নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘স্বর্গদেউ চ্যুকাফাই এক মহৎ আদর্শৰে অসমীয়া জাতিটোক নির্মাণ কৰি গ’ল’

🔹 টিংখাঙত কেন্দ্ৰীয় ‘অসম দিৱস’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বার্তা,  ২ ডিচেম্বৰ : ‘অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠা কৰি চাওলুং চ্যুকাফাই যি পথ দেখুৱাই গ’ল, সেই পথত অসমীয়া জাতিয়ে আজি আঠ শতিকা অতিক্রম কৰিছে৷ খিলঞ্জীয়া জনগোষ্ঠীৰ প্রতি মর্যাদা, সংস্কৃতিৰ প্রতি অনুৰাগী স্বর্গদেউ চ্যুকাফাই সকলো জাতি–জনগোষ্ঠীৰ পৰা সমল সংগ্রহ কৰি এক মহৎ আদর্শৰে অসমীয়া জাতি নির্মাণ কৰি গ’ল৷ বিভিন্ন সময়ত অহা প্রত্যাহ্বান অতি বিচক্ষণতাৰে মোকাবিলা কৰি প্রশাসনিক, ৰাজনৈতিক, অর্থনৈতিক দিশত তেওঁ দি যোৱা বৰঙণিয়ে আজি জাতিটোক প্রত্যয়দীপ্তভাৱে আগুৱাই যাবলৈ সাহস আৰু প্রেৰণা যোগাইছে৷ আজি জাতিটোৰ প্রতি বিভিন্ন ভাবুকি আহিছে৷ কিন্তু আঠ শতিকা অতিক্রম কৰা, এক শক্তিশালী সংস্কৃতি আয়ত্ত কৰা, এটা শক্তিশালী ভাষাৰ অধিকাৰী প্রায় তিনি কোটি জনসংখ্যাৰ অসমীয়া জাতিৰ মৃত্যু নাই৷ এনে এটা জাতি হিচাপে যুগমীয়া হৈ জীয়াই থকাৰ আজি আমি সংকল্প ল’ব লাগিব৷’- আজি ডিব্রুগড জিলাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত, ডিব্রুগড জিলা প্রশাসনৰ সহযোগত আৰু বৃহত্তৰ টিংখাংবাসীৰ আতিথ্যত অনুষ্ঠিত অসম দিৱস (চ্যু–কা–ফা দিৱস)ত মুখ্য অতিথি হিচাপে ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷

মুখ্যমন্ত্রীয়ে কয় যে ত্রয়োদশ শতিকাৰ আৰম্ভণিতে স্বর্গদেউ চাওলুং চ্যুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ অসম আগমনে এই ভূখণ্ডৰ সামাজিক–সাংস্কৃতিক আৰু বৌদ্ধিক আদি সকলো দিশতে এক বৈপ্লৱিক পৰিৱর্তনৰ সূচনা কৰিছিল৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে নৃগোষ্ঠীসমূহক আস্থাত লৈ ৰাজকীয় শাসন ব্যৱস্থাৰ সূচনা কৰি চ্যুকাফাই শাসন প্রণালী, ৰাজনৈতিক দর্শন আৰু জাতিগঠন প্রক্রিয়াক এক বিশাল পৰিসৰেৰে সামৰি লোৱাৰ ফলত এই ভূখণ্ডৰ ভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাতাৱৰণ গঢ়ি উঠিছিল৷ কৃষি ক্ষেত্রলৈ চ্যুকাফাৰ মহান অৱদান আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে স্থায়ী কৃষিকার্য আৰু বসবাসৰ বাবে ভূমি নির্বাচন কৰোঁতে কেনেবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগিব, সেই সম্পর্কে স্বর্গদেউ চ্যুকাফা গভীৰ জ্ঞানেৰে চহকী আছিল৷ চ্যুকাফাই পূব অসমৰ গ্রাম্য জীৱনৰ স্বৰূপ সলনি কৰি পেলালে আৰু জনসাধাৰণক এনে এক সৰল জীৱিকাৰ পদ্ধতি প্রদান কৰিলে, যি এক সমৃদ্ধিশালী অসমৰ বাট মোকলাই দিলে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে কৃষিৰ উপৰি চ্যুকাফাৰ আন এক অৱদান আছিল ৰেচম শিল্পত৷ চ্যুকাফাৰ দিনৰ পৰাই অসমীয়া ৰেচম, মুগা আৰু পাট প্রস্তুত কৰাৰ এটা সমৃদ্ধিশালী পৰিৱেশ অসমত গঢ় লৈ উঠিল আৰু ই এনেদৰে গঢ় লৈ উঠিল যে আহোম ৰাজত্বৰ কালছোৱাত অসমীয়া মানুহে বাহিৰৰ পৰা সাজ–পোছাক আমদানি কৰাৰ প্রয়োজন হোৱা নাছিল বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন জাতি–জনগোষ্ঠীক লৈ মহামিলনৰ এক পৰিৱেশ গঢ়াৰ বাবে চ্যুকাফাই দি যোৱা অৱদানেৰে আজি অসমীয়া জাতি সমৃদ্ধ হৈ উঠিছে৷ আহোমসকলৰ পৰাই এই ৰাজ্যৰ অধিবাসী, তেওঁলোকৰ ভাষা আৰু সংস্কৃতি এই সকলোবোৰ অসমীয়া নামেৰে পৰিচিত হ’ল৷ ৰাজনৈতিক পৰিপক্বতাৰে নিজৰ শাসনৰ সীমা কৰতোৱা গংগালৈকে বঢ়াই লোৱা আহোম স্বর্গদেউসকলৰ শাসনে অসমীয়া মানুহৰ ইতিহাস ৰচনাত বর্মন বংশৰ পিছতে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি গৈছে৷ আহোম স্বর্গদেউসকলৰ দূৰদর্শী চিন্তাধাৰা আৰু প্রজাবৎসল চেতনাই এই ভূখণ্ডত এক নতুন প্রশাসনিক ধাৰণাৰ উন্মেষ ঘটাইছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আহোম শাসন ব্যৱস্থাটোৰ মর্ম মূলতঃ আছিল প্রজা আৰু তাৰ মাজত উন্মেষ হৈছিল গণতান্ত্রিক ব্যৱস্থাৰ৷ তেওঁ লগতে কয় যে মোমাই তামুলী বৰবৰুৱাই গ্রহণ কৰা নীতিয়ে কেৱল শাসন ব্যৱস্থাকেই নহয়, তৃণমূল পর্যায়ত অর্থনীতিৰ এক নতুন ভেটি নির্মাণ কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষৰ দুশ বছৰত স্থাপত্য কলাৰ জৰিয়তে অসমৰ সমাজ জীৱনে এক আয়তন লাভ কৰিছিল৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে মহান স্বর্গদেউসকলে শক্তিশালী কৰা বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি আৰু ঐতিহ্যক বিশ্ব মানচিত্রত সবলভাৱে প্রতিষ্ঠা কৰিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে৷ তেওঁ লগতে কয় যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্র মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামে ইউনেস্ক’ সচিবালয়ৰ সকলো কাৰিকৰী প্রয়োজনীয়তা পূৰ কৰিছে৷ ইতিমধ্যে ইউনেস্ক’ৰ প্রতিনিধিয়ে চৰাইদেউ মৈদাম পৰিদর্শন কৰিছে৷ যাৰ লগে লগে অসমৰ ঐতিহ্য আৰু সংস্কৃতিক এক উচ্চ স্তৰত প্রতিষ্ঠা কৰাৰ দিশত ৰাজ্য চৰকাৰৰ প্রচেষ্টাই এক সার্থক ৰূপ লাভ কৰিছে বুলিও তেওঁ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বিহুৱে গীনিজ ৱর্ল্ড ৰেকর্ড প্রতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে৷

মুখ্যমন্ত্রীয়ে কয় যে আহোম স্থাপত্য কলাৰ অপূর্ব চানেকি ৰংঘৰৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে ১২৪ কোটি টকা ব্যয়েৰে এটা প্রকল্প ৰূপায়ণৰ পদক্ষেপ লৈছে৷ এই প্রকল্পত আহোম ৰাজত্বৰ ইতিহাস প্রদর্শনৰ বাবে এক বিশাল জলাশয়ৰ চাৰিওফালে নির্মাণ কৰা ফাউণ্টেইন–শ্ব’, দুঃসাহসিক নৌকা বিহাৰ, স্থানীয় হস্তশিল্পৰ প্রচাৰৰ বাবে বিপণী, খাদ্যপ্রেমীসকলৰ বাবে বিভিন্ন জনজাতীয় খাদ্যসম্ভাৰ সন্নিৱিষ্ট থাকিব৷ আনহাতে, কেইবাহাজাৰ লোকে অংশগ্রহণ কৰা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই সাতৰাজ মাৰি একৰাজ কৰা স্বর্গদেউ চাওলুং চ্যুকাফাৰ বৰ অসম গঢ় দিয়াৰ মহান ভূমিকাৰ কথা স্মৰণ কৰে৷ ইয়াৰ উপৰি চাওলুং চ্যুকাফাৰ লগতে মহাবীৰ লাচিত বৰফুকনৰ অমৰগাথা বিশ্ব দৰবাৰলৈ আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে৷ ভাষণ প্রসংগত শিক্ষা সংস্কৃতিৰ প্রসাৰৰ মাজেৰে জাতিটোক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব লাগিব বুলি মত প্রকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ আনহাতে, যোৰহাটত সুউচ্চ লাচিত বৰফুকনৰ প্রতিমূর্তি অহা ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভ উদ্বোধন কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্রীয়ে৷ লগতে ২০২৫ৰ ৭ এপ্রিলত ২৫ হাজাৰ বিহুৱা–বিহুৱতীয়ে দিল্লীত বিহু প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ কথাও অৱগত কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীয়ে অসম দিৱসৰ লগত সংগতি ৰাখি প্রকাশ কৰা এখন স্মৃতিগ্রন্থ উন্মোচন কৰাৰ লগতে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰে৷ আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্রমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শ্রম আৰু নিয়োগ আদি বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, শ্রম আৰু নিয়োগ, পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়কসকল ক্রমে প্রশান্ত ফুকন, তৰংগ গগৈ, চক্রধৰ গগৈ, তেৰছ গোৱালা, বিনোদ হাজৰিকা, ধর্মেশ্বৰ কোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্রমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰক কৃষ্ণ গগৈ

You might also like