নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপথাৰত শীঘ্ৰেই চলিব চিএনজি পৰিবাহী বাছ : বিধায়ক বিশ্বজিৎ ফুকন

সৰুপথাৰত ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছ যোগান প্ৰকল্প উদ্বোধন
প্ৰধানমন্ত্ৰীৰ সপোনৰ স্বচ্ছ ভাৰত গঢ়াত প্ৰাকৃতিক গেছে যথেষ্ট সহায় কৰিব : সাংসদ কামাখ্যাপ্ৰসাদ তাছা
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : অসম চৰকাৰৰ বৃহৎ উদ্যোগিক প্ৰতিষ্ঠান অসম গেছ কোম্পানীয়ে আজি গোলাঘাট জিলাৰ সৰুপথাৰত ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছ যোগান ধৰা এক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে আজি সৰুপথাৰ নগৰ অঞ্চলৰ বহু সংখ্যক লোকে প্ৰাকৃতিক গেছৰ সুবিধা লাভৰ অৰ্থে অসম গেছ কোম্পানীৰ অধীনত নিজৰ নিজৰ ঘৰুৱা গেছ সংযোগৰ বাবে পঞ্জীয়ণ কৰে। পাইপযোগে ৰন্ধন গেছ যোগানৰ সুবিধা আৰু সজাগতাৰ বাবে আজি সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত অসম গেছ কোম্পানীয়ে দিনৰ ১২ বজাৰ পৰা আয়োজন কৰা এক অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কয় যে অচিৰেই সৰুপথাৰ অঞ্চলৰ প্ৰত্যেকগৰাকী গৃহিনীয়ে তেওঁলোকৰ আপোন পাকঘৰটোত অসম গেছ কোম্পানীৰ জৰিয়তে পাইপযোগে প্ৰাকৃতিক ৰন্ধন গেছৰ সুবিধা লাভ কৰিব। লগতে তেওঁ কয় এই প্ৰাকৃতিক ৰন্ধন গেছ প্ৰত্যেকৰ ঘৰত ২৪ ঘণ্টাই উপলব্ধ হোৱাৰ লগতে এই গেছ অতি সুৰক্ষিত আৰু মিতব্যয়ী হ’ব। ইয়াৰ উপৰি তেওঁ কয় যে এই গেছ সংযোগ কৰিলে প্ৰত্যক ঘৰ মানুহেই মাহেকত কমেও চাৰিশ টকা ৰাহি কৰিব পাৰিব। বিশেষকৈ বিধায়ক বিশ্বজিৎ ফুকনে তেওঁৰ এক গুৰুত্বপূৰ্ণ মন্ত্যবত কয় যে অচিৰেই সৰুপথাৰৰ ৰাজ পথত এ এছ টি চিৰ অধীনত  কমেও তিনিখন  চি এন জি চালিত বাছৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বিধায়কগৰাকীয়ে আজিৰ সভাত সৰুপথাৰৰ দৰে অঞ্চলত অসম গেছ কোম্পানীয়ে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কোম্পানীৰ অধ্যক্ষ বলীন চেতীয়া আৰু পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰীক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে এই অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ক্লিন ইণ্ডিয়া গঢ়াৰ সপোন সেই সপোন ৰূপায়নত অসম গেছ কোম্পানীৰ ঘৰে ঘৰে এই প্ৰাকৃতিক গেছ যোগানৰ আঁচনিয়ে বহু পৰিমাণে সহায় কৰিব। লগতে তেওঁ অনাগত সময়ত প্ৰধান মন্ত্ৰীৰ ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছ  যোগানৰ যি লক্ষ্য সেইয়া অসম গেছ কোম্পানীৰ পদক্ষেপে যথেষ্টখিনি ফলপ্ৰসূ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানটিৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। অসম গেছ কোম্পানীৰ চি জি ডি বিভাগৰ মুখ্য প্ৰবন্ধক ৰিপুঞ্জয় ফুকনে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত গেছ কোম্পানীৰ বৰ্ড সঞ্চালক ধীৰেন সন্দিকৈ আৰু মহা প্ৰবন্ধক(প্ৰজেক্ট) অভিজিত বৰুৱাই প্ৰাকৃতিক গেছৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। অসম গেছ কোম্পানীৰ শিৱসাগৰ গেছ গ্ৰীডৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত সৰুপথাৰ পৌৰসভাৰ পৌৰ পতি উষা আগৰৱালা ,বৰপথাৰ পৌৰ সভাৰ পৌৰ পতি সঞ্জীৱ বৰুৱা,সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া মনোজ কুমাৰ দলে,অসম গেছ কোম্পানীৰ মুখ্য প্ৰবন্ধক (প্ৰজেক্ট) মনোজ বৰদলৈ, জনসংযোগ বিভাগৰ সহকাৰী প্ৰবন্ধক প্ৰেৰণা বৰদলৈ, গোলাঘাট গেছ গ্ৰীডৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ গগৈৰ লগতে সৰুপথাৰ অঞ্চলৰ বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে।
প্ৰেৰক মাখমুদ আলী
You might also like