নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছি শাখা সাহিত্য সভা(শতদল)ৰ ৫৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ৫ জুলাই : পাটাছাৰকুছি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, বিশিষ্ট নাট্যকাৰ তথা সাহিত্যিক প্রয়াত ডাঃ হোমেশ্বৰ দেৱচৌধুৰী আৰু শিক্ষাবিদ, সাংবাদিক ছেৰিফউদ্দিন আহমদৰ নেতৃত্বত ১৯৬৮ চনৰ ৫ জুলাইত প্ৰতিষ্ঠা হোৱা পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ ৫৮সংখ্যক প্ৰতিষ্ঠা দিৱস আজি শাখা সভাৰ কাৰ্যালয় ৰঘুনাথ দেৱচৌধুৰীৰ স্মৃতি ভৱন প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক হৰ্ষমোহন শৰ্মাই৷ ইয়াৰ পিছতে প্ৰয়াত বিষয়ববীয়াসকলৰ আত্মাৰ সদগতি কামনাৰ্থে এগছি বন্তি প্ৰজ্বলন কৰে হিতৈষী সভ্য তথা বৰপেটা জিলা স্বাস্থ্য বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক ডাঃ পুলিন চন্দ্ৰ শৰ্মাই৷ বন্তি প্ৰজ্বলন কৰি তেওঁ কয় যে ব্যক্তিয়েই হওক বা কোনো অনুষ্ঠানেই হওক, জন্মদিন পালনে বহু স্মৃতি উত্তৰ প্ৰজন্মৰ বাবে একোখনি দলিল, য’ত ইতিহাসে কথা কয়৷ ইয়াৰ পিছত হিতৈষী সভ্য তথা গুণিয়ালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ অতুল চন্দ্ৰ ৰয়ে প্ৰতিষ্ঠাপক সভাপতি ডাঃ হোমেশ্বৰ দেৱচৌধুৰীৰ প্ৰতিচ্ছবিত, হিতৈষী সভ্য তথা অৱসৰী জিলা কৃষি বিষয়া কৈলাস চন্দ্ৰ ডেকাই প্ৰতিষ্ঠাপক সম্পাদক ছেৰিফউদ্দিন আহমদৰ প্ৰতিচ্ছবিত, আজীৱন সভ্য তথা অৱসৰী উচ্চ বৰ্গৰ কাৰ্যালয় সহায়ক ৰত্নেশ্বৰ ৰয়ে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ গৃহদাতা, বৰপেটা জিলা সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি প্ৰয়াত ৰঘুনাথ দেৱচৌধুৰীৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে৷ স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতেই হৰ্ষমোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্মৃতি তৰ্পক তিনিগৰাকীৰ উপৰি হিতৈষী সভ্য, শাখা সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী অধ্যক্ষ ৰবীন শৰ্মা আৰু হিতৈষী সভ্য, পাটাছাৰকুছি শিৱ দুৰ্গা ধামৰ সভাপতি তথা অৱসৰী কৃতী প্ৰধান শিক্ষক নলিনী কুমাৰ শৰ্মাই ব্যক্তব্য ৰাখে। সভাত শাখাৰ সদ্যপ্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা, হিতৈষী সভ্য তথা বিশিষ্ট সাহিত্যিক দিলীপ কুমাৰ ৰয়ে কি পৰিস্থিতিত পাটাছাৰকুছি শাখা সাহিত্য সভাৰ জন্ম হৈছিল সেই ইতিহাসৰ চমু আলোকপাত কৰে। তেওঁ লগতে ১৯৭৭ চনত কামৰূপ সাহিত্য পৰিষদৰ অষ্টম বাৰ্ষিক পাটাছাৰকুছি অধিৱেশন আৰু তেওঁৰ সম্পাদনাত শাখাই ২০১৬ চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিকীৰ শুভাৰম্ভ কেনেকৈ অতি কম সময়ৰ ভিতৰতেই অনুষ্ঠিত কৰি সাফল্যমণ্ডিত হৈছিল আৰু ২০১৯ চনত অভিলেখসংখ্যক সত্তৰখন গ্ৰন্থ প্ৰকাশৰে শাখাৰ সোণালী জয়ন্তী কেনেকৈ সাফল্যমণ্ডিত হৈছিল তাক স্মৰণ কৰে। শাখাৰ সম্পাদক সুভাষ ডেকাই আঁত ধৰা তথা অৰ্ধশতাধিক হিতৈষী আৰু আজীৱন সভ্য উপস্থিত থকা সভাখনত স্থানীয় শিল্পী ভৱেশ গোস্মামী, নিৰঞ্জন দাস আৰু জিজ্ঞাসা কাশ্যপৰ নেতৃত্বত সভাৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী গীত আৰু সভাৰ শেষত অ’ মোৰ আপোনাৰ দেশ গীত সভাত উপস্থিত সভ্যই পৰিৱেশন কৰে। উল্লেখ্য যে শাখাৰ সদ্যপ্ৰাক্তন সভাপতি দিলীপ কুমাৰ ৰয়ৰ নেতৃত্বত ২০২৩-২০২৫ বৰ্ষত শাখাই পয়ষষ্ঠিগৰাকী হিতৈষী আৰু ১৬১গৰাকী আজীৱন সভ্য ভৰ্তি কৰি হিতৈষী সভ্যৰ ক্ষেত্ৰত অসমৰ যিকোনো জিলা বা শাখাৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰি শতদল শাখাৰ স্বীকৃতি লাভ কৰিছিল আৰু উক্ত সময়ছোৱাত শাখাটোৱে অদ্যাবধি সৰ্বাধিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ অভিলেখো স্থাপন কৰি থৈছে৷

You might also like