নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি মহাবিদ্যালয়ত ৰাজ্যিক পুষ্প দিৱস উদযাপন

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ মৰিয়নি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সৌজন্যত আৰু আই কিউ এ চি ( IQAC ) ৰ সহযোগত ৰাজ্যিক পুষ্প দিৱসৰ লগত সংগতি ৰাখি আজি এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰে কপৌফুল আৰু অসমীয়াৰ সম্পৰ্ক আৰু অন্যান্য কপৌজাতীয় উদ্ভিদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে । তেওঁ লগতে এনে ধৰণৰ ফুল বিভিন্ন কাৰণত প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হোৱাত উদ্বেগ প্ৰকাশ কৰে। অসম অৰ্কিড ছ’চাইটীৰ সম্পাদক মিঠু গগৈয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অৰ্কিডৰ অৰ্থনৈতিক গুৰুত্বৰ লগতে বিভিন্ন ঔষধি গুণ আৰু ইক’চিষ্টেমৰ ভাৰসাম্য বজাই ৰাখিবৰ বাবে অৰ্কিডৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য আগবঢ়ায় । মৰিয়নি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যপক ড° ভাস্কৰ বুঢ়াগোহাঁয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত তেওঁ‌ কয় যে কপৌ ফুলক ৰাজ্যিক ফুলৰ মৰ্য্যদা দিয়া হৈছে যদিও কপৌ ফুল দিৱস হিচাপে স্বীকৃতি পোৱা নাই । সেয়েহে ৪ এপ্ৰিলৰ দিনটোক ৰাজ্যিক পুষ্প দিৱস হিচাপে ঘোষণা কৰিবলৈ সভাৰ পৰাই অসম চৰকাৰলৈ অনুৰোধ জনায় । তেওঁ লগতে অৰ্কিডৰ ব্যৱসায়ীকৰণ, অৰ্কিডৰ জৰিয়তে সংস্থাপন আৰু সংৰক্ষণৰ ওপৰত সাৰুৱা মন্তব্য আগবঢ়ায় । অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যাপক – অধ্যাপিকাৰ লগতে অৰ্কিড অনুৰাগী মানস চেতিয়া, ছাত্র ছাত্রী আদিয়ে অংশ গ্ৰহণ কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like