মা কামাখ্যাৰ আশিস গ্রহণ দেশৰ মুখ্য ন্যায়াধীশৰ
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই আজি আশিস ল’লে মা কামাখ্যাৰ৷ পুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মুখ্য ন্যায়াধীশগৰাকী উপস্থিত হয় নীলাচল পাহাৰস্থিত কামাখ্যা দেৱালয়ত৷ তেওঁ উপস্থিত হোৱাৰ লগে লগে দেৱালয় কর্তৃপক্ষই সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে কামাখ্যালৈ উষ্ম আদৰণি জনায়৷ ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীয়ে পৰম্পৰাগতভাৱে কামাখ্যাৰ পূজা–র্চনা আগবঢ়োৱাৰ লগতে আশিস লয়৷ কামাখ্যা দর্শনৰ পাছতে মুখ্য ন্যায়াধীশগৰাকী ৰাওনা হয় কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ৷ গুৱাহাটীৰ পৰা হেলিকপ্ঢাৰেৰে তেওঁ কাজিৰঙাত উপস্থিত হয়৷ কাজিৰঙাৰ গেলেকীস্থিত অস্থায়ী হেলিপেডত ন্যায়াধীশগৰাকীক গার্ড অৱ অনাৰ দিয়া হয়৷ ইয়াৰ পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁৰ বিশাল কনভয় উপস্থিত হয় বিলাসী আয়’ৰা ৰিজ’টত৷ এই ৰিজ’টতে মুখ্য ন্যায়াধীশগৰাকীয়ে নিশা কটাব৷ ইপিনে বিয়লি তেওঁ পৰিদর্শন কৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চল৷ পৰিভ্রমী চৰাই চোৱাৰ বাবে থকা হেঁপাহৰ বাবেই মুখ্য ন্যায়াধীশগৰাকীয়ে অগৰাতলী বনাঞ্চল পৰিদর্শন কৰে বুলি জানিব পৰা গৈছে৷ কাইলৈ পুৱা মুখ্য ন্যায়াধীশগৰাকীয়ে কঁহৰা বনাঞ্চলত হাতী ছাফাৰি কৰিব৷ ইতিমধ্যে মুখ্য ন্যায়াধীশগৰাকীৰ উপস্থিতিৰ বাবে কাজিৰঙাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰাৰ লগতে তেওঁ যাতে সুন্দৰকৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ৰাষ্ট্রীয় উদ্যানখন পৰিদর্শন কৰিব পাৰে, তাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই ব্যৱস্থা গ্রহণ কৰিছে৷