নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত EDৰ তালাচী, দিল্লীত প্ৰতিবাদ TMC সাংসদৰ

কলকাতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰ (৯ জানুৱাৰী ২০২৬) দুপৰীয়া ২:৩০ বজাত ইডি/I-PAC গোচৰৰ শুনানি গ্ৰহণ কৰিব। ইফালে এই অভিযানক লৈ তীব্ৰ হৈ উঠিছে বংগৰ নিৰ্বাচনী বতাহ।

উল্লেখ্য যে অসমৰ সমান্তৰালে বংগতো মাৰ্চ-এপ্ৰিলত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হব। এইবাৰ বংগ দখলৰ বাবে উঠিপৰি লাগিছে বিজেপি দল। মমতা বেনাৰ্জীক ওফৰাই এইবাৰ বংগ দখল কৰাৰ স্বপ্ন দেখিছে বিজেপি। কিন্তু মমতাক ওফৰাই চৰকাৰ বনাব পাৰিবনে বিজেপিয়ে, সেয়া সময়েহে কব।

TMC নেতা অভিষেক বেনাৰ্জীয়ে ইডি ৰেইডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এক্সত প’ষ্ট কৰি লিখিছে— “গণতন্ত্ৰক শাস্তি দিয়া হৈছে। অপৰাধীক পুৰস্কৃত কৰা হৈছে। সংস্থাসমূহৰ অপব্যৱহাৰ কৰা হৈছে। নিৰ্বাচনত প্ৰৱঞ্চনা কৰা হৈছে। প্ৰতিবাদকাৰীক কাৰাগাৰত নিক্ষেপ কৰা হৈছে। ধৰ্ষণকাৰীক জামিনত মুক্ত কৰা হৈছে। এইটোৱেই বিজেপিৰ ‘নতুন ভাৰত’ৰ শ্লোগান। সমগ্ৰ দেশক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰালেও, বংগই দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব। আমি আপোনালোকৰ সৈতে ডাঙৰকৈ যুঁজিম আৰু আপোনালোকক পৰাজিত কৰিম, আপুনি যিমানেই শক্তি ব্যৱহাৰ নকৰক কিয়।”

কালিৰ ঘটনাৰ পিছত আজি দিল্লীত প্ৰতিবাদৰ সময়ত সাংসদসকলে হাতে পোষ্টাৰ লৈছিল, য’ত লিখা আছিল— “বংগই মোদী-শ্বাহৰ নিকৃষ্ট কৌশলক নাকচ কৰে।” প্ৰতিবাদ অধিক তীব্ৰ হোৱাত দিল্লী আৰক্ষীয়ে সাংসদসকলক আঁতৰাবলৈ চেষ্টা কৰে। এই সময়ত ঠেলাঠেলি হয় আৰু কেইজনমান সাংসদ মাটিত পৰিও যায়। আৰক্ষীয়ে তেওঁলোকক উঠাই লৈ যায়। মহুৱা মৈত্ৰই কয়— “চাওক, নিৰ্বাচিত সাংসদসকলৰ সৈতে কেনেদৰে ব্যৱহাৰ কৰা হৈছে।”

দিল্লীত গৃহ মন্ত্ৰালয়ৰ বাহিৰত প্ৰতিবাদ চলাই থকা TMCৰ ৮জন সাংসদক আৰক্ষীয়ে আটক কৰিছে। সকলো সাংসদক সংসদ মাৰ্গ থানালৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে ৮ জানুৱাৰী ২০২৬ তাৰিখে কলকাতাত I-PACৰ কাৰ্যালয়ত ইডিয়ে তালাচী অভিযান চলাইছিল। এই অভিযানৰ সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ঘটনাস্থলীত উপস্থিত হৈছিল। কলকাতাত ইডিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া দিল্লীলৈকে বিস্তাৰিত হৈছে।

AAP সাংসদ সঞ্জয় সিঙে কয়— “এইখন ভেনিজুৱেলা নহয়, এইখন বংগ। যি ৰাজ্যত নিৰ্বাচন, সেই ৰাজ্যতেই ইডিৰ তালাচী হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে নিৰ্বাচনত জিকিব নোৱাৰি এইদৰে আচৰণ কৰিছে। TMCৰ কাৰ্যালয় লুট কৰা গণতন্ত্ৰ নহয়, ই লুটতন্ত্ৰ।”

তালাচীত বাধা দিয়া বুলি অভিযোগ কৰি ইডি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ইডিয়ে অভিযানত বাধা প্ৰদান কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনাইছে। ইডিৰ মতে, মমতা বেনাৰ্জীয়ে নিজৰ পদৰ অপব্যৱহাৰ কৰি ভিতৰত প্ৰৱেশ কৰিছিল।

কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়— “I-PAC এটা কৰ্পোৰেট সংস্থা। এইটো TMCৰ চকু, নাক আৰু কাণ। ইহঁতেই TMCৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰে— যিয়ে আটাইতকৈ বেছি টকা দিয়ে, তেওঁক টিকট দিয়ে। যেতিয়া এটা কৰ্পোৰেট সংস্থাত ইডিয়ে তালাচী কৰিছে, তেতিয়া মমতা বেনাৰ্জী তাত কিয় গ’ল?”

কলকাতাত I-PACৰ মুৰব্বী প্ৰতীক জৈনৰ ঠিকনাত ইডিয়ে চলোৱা তালাচীক লৈ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ এক্সত প’ষ্ট কৰি লিখিছে— “বিজেপিয়ে বংগত বেয়াকৈ পৰাজয়ৰ দিশে আগবাঢ়িছে। এইটোৱেই তাৰ প্ৰথম প্ৰমাণ।”

কয়লা কেলেংকাৰিৰ সৈতে সম্পৰ্কিত গোচৰত কলকাতাত I-PACৰ কাৰ্যালয় আৰু ইয়াৰ মুৰব্বী প্ৰতীক জৈনৰ বাসভৱনত তালাচী অভিযান চলোৱাৰ পাছত ছ’ল্ট লেকস্থিত চিজিঅ’ কমপ্লেক্সত থকা ইডি কাৰ্যালয়ৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

ডিজিটেল ডেস্ক, ৯ জানুৱাৰী

You might also like