নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাত ডিজিটেল পুথিভঁৰাল আৰু ব্যায়ামাগাৰসহ এটা বিধায়ক ক্লাব উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ আজি অসম বিধানসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ডিজিটেল পুথিভঁৰাল আৰু ব্যায়ামাগাৰসহ এটা বিধায়ক ক্লাব উদ্বোধন কৰে। ১৯৩৭ চনত অসম বিধানসভা আৰম্ভ হোৱাৰ পৰা তথ্য আৰু বিধানসভাৰ কাৰ্যক্ৰমণিকাৰে সমৃদ্ধ চহকী ভঁৰাল আছে। অৱশ্যে ডিজিটাইজেচনৰ অভাৱৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ তথ্য হেৰুওৱাৰ আশংকা আছে যদিও এই ডিজিটেল পুথিভঁৰালটিয়ে সমৃদ্ধ ঐতিহাসিক তথ্যবোৰ ডিজিটাইজ কৰি পৰৱৰ্তী প্রজন্মৰ বাবে উপযোগী কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আন্তৰিকতাৰে আশা ব্যক্ত কৰে। মুখ্যমন্ত্রীয়ে ভৱিষ্যৎ প্ৰজন্মই মাউছৰ ক্লিকতে সদনৰ তথ্য লাভ কৰাত সহায়ক হোৱাকৈ অসম বিধানসভাৰ প্ৰধান সচিবক সদনৰ সকলো কাৰ্যক্ৰমণিকা আৰু সদনৰ আচৰণৰ ভিডিঅ’ ফুটেজ ডিজিটাইজ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ নির্দেশনা প্রদান কৰে। ইয়াৰ লগতে মাননীয় সদস্যসকলৰ সেৱাৰ বাবে উৎসৰ্গিত ব্যায়ামাগাৰটিয়ে মাননীয় বিধায়কসকলক সুবিধাসমূহ ব্যৱহাৰ কৰি গুৱাহাটীত থকা সময়ত শৰীৰ-চর্চাৰে নিজক সুস্বাস্থ্যৱান হৈ থকাৰ ক্ষেত্রত সহায় কৰিব বুলি তেখেতে মত প্রকাশ কৰে। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ শ্রীবিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন, মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাগৰাকী বিধায়ক উপস্থিত আছিল।

You might also like