লোকপিয়লক লৈ বিভিন্ন মহলত চর্চা চলি থকাৰ মাজতে কেন্দ্রীয় চৰকাৰে বুধবাৰে আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰে আগন্তুক লোকপিয়ল সন্দর্ভত৷ চৰকাৰে ঘোষণা কৰা মতে, অহা পহিলা এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ২০২৭ বর্ষৰ প্রথম পর্যায়ৰ লোকপিয়লৰ কাম চলিব৷ দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলে নিজাববীয়াকৈ এই সময়ছোৱাৰ ভিতৰতে ৩০দিনীয়া সূচীৰে লোকপিয়লৰ কাম সম্পন্ন কৰিব৷ ইয়াৰ লগতে গৃহ নির্মাণ আৰু গৃহ তালিকাকৰণৰ কামো সম্পন্ন কৰা হ’ব৷
অহা ১ এপ্রিলৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল৷ প্রথমবাৰৰ বাবে জাতিপিয়লো হ’ব৷ কেন্দ্রীয় চৰকাৰে জাৰি কৰা এই অধিসূচনাৰ পাছতে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই প্রতিক্রিয়া প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– লোকপিয়লে অসমৰ কাৰণে আৰু দুর্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব৷ এই লোকপিয়লতে স্পষ্ট হ’ব বাংলাদেশী মুছলমানৰ সংখ্যা প্রায় ৪০ শতাংশ স্পর্শ কৰাটো ৷
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী :