নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫০ ড্রেগন বাহিনীক ভাৰতীয় সেনাৰ মাত্র ১০০ বিষয়া–জোৱানে পৰম বিক্রমেৰে দিছিল যোগ্য প্রত্যুত্তৰ

  • ১৫ জুনৰ নিশা কি হৈছিল গালৱানত?
  • পিএলএৰ কমাণ্ডিং অফিচাৰসহ কেইবাজনো জোৱানৰ মৃত্যু হোৱাটো অৱশেষত স্বীকাৰ কৰিলে চীনে

নিয়মীয়া বাৰ্তা ২৩ জুনঃ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘর্ষক কেন্দ্র কৰি ভাৰত–চীনৰ মাজত অব্যাহত আছে উত্তেজনা৷ আগ্রাসী প্রতিৱেশী ৰাষ্ট্রখনক প্রতিৰোধকল্পে ইতিমধ্যে প্রকৃত নিয়ন্ত্রণ ৰেখাত (এল এ চি) ভাৰতে ব্যাপক সমৰসজ্জা গঢ়ি চীনা অঞ্চল ম’ল্ডোত অনুষ্ঠিত হৈছে এই বৈঠক৷ উল্লেখনীয় যে উভয় দেশৰ ক’ৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠক যোৱা ৬ জুনত একেটা স্থানত অনুষ্ঠিত হৈছিল৷ এই বৈঠকত দুয়োখন দেশৰ সেনাই এলএচিৰ পৰা আঢ়ৈ কিলোমিটাৰ পর্যন্ত জোৱানসকলৰ পচ্ছাদগমন নিশ্চিত কৰিব বুলি সিদ্ধান্ত লৈছিল৷ কিন্তু চীনে এই সিদ্ধান্ত গ্রহণ কৰিও তাক অগ্রাহ্য কৰাৰ পাছতেই ১৫ জুনৰ নিশা গালৱান উপত্যকাত সৃষ্টি হৈছিল সংঘর্ষ৷ এই সংঘর্ষত ভাৰতৰ ২০গৰাকী জোৱান শ্বহীদ হোৱাৰ উপৰি চীনৰ কেইবাগৰাকীও সেনা বিষয়া তথা জোৱান নিহত হৈছিল৷
উল্লেখনীয় যে সোমবাৰে এই বৈঠক অনুষ্ঠিত হৈছে যদিও সীমান্তত অব্যাহত আছে উত্তেজনা৷ লাডাখ সীমান্তত উভয় দেশে মোতায়েন কৰিছে কেইবাহাজাৰো জোৱান৷ একে সময়তে ভাৰতে গালৱান উপত্যকাৰ উপৰি পূব লাডাখৰ চাৰিটা স্থানত নিৰীক্ষণ ব্যৱস্থা নিশ্চিত কৰি তুলিছে৷ লক্ষণীয়ভাৱে এলএচিৰ মুঠ ৩,৪৮৮ কিলোমিটাৰ অঞ্চলত উত্তেজনা অব্যাহত থকা বুলি ভাৰতীয় সেনাৰ তৰফৰ পৰা ইতিমধ্যে সংবাদ মাধ্যমক জনোৱা হৈছে৷ চীনা সেনাৰ সমান্তৰালকৈ ভাৰতীয় সেনাবাহিনীয়ে এলএচিৰ স্পর্শকাতৰ অঞ্চলসমূহত অৱস্থান সুদৃঢ় কৰিছে৷ ইফালে, শেহতীয়াকৈ এলএচি অতিক্রম কৰি চীনা সেনাই ভাৰত ভূখণ্ডত প্রৱেশ কৰিব পৰা কোনোধৰণৰ সুৰুঙা ৰখা নাই বুলি স্পষ্ট কৰি দিছে প্রতিৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্রই৷ অকল সেয়াই নহয়, এলএচিৰ এতিয়া দুর্গম পার্বত্য অঞ্চলত ভাৰতে মোতায়েন কৰিছে সুদক্ষ যোদ্ধাক৷ পার্বত্যৰ বিশেষ বাহিনীক ভাৰতে মোতায়েন কৰি প্রতিৱেশী চীনৰ সকলো হুংকাৰক প্রত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে৷ দুর্গম অঞ্চলত কঠোৰ প্রশিক্ষণ গ্রহণ কৰা বিশেষ পার্বত্য বাহিনী মোতায়েন কৰাৰ লগে লগে এলএচিত চীনা ড্রেগনৰ বিৰুদ্ধে ভাৰতৰ শক্তি বৃদ্ধি পোৱা বুলি প্রতিৰক্ষা দপ্তৰে ঘোষণা কৰিছে৷
লক্ষণীয়ভাৱে সোমবাৰে দুয়োখন দেশৰ ক’ৰ কমাণ্ডাৰ পর্যায়ৰ বৈঠকত উভয় দেশৰ সেনাই আলোচনা অব্যাহত ৰখাৰ বিষয়টোত গুৰুত্ব প্রদান কৰিছে৷ আলোচনাৰ মাজেৰে দুয়োখন দেশৰ বাহিনীয়ে সীমান্তত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিৰ অৱসানৰ প্রচেষ্টা চলাই যোৱাৰ বিষয়টোত সহমত পোষণ কৰা বুলি এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷
মস্কোত চীন–ৰাছিয়া–ভাৰতৰ বিদেশ মন্ত্রীৰ বৈঠক
৩দিনীয়া ভ্রমণসূচীৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথো উপস্থিত মস্কোত
পূব লাডাখত চীন আৰু ভাৰতৰ উত্তেজনা তুংগত উঠা সময়তে দেশৰ চীফ অৱ ডিফেঞ্চ ষ্টাফ (চিডিএছ) আৰু তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীৰে মিলিত হৈ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে সীমান্তত চীনৰ সকলো ধৰণৰ আগ্রাসনমূলক কাম–কাজৰ মোকাবিলা কৰিবলৈ সেনাক পূর্ণ স্বাধীনতা প্রদান কৰাৰ দুদিন পাছতে অর্থাৎ কাইলৈ মস্কোত মিলিত হ’ব ৰাছিয়াৰ শীর্ষ নেতৃত্বৰ সৈতে৷ ইতিমধ্যে ৰাছিয়াৰ ৰাজধানী মস্কোত গৈ উপস্থিত হৈছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং৷ ভাৰত আৰু চীনৰ মাজত অব্যাহত থকা সীমান্তৰ উত্তেজনাৰ সময়তে ৰাছিয়াই দুয়োখন দেশৰ মাজত সুস্থিৰতা প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি বিভিন্ন দেশে ধাৰণা কৰিছে৷ কাৰণ ভাৰত–চীন বিবাদৰ সময়ত শীতল যুদ্ধৰ সময়ৰে পৰা গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৰাছিয়াই৷ স্মর্তব্য যে দীর্ঘদিন ধৰি ৰাছিয়া আৰু ভাৰতৰ মাজত অক্ষত আছে মৈত্রীৰ সম্পর্ক৷ বিশেষকৈ প্রতিৰক্ষা ক্ষেত্রত ৰাছিয়াই ভাৰতক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই আহিছে৷ আমেৰিকাৰ সৈতে ৰাছিয়াৰ সম্পর্কৰ অৱনতি ঘটা সত্ত্বেও দেশখনে ভাৰতক এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা প্রদান কৰাৰ এক চুক্তিত স্বাক্ষৰ কৰিছে৷ গতিকে বেইজিং আৰু নতুন দিল্লীৰ মাজৰ বিবাদৰ অৱসান ঘটোৱাৰ ক্ষেত্রত মস্কো প্রশাসনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্রদূত ডি বালা ভেংকটেশে ইতিমধ্যে ৰুছ উপ–বিদেশ মন্ত্রী ইগ’ৰ ম’ৰগুল’ভৰ সৈতে হিমালয়ান অঞ্চলত চীন আৰু ভাৰতৰ উত্তেজনা সন্দর্ভত দেশখনৰ দৃষ্টিভংগী কি তাক লৈ টেলিফোনিক বার্তালাপ কৰিছে৷

লক্ষণীয়ভাৱে ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া তিনি দেশৰ বিদেশ মন্ত্রীৰ বৈঠকত ভাৰতীয় বিদেশ মন্ত্রী এছ জয়শংকৰে চীনৰ মন্ত্রী ৱাং য়িৰ সৈতে মুখামুখি আলোচনাত মিলিত হোৱাৰ সুযোগ লাভ কৰিব৷ ৰাছিয়াৰ ভূমিত এই আলোচনা অৱশ্যে দুয়োখন দেশৰ বিদেশ মন্ত্রীৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও ৰুছ বিদেশ মন্ত্রী ছেৰগেই লেভৰ’ভে সীমান্তৰ উত্তেজনাৰ বিষয়টো আলোচনাৰ অংশ নহ’ব বুলি ঘোষণা কৰিছে৷ ৰাছিয়াই পূর্বৰে পৰা ঘোষণা কৰি আহিছে যে ভাৰত–চীনে সীমান্তত নিজ অঞ্চলৰ শান্তি আৰু সুস্থিৰতা ৰক্ষা কৰাৰ ক্ষেত্রত সৌহার্দ্যমূলক আচৰণ প্রদর্শন কৰিব লাগিব৷ বিদেশ মন্ত্রী পর্যায়ৰ বৈঠকৰ সময়তে ৰাজনাথ সিঙে তিনিদিনীয়া ভ্রমণসূচী লৈ উপস্থিত হৈছে ৰাছিয়াত৷ আগন্তুক ২৪ জুনত ৰাজনাথ সিঙে দ্বিতীয় বিশ্বযুদ্ধত বিজয়ৰ ৭৫সংখ্যক দিৱস উপলক্ষে মস্কোত উলিয়াবলগীয়া সামৰিক কুচকাৱাজত অংশগ্রহণ কৰিব৷ কিন্তু চীনৰ সৈতে ভাৰতত উত্তেজনা চলি থকা সময়তে এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা শীঘ্রে ভাৰতক প্রদান কৰাৰ বাবে মন্ত্রী ৰাজনাথ সিঙে মস্কো প্রশাসনৰ ওচৰত চাপ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে৷

You might also like