পুৰণা গাড়ীৰ বাবে বিপদঘণ্টাঃ বাজেটত নিৰ্মলা সীতাৰমণৰ স্ক্ৰেপ পলিচী ঘোষণা
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট ২০২১-২২ত ঘোষণা কৰে এক বিশেষ লক্ষ্যৰ কথা। এই ঘোষণা অনুযায়ী অতি পুৰণা গাড়ী পথত চলাচল কৰাৰ ক্ষেত্ৰত আহি পৰিব বাধা। কিয়নো নিৰ্মল বায়ু বা ক্লীন এয়াৰৰ লক্ষ্যৰে ঘোষণা কৰা হৈছে স্ক্ৰেপ পলিচী।
স্ক্ৰেপ পলিচী অনুযায়ী ২০ বছৰ পুৰণি নিজা বাহন আৰু ১৫ বছৰ পুৰণি কমাৰ্চিয়েল বাহনৰ গৰাকীয়ে বাহন অটোমেটিক ফিটনেছ চেণ্টাৰলৈ নিব লাগিব।
আনহাতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ১৫ বছৰ পুৰণি চৰকাৰী গাড়ীসমূহ স্ক্ৰেপ পলিচীৰ অধীনত অনাৰ ক্ষেত্ৰত মঞ্জুৰী দিছে। গতিকে কেন্দ্ৰীয়, ৰাজ্য আৰু ৰাজহুৱা খণ্ডত ব্যৱহূত সকলো ১৫ বছৰ পুৰণি গাড়ীয়ে বাতিল কৰিব লাগিব। অৱশ্যে এই নীতি ২০২২ৰ এপ্ৰিলৰ পৰা লাগু হ’ব।
উল্লেখ্য, ২০২০লৈ ৫ বছৰৰ বাবে এয়াৰ ক্লীন কৰাৰ নামত ২০০০ কোটি টকা খৰচ কৰা হৈছিল। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত পুৰণি বাহনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এনে স্ক্ৰেপ পলিচী ঘোষণা কৰা হৈছে। আনহাতে স্ক্ৰেপ পলিচীৰ বাবে কেঁচা সামগ্ৰীৰ খৰচ বহুখিনি কমি গ’লে নতুন গাড়ীৰ দাম কমাৰ সম্ভাৱনা আছে।
বাজেটত ঘোষণা কৰা স্ক্ৰেপ পলিচীক আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰী নীতীন গাডকাৰিয়ে কয় যে ইয়াৰ দ্বাৰা ৫০ হাজাৰ নতুন চাকৰি ওলাব আৰু অটো ছেক্টৰৰ অৰ্থনীতি বৰ্তমানৰ ৪.৫০ লাখ কোটিৰ পৰা বৃদ্ধি হৈ ৬ লাখ কোটি হ’ব।