বিশেষ বাৰ্তা, ২৬ জুনঃ ৰাজ্যৰ স্বাস্থ্য সেৱা আৰু অধিক শক্তিশালীকৰণৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৬ টা নতুন স্বাস্থ্যসেৱা প্রকল্প অসমৰ জনসাধাৰণৰ বাবে উৎসর্গিত কৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম আৰু ই–গভ ফাউণ্ডেশ্যন, কৰুণা ড্রাষ্টৰ সহযোগত ৰাজ্যৰ ২১ খন জিলাৰ ২৩ খন জিলা চিকিৎসালয় আৰু মহকুমা অসামৰিক চিকিৎসালয়ত ১০ খন আই চি ইউ বিছনাযুক্ত প্রকল্প, ভাৰত চৰকাৰৰ অনুদানেৰে ২.৭৩ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহাবিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষার্থীৰ বাবে আধুনিক সা–সঁজুলিসজ্জিত তৎকালীন ৰোগ নির্ণয় আৰু গৱেষণাৰ বাবে বহুমুখী গৱেষণা গোট এম আৰ ইউ প্রকল্প, ভাৰত চৰকাৰৰ অনুদানেৰে ৫ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক সা–সঁজুলিসজ্জিত উন্নত প্রযুক্তিৰে জেনেটিক মার্কাৰ আৰু স্ক্রীনিং ব্যৱস্থা সামৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত মলিকিউলাৰ অংকলজী লেব প্রকল্প সমগ্র উত্তৰ–পূর্বাঞ্চলত সর্বপ্রথম, ভাৰত চৰকাৰৰ অনুমোদনেৰে ২.৫ কোটি টকা ব্যয়সাপেক্ষে অধ্যাপক, কর্মকর্তা আৰু শিক্ষার্থীৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৰাষ্ট্রীয় জৰুৰীকালীন জীৱন সুৰক্ষা এন ই এল এছ দক্ষতা কেন্দ্র, ৰাজ্যৰ জনগণৰ চিকিৎসা সেৱা ব্যৱস্থাপনাৰ বাবে গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়ান অইল কর্পৰেশ্যন লিমিটেডৰ অধীনৰ কর্পৰেট এনভাইৰনমেণ্ঢেল ৰেচ্পনচিবিলিটি আঁাঁচনিৰ ১.৬৪কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৩২ শ্লাইচ্ চিটি স্কেন মেচিন প্রকল্প, চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ অধীনৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ বাবে এছেট মেনেজমেণ্ঢ পর্টেল এম ই ডি–এ এম এছ শুভ উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ স্বাস্থ্য সেৱা অধুনিকীকৰণ আৰু সবলীকৰণৰ দিশত আজি দিনটো এক বিশেষ দিন বুলি অভিহিত কৰে৷ আজিৰ দিনটোত এনে এক প্রকল্প ৰূপায়ণ কৰা হৈছে যাৰ জৰিয়তে আই চি ইউ পৰিৱেশ সম্পূর্ণ পৰিবর্তন কৰিব পাৰে৷ কভিড পৰিৱেশৰ সময়ত সকলোৱে আই চি ইউৰ প্রয়োজনীয়তা আৰু আই চি ইউ ব্যৱস্থাপনাৰ সম্পর্কত আলোচনা কৰিছিল৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ সহযোগত সমগ্র ৰাজ্যতে আই চি ইউৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে পৰৱর্তী পর্যায়ত কেইবাজনো ব্যক্তি আৰু সংগঠনৰ সহযোগত ৰাজ্যৰ সৰু সৰু চহৰবোৰতো ৰাজ্য চৰকাৰে আই চি ইউৰ ব্যৱস্থা কৰিছিল৷ ৰঙিয়াৰ দৰে নগৰত ৫০ খনতকৈয়ো অধিক আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হৈছিল বুলি তেওঁ কয়৷ কভিড পৰিৱেশৰ সময়ছোৱাত ভাৰত চৰকাৰৰ ডনাৰ মন্ত্রাণালয় আৰু ৰাজ্য চৰকাৰৰ সহয়োগত এক প্রকল্প আৰম্ভ কৰা হৈছিল৷ অসম ক্রিটিকেল কেয়াৰ ইনফ্রাষ্ট্রাকচাৰ প্রজেক্টৰ জৰিয়তে সেই সময়ত অসমৰ প্রতিখন চিকিৎসালয়তে আই চি ইউ স্থাপন কৰাত সক্ষম হোৱাৰ বিষয়টো আলোকপাত কৰি তেওঁ কয় যে আই চি ইউ স্থাপনৰ লগে লগে দক্ষ মানৱ সম্পদৰ প্রয়োজনীয়তাৰ বিষয়টো উপলব্ধি কৰা হৈছিল৷ আই চি ইউ প্রটকল আৰু আই চি ইউৰ লগত জডিত ডিজিটেল ৰেকর্ড, এই সকলোবোৰৰ মাজত এটা ব্যৱধান আছিল৷ আজিৰ দিনটো এই বাবেই উল্লেখযোগ্য যে কেতবোৰ উত্তৰ বিহীন প্রশ্ন স্বাস্থ্য সেৱাত আছিল, সেই সমূহ ডিজিটেলি আৰু প্রয়ুক্তিগতভাৱে সমাধান কৰাৰ বাবে উদ্যোগ গ্রহণ কৰা হৈছে৷ প্রতিখন জিলাত আই চি ইউ প্রতিষ্ঠা কৰা এই প্রকল্প আৰু চিকিৎসা মহাবিদ্যালয়ত টেলি আই চি ইউ হাব মুকলি কৰাটো এক উল্লেখযোগ্য দিশ বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে ই–গভ ফাউণ্ডেশ্যন আৰু কৰুণা ড্রাষ্টৰ লগতে গুৱাহাটী শোধনাগাৰ আৰু ইছ ডি এফ চিকো ধন্যবাদ জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অকল চিকিৎসা মহাবিদ্যালয়তে নহয়, এই প্রকল্পৰ জৰিয়তে জিলা হাস্পতালটো সুবিধা উপলব্ধ হব৷ প্রকল্পটোৰ জৰিয়তে নার্ছ, চিকিৎসক সকলক প্রশিক্ষিত কৰা হব৷ জিলা হাস্পতালসমূহত চিকিৎসা মহাবিদ্যালয় হাবৰ সৈতে সংযোগ সাধন কৰা হব বুলি তেওঁ কয়৷ ভাৰতবর্ষৰ দৰে ভৌগোলিক বিচিত্রতা থকা দেশত প্রতিগৰাকী ৰোগী আৰু চিকিৎসালত আধুনিক চিকিৎসা সেৱা আগববাব লাগিলে প্রয়ুক্তিগত দিশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে বর্তমান ভাৰতবর্ষত চিকিৎসা খণ্ডত প্রয়ুক্তিগত দিশটো উপলব্ধ হৈছে৷ এই ক্ষেত্রত চিকিৎসা সেৱাৰ সৈতে জডিত সকলে তাৰ পূর্ণ ব্যৱহাৰ কৰিব লাগিব৷ ৰাজ্য চৰকাৰে চিকিৎসা খণ্ডৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৬ শতাংশ চিকিৎসা খণ্ডত প্রয়োগ কৰা হৈছে৷ প্রতি বছৰে ইয়াক বৃদ্ধি কৰি যোৱা হব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ৰাজ্য চৰকাৰে পাব্লিক প্রাইভেট পাটনাৰশ্বিপত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কেনচাৰ কেয়াৰৰ দৰে বিভিন্ন পদক্ষেপ লোৱা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৰাষ্ট্রীয় জৰুৰীকালীন জীৱন সহায়ক দক্ষতা কেন্দ্র, বহুমুখী গৱেষণা গোট, ৩২ টা শ্লাইচ্ চিটি স্কেন মেচিন, মলিকিউলাৰ অংকলজী পৰীক্ষাগাৰ শুভ উদ্বোধন কৰা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মলিকিউলাৰ অংকলজী পৰীক্ষাগাৰে কর্কট চিকিৎসা ক্ষেত্রত নতুন সুবিধা উপলব্ধ কৰা হয়৷ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ সম্পত্তি ব্যৱস্থাপনা প্রক্রিয়াটো সুশৃংখলিত কৰিবলৈ আজি এছেট মেনেজমেণ্ঢ পর্টেল এটাও মুকলি কৰাৰ জৰিয়তে চিকিৎসা মহাবিদ্যালয়ৰ যন্ত্রপাতিসমূহ সঠিক সময়ত মেৰামতি কৰাটো সম্ভৱ হৈ উঠিব৷ সভাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, স্বাস্থ্য বিভাগৰ প্রধান সচিব অবিনাশ যোশী, মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং, মেডিকেল শিক্ষাৰ সঞ্চালক অনুপ বর্মন, ১০ খন বিছনা যুক্ত আই চি ইউৰ অধ্যক্ষ শ্রীকান্ত নাধামুণি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্য প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷