষেপেৰে হামাছ সন্ত্রাসবাদীৰ ঘাটি বুলি ভাবি বাসগৃহ আৰু অট্টালিকা বিধ্বস্ত কৰিছে৷ এই ৰকেট নিক্ষেপৰ ফলত ১৭৮তকৈ অধিক লোক নিহত হৈছে৷ মন কৰিবলগীয়া যে গাজাৰ পৰা ইজৰাইললৈ ৰকেট নিক্ষেপ কৰাৰ লগতে লেবাননৰ হিজবুল্লা সন্ত্রাসবাদীয়ে ইজৰাইলৰ সীমান্তত আক্রমণ চলোৱাৰ পৰিপ্রেক্ষিততে ইজৰাইলী সেনাই গাজাত আক্রমণ পুনৰ আৰম্ভ কৰিবলৈ বাধ্য হোৱা বুলি সংবাদ মাধ্যমত প্রকাশ কৰিছে ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে৷ উল্লেখনীয় যে হামাছ সন্ত্রাসবাদীয়ে পণবন্দী কৰি ৰখা ১০০তকৈ অধিক লোকক মুকলি কৰাৰ বিনিময়ত ইজৰাইলে ৩০০ পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিয়াৰ চুক্তিৰে যুদ্ধবিৰতি চুক্তি হৈছিল৷ এই চুক্তি সপ্তাহজোৰা চলাৰ পিছতে হামাছে চুক্তি ভংগ কৰা বুলি অভিযোগ কৰি ইজৰাইলে আক্রমণ চলাইছে৷

You might also like