নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আছুৰ উদ্যোগত মুকলি বিহু

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই কালি দিনজোৰা কাৰ্য্যসূচীৰে মুকলি বিহু অনুষ্ঠিত কৰে। মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ মুকলি পৰিৱেশত অনুষ্ঠিত হোৱা এই মুকলি বিহুৰ বিহুতলী মুকলি কৰে বিশিষ্ট বিহু শিল্পী, শিক্ষক অশোক বৰাই। অনন্ত বৰঠাকুৰে আঁ‌ত ধৰা অনুষ্ঠানত বিহুতলীৰ নঙলা খুলি বিহুতলী মুকলি কৰে। বিহুতলী মুকলি কৰি তেওঁ বিহুক অসমীয়াৰ আয়ুসৰেখা বুলি উল্লেখ কৰাৰ লগতে বিহুৱেই অসমীয়াৰ প্ৰথম চিনাকি বুলি মন্তব্য কৰে। এই বিহুতলীতেই মৰিয়নিৰ বিশিষ্ট পেঁ‌পাবাদক, প্ৰবীন বিহুৱা তুলসী তোলন গগৈ, শংকৰী সংস্কৃতিৰ সাধক বোধেন সন্দিকৈ আৰু মৰিয়নিৰ বৈষ্ণৱ সমাজৰ অন্যতম জ্যেষ্ঠ ব্যক্তি লাচিত বুঢ়াগোঁ‌হাইক চেলেং চাদৰ, গামোচা, সম্বৰ্ধনা পত্ৰ আদিৰে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে, একেটা অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠানিক সম্পাদক জিতু নেওগ, কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমনি ভূঞা, জ্যেষ্ঠ বিহুৱা- শিক্ষক নগেন গগৈ, জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা, মৰিয়নিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্য্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া (সুৰেন), বিশিষ্ট সমাজকৰ্মী- শিক্ষাবিদ ৰঞ্জিত গোহাঁইবৰুৱা, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, মৰিয়নি দৈনিক বজাৰ সমিতিৰ সভাপতি কাৰ্তিক কৰ্মকাৰ, প্ৰাক্তন ছাত্ৰ নেতা প্ৰাঞ্জল পাওগাম, জয়ন্ত চেতিয়া, দ্বীপেন দাস, দিলীপ চাহু, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিতুল বৰা, সম্পাদক নবীন সন্দিকৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি প্ৰিয়াংশু বৰুৱা, যোৰহাট জিলা সমিতিৰ ৰঞ্জিত গগৈ, বীৰ লাচিত সেনাৰ পংকজ বুঢ়াগোঁ‌হাই, যুৱ ব্যৱসায়ী ৰমেন চেতিয়া আৰু পাৰ্থপ্ৰতীম বৰুৱা (বাবা), সমৰকলাবিদ খোকন দে, আটছাৰ গৌড়চন্দ্ৰ তাঁ‌তী, সাংস্কৃতিক কৰ্মী দীপক দত্ত (জোন), সংবাদকৰ্মী সপোন ৰহমান শইকীয়া, কল্লোল দেৱ, গৌৰৱ চুতীয়া, ৰাজীৱ কৰ্মকাৰ, দীপাংকৰ বাৰুৱতী, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ প্ৰাক্তন বিষয়ববীয়া ইচফাক আহমেদ, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰিতম শইকীয়া, অমৃত ঢেলিয়া, অম্লানজ্যোতি ভৰালী, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঐনিতম দত্ত, শিক্ষক চহন কানু, বন বিষয়া ভাস্কৰজ্যোতি বৰগোঁ‌হাই আদিক গামোচা, চেলেং আৰু একোটিকৈ কপৌফুলৰ গছেৰে বিহুৰ ওলগ জনোৱা হয়। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অৰ্জুনমনি ভূঞাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহু অনুষ্ঠানে সকলো জাতি জনগোষ্ঠীৰ-ভাষা ভাষী-ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক দৃঢ় কৰিব বুলি মতপ্ৰকাশ কৰে। এই মুকলি বিহুতলীত বিহুৰ ঢোলৰ মাতৰ লগতে ঝুমুৰৰ মাদলৰ মাতে ৰজনজনাই যায়। নকছাৰীৰ ছোৱালী বিহুদল ‘ঢোল বাই ঢুলীয়া’ই প্ৰদৰ্শন কৰা বিহুৱে উপস্থিত সকলোকে আপ্লুত কৰে। ইয়াৰ উপৰি তিতাবৰৰ পাৰিজাত বিহুদল, আঠখেলীয়াৰ ধনচেং বিহু হুঁ‌চৰি দল, নামৰূপীয়াৰ লুইতপৰীয়া বিহু দল, যোৰহাটৰ সপ্তক সমন্বয় গোষ্ঠী, মৰিয়নিৰ জাংফাই বিহুদল আৰু মাঁ‌কো বিহু দল, নকছাৰীৰ জেতুকা জেং বিহু দল, জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী জেং বিহু দল আদিৰ বিহু প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষণীয় অনুষ্ঠান। ইয়াৰ মাজতে কাটনিবাৰী চাহ বাগিচাৰ ঝুমুৰ দলে পৰিৱেশন কৰা ঝুমুৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইফালে, অসমৰ জনপ্ৰিয় ঢুলীয়া শিল্পী মহেন্দ্ৰ চুতীয়া ওজা আৰু তেওঁৰ সংগীসকলৰ ঢোলবাদনৰ অনুষ্ঠানে ৰাইজক আমোদ দিয়ে। তেজপুৰৰ ‘নক্ষত্ৰ- এক অবিৰত যাত্ৰা’ৰ শিল্পীসকলে পৰিৱেশন কৰা গীত নৃত্যৰ অনুষ্ঠানটোৱে সমগ্ৰ কাৰ্য্যসূচীক অধিক জীপাল কৰি তোলে। তেওঁলোকে থলুৱা বাদ্যযন্ত্ৰেৰে পৰিৱেশন কৰা মনোগ্ৰাহী অনুষ্ঠানটোৱে সকলোকে চুই যায়। সন্ধিয়ালৈ বিশিষ্ট শিল্পী তৰুণ শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচীত উদীয়মান শিল্পী সাগৰিকা ডেকা, প্ৰিয়াংকী হাজৰিকা, প্ৰস্তূতি হাজৰিকা, অনন্যা শইকীয়া, প্ৰশান্ত বৰা, তপন চক্ৰৱৰ্তী, মনদ্বীপ মাজুলী আদিয়ে গীত পৰিৱেশন কৰাৰ লগতে আয়ুস্মিতা দিহিঙীয়াই পৰিৱেশন কৰা বিহুনাচে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে উদ্যোক্তাসকলে প্ৰতিটো বিহুদল আৰু ঝুমুৰ দলক নঙলা মুখৰ পৰা বিহুতলীলৈ তামোল পানৰ শৰাইৰে আদৰি অনা আৰু বিহু পৰিৱেশনৰ অন্তত সকলোৱে আঁ‌ঠু লৈ বিহুৱা বিহুৱতীৰ আশীষ লোৱা দৃশ্য আছিল সমগ্ৰ অনুষ্ঠানটোৰ সবাতোকৈ উল্লেখনীয় বিষয়। মৰিয়নিবাসী ৰাইজে ছাত্ৰসন্থাৰ এনে কাৰ্য্যৰ শলাগ লৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like