নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেলামৰাৰ মাজচাপৰিত বালিচৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বিশেষ বাৰ্তা, ২৩ এপ্ৰিল : ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰিৰ নিকটৱৰ্তী মাজচাপৰিত ব্ৰক্ষ্মপুত্ৰ নদীৰ বালিচৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰিৰ নিকটৱৰ্তী মাজচাপৰিত ব্ৰক্ষ্মপুত্ৰৰ বালিচৰত এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ঠেলামৰা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয়ক বসুমতাৰীয়ে সংবাদ মাধ্যমক জনায় যে উদ্ধাৰ হোৱা মৃতদেহটো বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ কোনো সদাশয় লোকে উদ্ধাৰ হোৱা আনুমানিক ৪০ বছৰ বয়সৰ পুৰুষৰ মৃতদেহটো সন্দৰ্ভত কিবা তথ্য পালে ঠেলামৰা আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like