নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবুৱা বায়ু সেনা ঘাটি- তেজপুৰ ফ’ৰ ক’ৰ্পছৰ হেড কুৱাৰ্টাৰত যুদ্ধকালিন তৎপৰতা

  • চীন- ভাৰতৰ সামৰিক সংঘাতে সোঁ‌ৱৰাই দিলে ৬২ ৰ যুদ্ধলৈ
  • কেন্দ্ৰীয়মন্ত্ৰী কিৰেন ৰিজিজু আছিল এছ্ এছ্ বিৰ স্বেচ্ছাসেৱক

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি চীনা সৈন্যৰ ওপৰত আকাশ মাৰ্গেৰে মোক্ষম আঘাত সানিব পৰা ডিব্ৰুগড় জিলাৰ চাবুৱা বায়ু সেনা ঘাটি আৰু ফ’ৰ কৰ্পছৰ মুখ্য কাৰ্যালয় তেজপুৰত এতিয়া অব্যাহত আছে সমৰকালিন তৎপৰতা।

জানিব পৰা মতে বিভিন্ন দায়িত্ব পালনত নিয়োজিত অসামৰিক লোকৰ প্ৰৱেশ নিসিদ্ধ কৰি দিয়া হৈছে বিমান ঘাটি চৌহদত। একেদৰে চীনৰ পৰা আহি থকা ভাবুকিৰ ফলত ইতিপূৰ্বেই ফিল্ড ফৰ্মেচন সলনি কৰি ভাৰতীয় সেনাৰ ষ্ট্ৰাইকিং পাৱাৰযুক্ত তেজপুৰৰ ফ’ৰ ক’ৰ্পছ কিম্বা গজৰাজ ক’ৰ্পছ আৰু ডিমাপুৰৰ থ্ৰী ক’ৰ্পছৰ মুখ্য কাৰ্যালয়, দিনজানৰ ২ য় মাউণ্টেইন ডিভিজন, লেখাপানী আৰু অৰুণাচল প্ৰদেশৰ তেজুস্থিত সেনা ব্ৰিগেড আদিয়ে বিদেশী ৰাষ্ট্ৰৰ সতে যিকোনো সময়ত সমুখ সমৰত জঁ‌পিয়াই পৰিবলৈ তৎপৰ হৈ আছে।

কেৱল সিমানেই নহয় আনকি সম্ভাব্য যুদ্ধৰ বাবে আসাম পুলিচ বেটেলিয়ানলৈকে ইচ্ছুক জোৱানৰ নাম পৰ্যন্ত প্ৰেৰণৰ জাননী জাৰি কৰাৰ বাতৰি পোৱা গৈছে।

লগতে পঢ়কঃ ৩৫০ ড্রেগন বাহিনীক ভাৰতীয় সেনাৰ মাত্র ১০০ বিষয়া–জোৱানে পৰম বিক্রমেৰে দিছিল যোগ্য…

    ভাৰত আৰু চীনৰ মাজত যুদ্ধ হওক বা নহওক বিবদমান লাডাখৰ গালৱান- সংঘৰ্ষই পুনৰ সজীৱ কৰি তুলিলে ৬২ ৰ চীন-ভাৰতৰ যুদ্ধ আৰু তাৰ পৰৱৰ্ত্তী কালৰ কেতবোৰ গঠনমূলক কামৰ প্ৰতিচ্ছবি। অৱশ্যে ৬২ ৰ ইন্দু- চাইনা যুদ্ধৰ স্মৃতি বিজড়িত এছ্ এছ্ বি আৰু আই টি বি পি বাহিনীৰ সক্ৰিয়তা সন্দৰ্ভত ভাৰতীয়সকল কিমানদূৰ জ্ঞাত সেয়া পাছৰ কথা। কিন্তু যুদ্ধত পৰাজয় বৰণ কৰি ভাৰতে যে অনেক শিক্ষা লাভ কৰিলে তাকেই প্ৰতীয়মান কৰি তোলে উক্ত পদক্ষেপসমূহে। এতিয়া ভাৰতৰ সামৰিক শক্তি ১৯৬২ ৰ তুলনাত কল্পনাতীতভাৱে উন্নত হ’ল। একেদৰে উক্ত স্পৰ্শকাতৰ অঞ্চলসমূহৰ আন্তঃ গাঁ‌থনিও উন্নত হ’ল। বিশেষজ্ঞসকলৰ বিশ্লেষণ অনুসৰি ভাৰতে চীনৰ হাতত পৰাজয় বৰণ কৰাৰ কাৰণসমূহৰ ভিতৰত হিমালয় ৰেঞ্জত যুদ্ধ কৰিব পৰাকৈ ভাৰতীয় সেনা সুপ্ৰশিক্ষিত নোহোৱাৰ উপৰি চীনৰ তুলনাত ভাৰতীয় সৈন্যৰ অত্যাধুনিক যুদ্ধাস্ত্ৰৰ অভাৱ, দুৰ্বল আন্তঃ গাঁ‌থনি, চীনৰ ভেটো অধিকাৰ থকাৰ বিপৰীতে ভাৰতৰ ভেটো অধিকাৰ নথকা (নেহৰুয়ে প্ৰত্যাখ্যান কৰিছিল), বায়ু সেনা ব্যৱহাৰ নকৰা, নেহৰুৰৰ ভূ- ৰাজনীতি কিম্বা ভৌগোলিক জ্ঞানৰ অপৰিপক্কতা, প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননৰ দুৰ্বল নেতৃত্ব আৰু কেউদিশৰ পৰা চীনা সৈন্যৰ আক্ৰমণ ইত্যাদিয়েই অন্যতম। এই যুদ্ধত পৰাজয় বৰণৰ পাছতেই গঠন কৰা হৈছিল এছ্ এছ্ বি (সশস্ত্ৰ সীমা বল) আৰু আই টি বি পি (ইন্দু- টিবেটান বৰ্ডাৰ পুলিচ)। চীন- ভাৰত সীমান্ত পহৰা, গেৰিলা কৌশলেৰে শত্ৰুপক্ষক বিভ্ৰান্তিত পেলোৱা আৰু সীমান্তীয় জনসাধাৰণক মূল সূঁ‌তিত ৰখাৰ মনস্তাত্বিক শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মূলত উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক- যুৱতীক লৈ গঠন কৰা গেৰিলা যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত ‘সশস্ত্ৰ সীমা বল’ নামৰ বাহিনীটোৰ অৱদান অতুলনীয়। এছ্ এছ্ বিৰ এটা স্বেচ্ছাসেৱক বাহিনীও আছিল। অৰুণাচল প্ৰদেশৰ পৰা ছিলিগুৰিলৈকে নিয়োজিত আছিল স্বেচ্ছাসেৱক- স্বেচ্ছাসেৱিকা।

    তাৎপৰ্যপূৰ্ণ কথা যে বৰ্তমানৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক(স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী কিৰেন ৰিজিজু আছিল এছ্ এছ্ বিৰ স্বেচ্ছাসেৱক। অৱশ্যে সম্প্ৰতি স্বেচ্ছাসেৱক বাহিনীটোৰ বিলুপ্তি ঘটোৱা হ’ল। উল্লেখ্য যে চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে এছ্ এছ্ বি বা ‘শসস্ত্ৰ সীমা বল’ৰ বাহিনীটো নেপাল, ভূটানকে ধৰি চীন সীমান্তত কৰ্তব্যৰত। একেদৰে ভাৰত- চীনা যুদ্ধত পৰাজয়বৰণৰ শিক্ষাৰ পৰিপ্ৰেক্ষিতত গঠিত ইন্দু- টিবেটান বৰ্ডাৰ পুলিচ (আই টি বি পি) বাহিনী সম্প্ৰতি উত্তৰাখণ্ড, অসম, অৰুণাচল প্ৰদেশ, ছিকিমৰ নাথুলা আদি সীমান্তত দায়িত্বৰত হৈ আছে। প্ৰসঙ্গত উল্লেখ্য যে উক্ত নিৰাপত্তা বাহিনী দুটা গঠনৰ সমান্তৰালকৈ পশ্চিমবঙ্গৰ দাৰ্জিলিঙত ‘হিমালয়ান ইনষ্টিটিউট অৱ মাউণ্টেইনীয়াৰিং’ প্ৰতিষ্ঠা কৰা হৈছিল। মূলত হিমালয়ৰ ভৌগোলিক অৱস্থানৰ গুৰুত্ব আৰু গভীৰতাৰ ওপৰত শিক্ষাদান কৰা হয় উক্ত প্ৰতিষ্ঠানত।

উল্লেখ্য যে ৬২ ত ৰ’ই মূলত ঝাৰখণ্ডীয় লোকক লৈ উৰিষ্যাত এসপ্তাহীয়া সামৰিক আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ দি চোৰাংচোৱাগিৰি কৰাৰ লগতে কূটাঘাতেৰে শত্ৰু পক্ষক বিবুধিত পেলোৱাৰ দায়িত্বৰে উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সিঁ‌চৰতি কৰি ৰাখিছিল। স্থানীয় লোকৰে সাদৃশ্য থকা উক্ত মানুহখিনি উভতি নগৈ সংশ্লিষ্ট স্থানত স্থায়ী ভাৱেই থাকি গ’ল। ইফালে চীন- ভাৰতৰ যুদ্ধৰ পৰিণতিত বিট্ৰিছে চাহ শিল্পৰ উন্নয়নৰ বাবে অসমলৈ অনা চীনা সকলক ভাৰত চৰকাৰে স্বদেশলৈ উভতাই পঠাইছিল। কিন্তু স্বদেশলৈ উভতি নোযোৱাকৈ থাকি তিনিচুকীয়া জিলাৰ মাকুম আদিত থিতাপি লোৱা চীনা মূলৰ লোকসকলক চীন- ভাৰতৰ যুদ্ধ সদৃশ সংঘাতে শংকিত কৰি তুলিছে।

 

লগতে পঢ়কঃ আগ্রাসী চীনক যোগ্য প্রত্যুত্তৰ দিয়াৰ পূর্ণ স্বাধীনতা সেনাক

উজনি অসমত সেনা তৎপৰ হোৱাৰ অনন্য কাৰণঃ তিনিচুকীয়া- ডিব্ৰুগড় জিলাৰ গুৰুত্ব সমগ্ৰ ভাৰতৰ ভিতৰতে ব্যতিক্ৰম। কাৰণ জিলাদুখনত ঐতিহাসিক গুৰুত্ব থকা তেল, প্ৰাকৃতিক গেছ, কয়লাকে ধৰি শক্তি খণ্ডসমূহ (দ্বিতীয় বিশ্বযুদ্ধৰো অন্যতম কাৰণ)ৰ উপস্থিতিৰ উপৰি ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল আৰু ধলা- শদিয়া (ড° ভূপেন হাজৰিকা সেঁ‌তু) নামৰ দুখনকৈ সামৰিক আৰু অৰ্থনৈতিক গুৰুত্ব থকা দলং, দ্বিতীয় মহাসমৰৰ স্মৃতি জীয়াই ৰখা ‘ডিগবৈ ৱাৰ চিমেটেৰী’কে ধৰি দুখনকৈ (এখন অসম- অৰুণাচল সীমান্তৰ জয়ৰামপুৰত) সামৰিক গুৰুত্ব থকা আন্তঃৰাষ্ট্ৰীয় কবৰস্থান আছে। অসমৰ উত্তৰ দিশৰ অৰুণাচলৰ কিমিনত সেনা প্ৰশিক্ষণ কেন্দ্ৰ, লিকাবালিত সামৰিক কাৰ্যালয়, ডুমডুমাৰ ৰূপাইত ব্ৰিগেড পৰ্যায়ৰ ডি আই জি কাৰ্যালয় আদি থকাৰ উপৰি অসমৰ বিভিন্ন নদীত নিৰ্মিত আৰু নিৰ্মীয়মান ৰঙানদী, গোগামুখ, শোৱণশিৰিকে ধৰি অৰুণাচল প্ৰদেশৰ বৃহৎ নদী বান্ধৰ প্ৰতিও যুদ্ধৰ পৰা ভাবুকি আহিব পাৰে।

উল্লেখ্য যে ১৯৬২ৰ ২০ অক্টোবৰত আৰম্ভ হৈ ২১ নৱেম্বৰত সামৰণি পৰা চীন- ভাৰতৰ যুদ্ধ (ইন্দু- চাইনা ৱাৰ)ৰ মূল কাৰণ আছিল বিবদমান হিমালয় ৰেঞ্জৰ সীমা(এল্ এ চি) বিবাদ। ১৯৫৯ ত ছেমী অট’নমাছ তিব্বতত আৰম্ভ হোৱা তিব্বতী বিদ্ৰোহৰ পাছত যেতিয়া ভাৰতে দালাই লামাক ৰাজনৈতিক আশ্ৰয় দিলে সেই তেতিয়াৰে পৰা ভাৰত আৰু চীনৰ মাজত হিংসাত্মক ঘটনাৰ এক শৃংখল আৰম্ভ হৈ যায়। চীনা সৈন্যৰ কুচকাৱাজ আৰু লজিষ্টিক বিষয়ক প্ৰতিৰোধৰ বাবে ভাৰতে ১৯৬০ ৰ পৰাই ফৰৱাৰ্ড পলিচীৰ জৰিয়তে মেক-মোহন ৰেখাৰ উত্তৰাংশত সেনা চকী স্থাপন কৰে। দুই দেশৰ মাজত চলা এমহীয়া যুদ্ধত চীনৰ জয় হৈছিল। যুদ্ধৰ প্ৰথম চাৰিদিনতে জাউ এনলাই আৰু মাও জে-ডং ৰ চীনে অৰুণাচল প্ৰদেশৰ টাৱাং, বমদিলা আদি দখল কৰাই নহয়, চীন সেনা আহি অসমৰ তেজপুৰ পৰ্যন্ত পাইছিলহি। মাজতে তিনি সপ্তাহত বিশেষ সামৰিক গতিবিধি স্তব্ধ হৈ পৰিছিল। ১৪ নৱেম্বৰৰ পৰা পুনৰ আৰম্ভ হয় যুদ্ধ। উল্লেখ্য যে লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাৰ ‘ৰেজেং- লা’ৰ পৰা মেজৰ ছৈত্যেন সিঙৰ নেতৃত্বত বলিষ্ঠ আক্ৰমণ চলাই সহস্ৰ চীন সেনাক নিধন কৰিছিল। যুদ্ধত প্ৰায় ৩ সহস্ৰ ভাৰতীয় সৈন্যৰ মৃত্যু হয়, সহস্ৰাধিক আহত হয়, ডেৰ সহস্ৰাধিকৰ নিৰুদ্দেশৰ লগতে উচ্চ পদস্থ সেনা বিষয়াকে ধৰি চাৰি সহস্ৰাধিক যুদ্ধবন্দীও হয়। চীনা সেনাই ২০ অক্টোবৰ, ১৯৬২ত লাডাখ আৰু মেকমোহন ৰেখাৰ পৰা সমান্তৰালভাৱে আক্ৰমণ আৰম্ভ কৰি ভাৰতীয় সেনাতকৈ অধিক শক্তি প্ৰতিপন্ন কৰি লাডাখৰ দাঁ‌তিকাষৰীয়া অকছাই চীন আৰু অৰুণাচল প্ৰদেশৰ টাৱাং দখল কৰিছিল।

চীনে ২০ নৱেম্বৰত যুদ্ধ বিৰতি ঘোষণা কৰাৰ লগে লগে বিবদমান দুই ক্ষেত্ৰৰ এঠাইৰ পৰা নিজৰ প্ৰত্যাগমন ঘোষণা কৰে যদিও অকছাই চীনৰ পৰা ভাৰতীয় সেনা চকী আঁ‌তৰাই দিবলৈ বাধ্য কৰাইছিল। ভাৰত- চীনৰ যুদ্ধখন এক কঠোৰতম পৰিস্থিতিত উদ্ভৱ হোৱা যুদ্ধৰ অন্যতম উদাহৰণ। এই যুদ্ধৰ অধিকাংশ আক্ৰমণ চলিছিল ৪ হাজাৰতকৈও অধিক মিটাৰ উচ্চতাৰ অসুবিধাজনক অৱস্থিতিৰ পৰা, যাৰ বাবে দুয়ো পক্ষৰ ৰচদপাতি যোগাৰ আৰু অন্যান্য লজিষ্টিক বিষয়ত সমস্যাই দেখা দিছিল। উল্লেখ্য যে এই যুদ্ধত কোনোটো পক্ষই বায়ু আৰু নৌ সেনা ব্যৱহাৰ কৰা নাছিল।

You might also like