নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াল্লিছৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনঃ উন্মোচন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত তেজপুৰৰ ঢেকীয়াজুলি থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতৰ জাতীয় কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যু বৰণ কৰা মৃত্যু বাহিনীৰ নায়ক মনবৰ নাথৰ এক প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে ‘অসম নাথ -যোগী ছাত্ৰ সন্থাৰ ‘ সম্পাদক যোগী অৰবিন্দ নাথ আৰু ডিমৌ-বাংঠাই গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত নাথে । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত প্ৰতিষ্ঠা হব লগীয়া অনুষ্ঠানত আজি ছহিদৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনাৰে আৰম্ভ হয় । জামুগুৰিৰ বিশিষ্ট ব্যক্তি গম্ভীৰ নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত ভূপেন নাথৰ শান্তি মন্ত্ৰ , আয়তীৰ উৰুলী , ঘোষাপাঠৰ মাজেৰে প্ৰতিমূৰ্ত্তি স্থলীত মচলা দি কামৰ আৰম্ভ কৰা হয় । ইয়াৰ পাছতে ,অনিল নাথ আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত স্হানীয় কিশোৰী সকলে ” এই বিশাল বিশ্বৰ / মহাভাৰতৰ /সোনৰ অসমৰ ,সেউজী জামুগুৰি গাওঁ // তাৰেই বোকা পানীত /জন্ম হৈছিল /শ্বহীদ মনবৰ নাথৰ //” শীৰ্ষক সমবেত সংগীত পৰিবেশনেৰে জীপাল কৰা অনুষ্ঠানটোত নগাঁও জিলা যোগী সন্মিলনীৰ সভাপতি আৰু সম্পাদক ঘনশ্যাম নাথ আৰু পুস্পেন্দ্ৰ নাথ , নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষৰ সম্পাদিকা নিশিতা দেৱী , নগাঁও জিলা নাথ যোগী ছাত্ৰ ঊ সম্পাদক জ্যোতি প্ৰসাদ হাজৰিকা , বঙাইগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দন নাথ , প্ৰাদেশিক যোগী মহিলা সন্মিলনীৰ সভানেত্ৰী জয়া দেৱী , নগাঁও জিলা যোগী মহিলা সন্মিলনীৰ সভানেত্ৰী অঞ্জলি দেৱী, প্ৰাক্তন উপ সভানেত্ৰী নিৰু দেৱী , মূৰ্তি নিৰ্মাতা শিল্পী লক্ষ্য জ্যোতি বৰা , হেৰম্ব কুমাৰ বৰা আদিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে নাথ যোগী ছাত্ৰ সন্হাৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ আলোচনা ক্ৰমে নিৰ্মাণ কৰিব লগীয়া প্ৰতিমূৰ্ত্তি টো নগাঁৱৰ অভিভাৱক মন্ত্ৰী পিযূষ হাজৰিকাৰ তদাৰকতাত নিৰ্মাণ হৈছে আৰু সম্পূৰ্ণ হলে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে প্ৰতিমূৰ্ত্তিটো উন্মোচন কৰিব বুলি নাথ যোগী ছাত্ৰ সন্হাৰ সম্পাদক যোগী অৰবিন্দ নাথে সাংবাদিকক জানিব দিছে ।

প্ৰেৰক কনক হাজৰিকা

You might also like