বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাতনাপাইতী চৰত যোৱানিশা আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়| গোপন খবৰৰ ভিত্তিত আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত ভাতনাপাইতীৰ এঘৰত অভিযান চলাই চাৰি কেজি আঢ়ৈশ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে নুৰ আলম নামৰ এগৰাকী ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে | ধৃত নুৰ আলম নামৰ গাঞ্জা ব্যৱসায়ীজনে দীর্ঘদিনৰ পৰা অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ মাৰ্চ :