নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ আন্দোলন কৰা অধিকাংশই বিজেপিৰ কৰ্মকৰ্তা : যোগেন মহন 

যোগাত্মক কৰ্মৰাজিৰে সমষ্টিত জনপ্ৰিয় হৈ পৰিছে মন্ত্ৰী মহন 
বিশেষ বাৰ্তা, ৫ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে অসম ‘কা’ আইন প্ৰযোজ্য কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতেই ৰাজ্যখনৰ জাতীয়তাবাদী দল সংগঠনসমূহ জাঙুৰ খাই উঠিছে। অসমত ‘কা’ আইনখন প্ৰযোজ্য কৰিলে পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰাত চৰকাৰে প্ৰতিবাদী সংগঠনসমূহৰ দৃঢ় স্থিতিৰে চৰকাৰক হংকাৰ দিয়াৰ মাজতে ৰাজহ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ‘কা’ আইন সম্পৰ্কত তাৎপৰ্য্য মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত সদৰী কৰা মতে আগন্তুক লোকসভাৰ নিৰ্বাচনত ‘কা’ আন্দোলনে বিশেষ প্ৰভাৱ নেপেলাই, কিয়নো ‘কা’ আন্দোলনৰ গুৰিবঠা ধৰা অধিকাংশ জাতীয়তাবাদী নেতা আজি বিজেপিৰ কৰ্মকতা ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে। সেই দিশলৈ চালে  ‘কা ‘ আন্দোলনে কি প্ৰভাৱ পেলাব অনুমান কৰিব পাৰি বুলি উল্লেখ কৰা মন্ত্ৰীগৰাকীয়ে পুনৰ দাবী কৰি কয় যে লোকসভাত আমাৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত। কেৱল যোৰহাট লোকসভাই নহয় ১৪টাৰ ভিতৰত ১১টা সমষ্টিত একক গৰিষ্ঠসংখ্যক ৰূপে আমাৰ প্ৰাৰ্থীয়েই জয়ী হব। আমাৰ চৰকাৰৰ উন্নয়নমুখী আচঁনিয়ে সকলো শ্ৰেণী জনসাধাৰণক চুইছে। গতিকে আমাৰ চৰকাৰৰ আচঁনিয়ে আমাৰ চৰকাৰৰ পক্ষত জনসাধাৰণে ৰায়দান কৰি পুনৰ বিজেপি চৰকাৰ গঠনত সহযোগ আগবঢ়াব বুলি দৃঢ়তাৰে দাবী কৰা ৰাজহমন্ত্ৰীগৰাকীয়ে কয় বিগত দীৰ্ঘসময় ধৰি ৰাজ্যত কংগ্ৰেছে শাসন কৰাৰ পিছতো প্ৰধানকৈ চাহ বাগিচাৰ শ্ৰমিক সকলৰ সামাজিক, শৈক্ষিক, সংস্কৃতিক ক্ষেত্ৰত একো নকৰিলে। কেৱল ভোট বেংক ৰূপে চাহ শ্ৰমিকক ব্যৱহাৰ কৰি অহা কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছে চাহ শ্ৰমিকৰ। আমাৰ চৰকাৰে চাহ শ্ৰমিক সকল উপকৃত হোৱাকৈ বহুকেইটা আচঁনি গ্ৰহণ কৰি সমাজ খনৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত আত্মবিশ্বাসৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তুলিছে। এখন প্ৰাথমিক বিদ্যালয়ৰে বছৰ বছৰ ধৰি চলি থকা চাহ বাগিচাত আদৰ্শ বিদ্যালয়, আদৰ্শ অংগবাড়ী বিদ্যালয়, স্থাপন কৰাৰ লগতে জগন্নাথ মন্দিৰ আৰু দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰি সমাজখনলৈ নতুনত্ব পৰিবেশ সৃষ্টি কৰি গোলামী  মানসিকতাক সমুলঞ্চে শেষ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপে চাহ শ্ৰমিকসকলক মানসিকতা লৈ পৰিবৰ্তন আনিছে। সেইবাবে মাহমৰা সমষ্টিৰ প্ৰায়কেইখন চাহ বাগিচাত বিজেপিৰ ভেটি পূৰ্বতকৈ অধিক মজবুত হৈছে। মোৰ বিৰুদ্ধে বিৰোধীয়ে বহু সময়ত বহু ধৰণৰ অপপ্ৰচাৰ চলালেও মোৰ যোগাত্মক চিন্তাৰে সমষ্টিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাত সমষ্টিবাদী উপকৃত হৈছে। সমষ্টিত বিৰোধী আছে কিন্তু বিৰোধীৰ নামত কেইগৰাকীমান ব্যক্তিয়ে বিৰোধীৰ অস্তিত্বক জীয়াই ৰাখিছে। মই ২০২৬ চনত সমষ্টিক বিৰোধীশূন্য কৰাৰ লক্ষ্যৰে আগবাঢ়িছো।
প্ৰেৰক দীপাংকৰ পাল
You might also like