নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালী বিহু উপলক্ষে উজনি-নামনি সৰ্বত্ৰ বিধৌত অসমীয়া

ভোগ-ৰসৰ সম্ভাৰেৰে অসমীয়াই পালন কৰিছে। আজি অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। পুহ মাহৰ অন্তত হাড় কঁপোৱা জাৰত আজি কাহিলিপুৱাতেই মেজি জ্বলাই অগ্নিদেৱতাক সেৱা জনালে অসমীয়াই। ৰীতি অনুসৰি মাঘ বিহুৰ দিনা পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালে অসমীয়াই।

মেজিৰ জুইত চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ, পিঠা-পনা আদি নৈবদ্য আগবঢ়াই সূৰ্যদেৱতা আৰু অগ্নিদেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি, অপায়-অমংগল দহি পেলাই সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে অসমীয়াই। লগতে দুখ-দুৰ্দশা নাশ কৰাৰ বাবে ৰাইজে মেজিৰ আগত প্ৰাৰ্থনাও জনায়। মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰাটোও ভোগালী বিহুৰ এক বিশেষ পৰম্পৰা।

ভোগালী বিহু মানেই ভোগৰ সমাহাৰ। জা-জলপান, পিঠা-পনা, বিভিন্ন প্ৰকাৰৰ লাড়ু, মাহকঢ়াই আদিৰে ঘৰে ঘৰে ভোগালীৰ ভোগ গ্ৰহণ কৰা হয়। বছৰ বছৰ ধৰি উলহ-মালহেৰে বিহু উদযাপন কৰি অহা অসমীয়াৰ জীৱনত প্ৰতিটো বিহুৰে আছে নিজা বৈশিষ্ট্য, ৰীতি-নীতি আৰু ঐতিহ্য। মাঘ বিহুৰো আছে কিছুমান বিশেষ পৰম্পৰা, যদিও সময়ৰ সোঁতত কিছুমান ৰীতি ধীৰে ধীৰে লুপ্ত হোৱাৰ উপক্ৰম হৈছে, তথাপিও আজিও অসমীয়াই আন্তৰিকতাৰে পালন কৰি গৈছে হেঁপাহৰ ভোগালী বিহু।

উল্লেখযোগ্য যে ঠাইভেদে মেজি সজোৱাৰ ধৰণো ভিন্ন। কিছুমান অঞ্চলত নৰা আৰু শুকান কলপাতৰে মেজি নিৰ্মাণ কৰা হয়, আন কিছুমান স্থানত আকৌ কাঠেৰে মেজি সাজে। উৰুকাৰ পাছদিনা পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত আশিস বিচৰা হয়। বহু ঠাইত মেজিৰ তলত সমূহীয়াকৈ নাম-কীৰ্তন অনুষ্ঠিত কৰা দেখা যায়।

আনফালে মাঘ বিহু উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় পৰম্পৰাগত খেল-ধেমালি। এই খেলসমূহ অবিহনে যেন মাঘ বিহুৰ উছাহ আধৰুৱা। কলহ ভঙা, ৰচী টনা, কুকুৰা যুঁজ আদি পৰম্পৰাগত খেলৰ আয়োজন কৰা হয় বিভিন্ন ঠাইত। এই খেল-ধেমালিয়ে চুবুৰীয়া আৰু গাঁওবাসীৰ মাজত মাঘ বিহুৰ আনন্দ-উছাহ দুগুণে বৃদ্ধি কৰে।

ডিজিটেল ডেস্ক, ১৪ জানুৱাৰী

You might also like