আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়ৰ উদ্বোধন
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাৰ আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।
উল্লেখ্য যে ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়টো ২ লাখ বৰ্গ ফুটৰ মুঠ নিৰ্মিত- অঞ্চল আৰু পাঁচটা মহলা ব্যাপি নিৰ্মাণ কৰা হৈছে। লগতে এই সংহত উপায়ুক্ত কাৰ্যালয়টো ১৫ বিঘাতকৈ অধিক অঞ্চলজুৰি অৱস্থিত।

ইপিনে একেটা কাৰ্যালয়তে আছে ১৩ টাকৈ বিভাগো। যাৰ ভিতৰত স্বাস্থ্য, শিক্ষা, পঞ্চায়ত, কৃষি, পশুপালন, সমাজকল্যাণ আদি বিভাগ আছে।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত আছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিব জিষ্ণু বৰুৱা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিককে ধৰি বহুকেইজন বিষয়া-কৰ্মচাৰী।