নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিৰোধী ঐক্যমঞ্চৰ লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ ডিব্ৰুগড়ৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গৰুধৰীয়া পঞ্চায়তৰ মধুপুৰ বজাৰ প্ৰেক্ষাগৃহত খোৱাং ব্লক কংগ্ৰেছৰ সভাপতি বিজু দুৱাৰাৰ সভাপতিত্বত আজি অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত সভাত গৰুধৰীয়াবাসী ৰাইজৰ স্বতস্ফুৰ্তভাৱে হোৱা বিপুল উপস্থিতি, মৰম আদৰে দলক আহ্লাদিত কৰাৰ লগতে কৰ্মী সকলৰ মনৰ দুগুণ উৎসাহ বৃদ্ধি কৰে।উক্ত সভাত লুৰিণজ্যোতি গগৈৰ লগত সংগ প্ৰদান কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জল ঘাটোৱাৰ, ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ সভাপতি দীপ দুৱৰা, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, অজাপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ চাংমাই আদিয়ে। আনহাতে খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং চাৰিআলিত অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে ৰাইজৰ লগত আলাপ আলোচনাত মিলিত হয়। উক্ত সভাত ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি সম্পাদক ক্ৰমে দেৱৰঞ্জন গগৈ আৰু ৰাজকুমাৰ নীলনেত্ৰ নেওগ, খোৱাং সমষ্টি কংগ্ৰেছৰ সভাপতি বিজু দুৱৰা, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কোবিন্দ চেতিয়া ফুকন, খোৱাং সমষ্টিৰ অজাপৰ সভাপতি তৰুণ ফুকন, ধেমাজি জিলা অজাপৰ সভাপতি নৰেন পাও, অজাপৰ উপ সভাপতি ক্ৰমে অনুপ ফুকন আৰু উৎপল শৰ্মা, ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈ, ৰাইজৰ দলৰ উপ সভাপতি হিৰণ্য বৰপাত্ৰ গোহাঁই আদি উপস্থিত থাকে। লুৰিণে খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত হালধিবাৰী পঞ্চায়ততো ৰাইজৰ বিপুল সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত সভাত হালধিবাৰী পঞ্চায়তৰ কেইবাজনো যুৱকে অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, খোৱাং সমষ্টি কংগ্ৰেছৰ সভাপতি বিজু দুৱৰা, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কোবিন্দ চেতিয়া ফুকন, খোৱাং সমষ্টিৰ অজাপৰ সভাপতি তৰুণ ফুকন, ধেমাজি জিলা অজাপৰ সভাপতি নৰেন পাও, অজাপৰ উপ সভাপতি ক্ৰমে অনুপ ফুকন আৰু উৎপল শৰ্মা, ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈ, ৰাইজৰ দলৰ উপ সভাপতি হিৰণ্য বৰপাত্ৰ গোহাঁই, হালধিবাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি নিধিৰাম দিহিঙ্গীয়া আদিয়ে উপস্থিত থাকি উক্ত সভাত সংগ প্ৰদান কৰে। প্ৰতিকুল বতৰকো নেওচি ৰাইজে নতুন চিন্তাৰ পোষকতাৰে উপস্থিত থকা খোৱাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং দিখাৰী মৰাণ গাঁৱত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণে। টিলিকী আমগুৰি গাঁৱৰ বৰনামঘৰত উপস্থিত হৈ লুৰিণজ্যোতি গগৈয়ে বাপ বৈষ্ণৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি খোৱাং বিধান সভা সমষ্টিৰ বৰবৰুৱা পঞ্চায়তৰ এখন নিৰ্বাচনী প্ৰচাৰ প্ৰচাৰ সভাত উপস্থিত থকাৰ লগতে বৰবৰুৱাৰ শোভাচুকত নিবাচনী প্ৰচাৰ চলায়।

প্ৰেৰক বিভাস দুৱৰা

You might also like