গুপ্তহত্যাৰ পুনৰাবৃত্তি নেকি ? নিশা শোৱাপাটীৰ পৰা সেনা-আৰক্ষীয়ে উঠাই নিয়া জয়ন্তৰ মৃত্যু হ’ল কেনেকৈ ?
- গুপ্তহত্যাৰ পুনৰাবৃত্তি নেকি ?
- নিশা শোৱাপাটীৰ পৰা সেনা-আৰক্ষীয়ে উঠাই নিয়া জয়ন্তৰ মৃত্যু হ’ল কেনেকৈ ?
- উতপ্ত বৰহোলা
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ সেনাৰ বৰ্বৰতাৰ এক চাঞ্চল্যকৰ ঘটনাই আজি জোকাৰি গৈছে তিতাবৰ সীমান্তৰ বালিজান অঞ্চল। মাজনিশা এজন যুৱকক শোৱাপাটীৰ পৰা উঠাই নি সেনাই হত্যা কৰাৰ এক গুৰুত্বৰ অভিযোগত অঞ্চলটোৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে। সমান্তৰালকৈ গুপ্তহত্যাৰ পুনৰাবৃত্তি হোৱাৰ এক আশংকাই আতংকিত কৰি তুলিছে বৃহত্তৰ এলেকাটোৰ গঞা ৰাইজক।
জানিব পৰা মতে তিতাবৰ মহকুমাৰ একেবাৰে অসম-নগালেণ্ড সীমান্তত অৱস্থিত বালিজান গাভৰু আলিৰ ১৫ নং ব্লকৰ প্ৰাক্তন সেনা বিষয়া প্ৰয়াত হেম বৰাৰ একমাত্ৰ পুত্ৰ জয়ন্ত বৰাৰ বাসগৃহত কালি মাজনিশা অবৈধ মৰণাস্ত্ৰ ৰখাৰ সন্দেহত চৰাইদেউৰ পৰা অহা আৰ্মীৰ এটা দলে তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ সহযোগত অভিযান চলাইছিল।
কিন্তু কোনো ধৰণৰ মাৰনাস্ত্ৰ পাবলৈ সক্ষম নোহোৱা দলটোৱে বলপূৰ্বকভাবে জয়ন্ত বৰাক উঠাই লৈ গৈছিল। মাক আৰু আইতাকৰ সৈতে বাস কৰা জয়ন্তক সেনাই লৈ যোৱাৰ লগে লগে গাঁওখনত এক হাহাকাৰ পৰিস্থিৰ সৃষ্টি হৈছিল। আৰু আজি পুৱা আহিছিল বৃহত্তৰ অঞ্চলটোক জোকাৰি যোৱা জয়ন্তৰ ৰহস্যজনক মৃত্যুৰ খবৰটো। পৰিয়ালৰ সূত্ৰই অৱগত কৰা মতে সামৰিক পোছাক পৰিহৃত কেইবাজনীয়া সেনাৰ দলটো স্থানীয় আৰক্ষীকলৈ মাজনিশা তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছিল।

কিছু দূৰতে গাড়ী ৰখাই খোজেৰে আহি প্ৰথমতে তেওঁলোকৰ ঘৰটো ঘেৰাও কৰে। দলটোৰ এজন আৰক্ষীয়ে অসমীয়াতে জয়ন্ত বৰাক বিচৰাৰ লগতে অবৈধ মাৰণাস্ত্ৰৰ সন্দেহত তালাচী চলোৱাৰ কথা ব্যক্ত কৰিছিল। পিছ মুহূৰ্ততে তিনিখন কাগজত চহী কৰাই জয়ন্তক উঠাই লৈ গৈছিল সেনাৰ দলটোৱে। কিন্তু নিশা কলৈ আৰু কি কাৰণত জয়ন্তক লৈ যোৱা হৈছিল তাৰ কোনো তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই।
ইফালে আজি পুৱা জয়ন্ত বৰাৰ শাৰীৰিক অৱস্থা অতি গুৰুত্বৰ বুলি কৈ সেনাই বৰহোলা আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে তাততৈয়াকৈ উন্নত চিকিৎসাৰ অজুহাতত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল জয়ন্তক। কিন্তু জয়ন্তৰ মাতৃয়ে বাৰে বাৰে সোধাৰ পিছতো মৃত্যু হোৱাৰ কথা আৰক্ষীয়ে গোপন কৰিব বিচৰাৰ অভিযোগ উঠিছে।
