নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত নির্বাচনী প্ৰচাৰ ডিব্রুগড়ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা,ডিব্রুগড়,২ এপ্রিলঃ কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্রার্থী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজান বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত আয়োজিত নির্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। শান্তি চাহ বাগিচা খেলপথাৰ, ৰজাআলি চাহ বাগিচা খেলপথাৰ, যুগল খেলপথাৰ, ডিৰিয়াল চাহ বাগিচা খেলপথাৰ, ভাৰতীয় জনতা পাৰ্টিৰ নাওহলীয়াৰ কাৰ্যালয়ত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তাসকলে আৰু স্থানীয় ৰাইজে। আগন্তুক লোকসভা নিৰ্বাচনৰ গুৰুত্ব সম্পর্কে বক্তব্য ৰাখি সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতবৰ্ষ গণতন্ত্ৰৰ জন্মদাতা দেশ। প্রাচীন কালৰ পৰা সমৃদ্ধিশালী আমাৰ দেশখন বিশ্বত আজি এক উল্লেখযোগ্য স্থানত উপনীত হৈছে।প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা পাঁচ বছৰৰ ভিতৰত ভাৰতক পৃথিৱীৰ তিনিখন শ্রেষ্ঠ ৰাষ্ট্ৰৰ এখন কৰিবলৈ সংকল্প লৈছে। তাৰ বাবে ভাৰতৰ প্ৰতিখন ৰাজ্য শক্তিশালী হ’ব লাগিব। আমাৰ ৰাজ্যখনে যাতে এই ক্ষেত্রত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে, তাৰ বাবে আমি পুনৰবাৰ ন উদ্যমেৰে সাজু হ’ব লাগিব।কংগ্ৰেছৰ অকর্মণ্যতাৰ সন্দৰ্ভত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- “কংগ্ৰেছ চৰকাৰে মুখেৰে বৰ বৰ কথা কৈ ভাল পায়। কিন্তু তথ্যভিত্তিকভাৱে চালে কংগ্ৰেছৰ ৬০ বছৰীয়া বিফলতাৰ ইতিহাস জলজল-পটপটকৈ চকুত পৰে। উদাহৰণৰ তালিকাখন বহু দীঘলীয়া। অসমীয়া জাতিয়ে আন্দোলনৰ ফলত পোৱা শোধনাগাৰকেইটাৰ উৎপাদনশীলতা হ্রাস পাই মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল। মই মুখ্যমন্ত্রী হৈ থাকোঁতে প্ৰধানমন্ত্ৰী মোদীক এই বিষয়ে অৱগত কৰোৱাত তেখেতে তাৎক্ষণিকভারে ৪৫,০০০ কোটি টকা মোকলাই দিছিল। যাৰ ফলশ্ৰুতিত আজি নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা ৩ মিলিয়ন টনৰ পৰা ৯ মিলিয়ন টনলৈ বৃদ্ধি পালে। ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৯ মিলিয়ন টনৰ পৰা ১ মিলিয়ন টনলৈ বৃদ্ধি পালে। বঙাইগাঁও শোধনাগাৰৰ ২.৫ মিলিয়ন টনৰ পৰা ৫ মিলিয়ন টনলৈ বৃদ্ধি পালে। গুৱাহাটী শোধনাগাৰৰ উৎপাদন ১.৫ মিলিয়ন টনলৈ বৃদ্ধি পালে। ন্যূনতম সমৰ্থিত মূল্যৰ সমস্যাত ভুগি থকা আমাৰ কৃষক ৰাইজে এতিয়া সকাহ পাইছে। তেওঁলোকৰ সমস্যাৰ উপলব্ধি কৰি আমাৰ চৰকাৰে ন্যূনতম সমর্থিত মূল্য পূৰ্বৰ ৮০০ টকাৰ পৰা ২১০০ টকালৈ বৃদ্ধি কৰিলে। পিএম কিষাণৰ অধীনত খেতিয়ক ৰাইজক বছৰেকত ৬,০০০ টকাৰ আৰ্থিক সাহায্য দিয়া হয়। কংগ্ৰেছৰ দিনৰ ৬ খনৰ পৰিৱৰ্তে মোদী চৰকাৰৰ দিনত অসমত ২৪ খন মেডিকেল কলেজ প্রতিষ্ঠা কৰা হ’ল। আজি এইমছ আৰু ১৮ খনকৈ কেঞ্চাৰ চিকিৎসালয় অসমৰ মাটিত প্ৰতিষ্ঠা কৰা হ’ল। বগীবিলৰ অসম্পূৰ্ণ দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ পূৰ্বৰ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আমাৰ এটা অনুৰোধতে ৩৫০ কোটি টকা মোকলাই দিছিল। বগীবিলকে ধৰি ধলা-শদিয়া দলং, শৰাইঘাটৰ দ্বিতীয় দলং অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল। বর্তমান আৰু ৫ খন দলঙৰ নিৰ্মাণকাৰ্য পূর্ণগতিত চলি আছে। মোদী চৰকাৰে ‘এক্ট ইষ্ট’ নীতিৰ আধাৰত অসমত ২৭,০০০ কোটি টকা বিনিয়োগেৰে ছেমি কণ্ডাক্টৰ নির্মাণ প্রকল্প স্থাপন কৰি ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ পুনৰুজ্জীৱিতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক জীয়াই থাকোঁতে কংগ্ৰেছ চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে অভিহিত কৰিব নোৱাৰিলে। কিন্তু মই মুখ্যমন্ত্রী হৈ থকা কালছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা এবাৰৰ অনুৰোধতে তেখেতে সেই মহান সন্মান ভূপেনদাক আগবঢ়ালে। এয়া অসমৰ সাংস্কৃতিক জগতলৈ বিজেপি চৰকাৰৰ এক বিশেষ অৱদান। ইয়াৰোপৰি ভাষা-সাহিত্যৰ সুৰক্ষাৰ বাবে আমি ‘ভাষা গৌৰৱ আঁচনি’ৰ জৰিয়তে প্ৰতিখন সাহিত্য সভাক এককালীন সাহায্য প্রদান কৰিছিলোঁ। অসমৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান নামঘৰ-সত্ৰসমূহক অবৈধ প্রব্রজনকাৰীৰ কৱলৰ পৰা আমি বেদখলমুক্ত কৰিছোঁ। খিলঞ্জীয়া ভূমিহীন ৰাইজক ভূমিপট্টা প্রদান কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এয়া মোৰ জাতিৰ প্রতি প্রেম নহয় যদি আৰু কি?—-সোণোৱালে কয়। দুলীয়াজান বিধানসভা সমষ্টিত কেইবাখনো সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰচ গোৱালাই।

প্ৰেৰক বিভাস দুৱৰা

You might also like