নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গায়কৰ ৰূপত কাৰ্বি পৰিষদৰ CEM তুলিৰাম ৰংহাং

🔹 পাৰ্বত্য জিলাৰ উন্নয়নৰ স্বাৰ্থত অমৰছিং তিছ’ক ভোট দিবলৈ আহ্বান

বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী। শাসকীয় বিজেপি দলসহ সকলোৰে তৎপৰতা দেখা গৈছে ৰাজ্যৰ ৯ লোকসভা সমষ্টিত। তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ লোকসভা সমষ্টিৰ আসনখন পুনৰ নিজৰ দখলত ৰখাৰ প্ৰয়াসেৰে বিজেপিৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন স্থানত। ইপিনে, ডিফু লোকসভা সমষ্টিৰ দুৰ্গম এলেকা জাইপঙত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে গীত গাই নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হয় । আনহাতে, দৈনিক বিভিন্ন জাতি-জনগোষ্ঠীৰ হেজাৰ হেজাৰ ভোটাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অব্যাহত ৰাখিছে । তিনি পাৰ্বত্য জিলাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় তুলিৰাম ৰংহাঙে । উল্লেখ্য যে ৬নং ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰায় আঠ লাখ নব্বৈ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব পাঁচ প্ৰাৰ্থীৰ ভাগ্য । আনহাতে, নিৰ্বাচনৰ পাছতে APCCৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে ড০ তুলিৰাম ৰংহাঙে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like