নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ সাম্প্ৰতিক সময়ত আমাৰ অসমীয়া ভাষাৰ অস্তিত্ব সম্বন্ধত বিভিন্ন লোকে বিভিন্ন কথা কৈ আহিছে৷ কিন্তু ভাষাৰ স্থায়িত্বৰ ক্ষেত্ৰত প্ৰথম কথা হ’ল যে আমাৰ অসমীয়া ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত আমি প্ৰতিগৰাকী অসমীয়া স্বাভিমানী হ’ব লাগিব৷” এই মন্তব্য ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ অমলেন্দু চক্ৰৱৰ্তীৰ৷ আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এখন সভাত প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰি ড৹ চক্ৰৱৰ্তীয়ে কয় যে ছাত্ৰ ছাত্ৰী চাৰিটা গুণ থাকিব লাগে৷ সেয়া হৈছে- প্ৰেম, নিচা, চুৰ কৰা আৰু দাদাগিৰি কৰা৷ নিজৰ কৰ্তব্যৰ প্ৰতি প্ৰেম, কিতাপ তথা অধ্যয়নৰ প্ৰতি নিচা থকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সময় চুৰ কৰিব জানিব লাগে আৰু অন্যায়ৰ বিৰুদ্ধে দাদাগিৰি দেখুৱাব লাগে তথা কোনোবাই দেশমাতৃক লেতেৰা কৰিলে তাৰ বিৰুদ্ধে দাদাগিৰিৰে মাত মাতিব লাগে বুলি তেওঁ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ উল্লেখ্য যে বজালী জিলা সদৰ পাঠশালাস্থিত অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান পূৰ্বে বজালী মহাবিদ্যালয় হিচাপে পৰিচিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভনিতে ৰাতিপুৱা বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে উপাচাৰ্য্য ড৹ বিৰিঞ্চি কুমাৰ দাসে৷ বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সতে জড়িত লোকসকলক স্মৰণ কৰি প্ৰতিষ্ঠাপক অধ্যক্ষ ড৹ কামেশ্বৰ দাসৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ ৰঞ্জিৎ কুমাৰ দত্তই৷ দিনৰ ভাগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ বিৰিঞ্চি কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ৰ মনোজ কুমাৰ দাসে৷ অৰ্থনীতি বিভাগৰ অধ্যাপক ড৹ পৰাগ বৰ্মণে আঁত ধৰা সভাখনত বন্তি প্ৰজ্বলনেৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বজালী অঞ্চলৰ লগতে নামনি অসমৰ শৈক্ষিক, সামাজিক তথা বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি মানৱ সম্পদ গঢ়ি সমাজলৈ অৱদান আগবঢ়াই অহা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ আজি প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত বিশ্ববিদ্যালয়খনৰ এই গৌৰৱোজ্জ্বল যাত্ৰা সুদূৰপ্ৰসাৰী হোৱাৰ কামনা কৰি বিশ্ববিদ্যালয়খনৰ আচাৰ্য, উপাচাৰ্য সহিতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ আৰু শিক্ষাৰ্থীসকলক আন্তৰিক শুভকামনা জ্ঞাপন কৰে৷ তেওঁ বিশ্ববিদ্যালয়খনৰ উত্তৰোত্তৰৰ বাবে সৰ্বোতপ্ৰকাৰে সহায় কৰিবলৈ সদায় সাজু থকা বুলি মন্তব্য কৰে৷ বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মায়ো উপস্থিত থকা সভাত ছাত্ৰ একতা সভাৰ সম্পাদক দেৱৰ্ষি তালুকদাৰ, শিক্ষক সংস্থাৰ সভাপতি কনক দাস, বিশিষ্ট শিক্ষাবিদ মুৰাৰী মোহন দত্ত সমন্বিতে লোকসকলে ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ মুখ্য ভৱনটো মেধিকুছিৰ পৰিৱৰ্তে বৰ্তমানৰ বিশ্ববিদ্যালয় চৌহদতে নিৰ্মাণ কৰিবলৈ সহমত প্ৰকাশ কৰে৷ সন্ধিয়া অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কাৰ্যালয় সহায়ক মথুৰা মোহন ডেকাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷ উল্লেখ্য যে, ১৯৫৫ চনৰ ১৬ আগষ্টত বজালীৰ ভিন্ন স্তৰৰ ৰাইজৰ দান বৰঙনিৰে স্থাপন কৰা হৈছিল বজালী মহাবিদ্যালয়৷ পৰৱৰ্তী সময়ত অসম চৰকাৰে ২০১৭ চনত এখন বিধেয়ক গৃহীত কৰি ২০১৯ চনত মহাবিদ্যালয়খনক ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like