নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ আর্হিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন

নিয়মীয়া বাৰ্তা ২৩ জুনঃ আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূডান্ত বর্ষৰ পৰীক্ষার্থীসকলৰ মূল্যায়ন কিদৰে কৰা হ’ব, সেই সন্দর্ভত মঙলবাৰে শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হয় প্রথমখন গুৰুত্বপূর্ণ বৈঠক৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৯জনীয়া মূল্যায়ন কমিটীৰ অধ্যক্ষ দীপক কুমাৰ শর্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় প্রথমখন বৈঠক৷ এই বৈঠকতে মূল্যায়ন কমিটীয়ে গ্রহণ কৰে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হয় বৈঠকখন৷ এই বৈঠকৰ অন্তত কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী বিষয়ৰ মূল্যায়ন সুকীয়াকৈ কৰা হ’ব বুলি উল্লেখ কৰে মূল্যায়ন কমিটীয়ে৷ লগতে এইবাৰ পৰীক্ষার্থীসকলক চি বি এছ ই আৰু আন আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিত অসমতো মূল্যায়ন কৰা হ’ব বুলি মন্তব্য কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষ দীপক কুমাৰ শর্মাই৷

অৱশ্যে এতিয়াও কিছু আলোচনাৰ প্রয়োজন আছে বুলিও মন্তব্য কৰে মূল্যায়ন কমিটীৰ অধ্যক্ষগৰাকীয়ে৷ আনহাতে চৰকাৰে নির্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰতে ৯জনীয়া কমিটীয়ে দাখিল কৰিব মূল্যায়নৰ পদ্ধতি৷ পৰীক্ষার্থীৰ যোগ্যতাৰ ভিত্তিত এইবাৰ মূল্যায়ন কৰা হ’ব বুলি স্পষ্ট কৰে অধ্যক্ষ দীপক কুমাৰ শর্মাই৷ যাৰ বাবে ছাত্র–ছাত্রীসকলক হতাশ নহ’বলৈ আহ্বান জনায় মূল্যায়ন কমিটীয়ে৷ এইক্ষেত্রত অভিভাৱকসকলৰো বহু দায়িত্ব আছে বুলি মন্তব্য দিয়ে কমিটীয়ে৷ উল্লেখ্য যে আজিৰ এই প্রথমখন বৈঠকত উপস্থিত থাকে বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ দীপক কুমাৰ শর্মা, শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষা বিভাগৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ এছ এন বর্মন, নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ এছ বৰকটকী, ধুবুৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্রিছ আলী, ৰতন পাল, দীপিকা চৌধুৰী, শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্র চুতীয়া৷

You might also like