নলবাৰীৰ বৰ আজাৰাৰ চান্দকুছিত বাসন্তী মন্দিৰ সাংস্কৃতিক প্রকল্পৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৭ এপ্রিলঃ শ্রীশ্রীবাসন্তী পূজাৰ মহাষষ্ঠী উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নলবাৰী জিলাৰ বৰ আজাৰাৰ চান্দকুছিস্থিত শ্রীশ্রী বাসন্তী মন্দিৰত উপস্থিত হৈ ৮৫তম্ শ্রীশ্রী বাসন্তী পূজাত অংশ লয় তথা দেৱীৰ শ্রীচৰণত ৰাজ্যবাসীৰ কুশল–মংগলৰ বাবে প্রার্থনা জনায়৷ মুখ্যমন্ত্রীয়ে লগতে শ্রীশ্রীবাসন্তী মন্দিৰ সাংস্কৃতিক প্রকল্প আৰু ৰংগমঞ্চৰো শুভ উদ্বোধন কৰে৷ সাংস্কৃতিক প্রকল্প উদ্বোধন উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ভক্ত আৰু দেৱীৰ মাজত থকা সম্পর্কই আধ্যাত্মিক চেতনা অধিক শক্তিশালী কৰে৷ শক্তিশালী আধ্যাত্মিক চেতনাই সমাজৰ হিতৰ হকে কাম কৰিবলৈ প্রেৰণা যোগায়৷ এই মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাল কাম কৰাৰ বাবে সকলোৱে উদ্যোগ লব লাগে৷ মুখ্যমন্ত্রীয়ে কয় যে নিজৰ জন্ম গাঁওখনৰ উন্নয়নত সকলোৱে মনোনিৱেশ কৰিলেহে ৰাজ্যখনৰ প্রগতিৰ গতি ত্বৰান্বিত হব৷ এই কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সনাতন সভ্যতা আৰু সস্কৃতিয়ে সদায়ে উদাৰ চিন্তা–চর্চাৰ জ্ঞান দিয়াৰ লগতে সামাজিক সমৃদ্ধিৰ হকে উৎসর্গীত হবলৈ আমাক শিক্ষা দিয়ে৷ সনাতন সভ্যতাৰ সম্পর্কত নতুন প্রজন্মই জ্ঞান অর্জন কৰিলে কেৱল আধ্যাত্মিকভাৱেই নহয়, প্রমূল্যবোধৰ ভিত্তিত এখন সুস্থ সমাজ নির্মাণ কৰাৰ বাবে শক্তিশালী পৰিৱেশৰ সূচনা হব৷ মুখ্যমন্ত্রীয়ে কয় যে মাটিৰ লগত সম্পর্ক নাথাকিলে কোনো জাতিয়ে জীয়াই থাকিব নোৱাৰে৷ কর্ম সংসৃক্তি অবিহনে কোনো জাতিয়ে মেৰুদণ্ড পোনাই থিয় হব নোৱাৰে৷ তেওঁ কয় যে ধর্ম আৰু কর্ম সমভাৱে আগবাঢ়িলেহে আমাৰ সভ্যতা–সংসৃক্তি অধিক গতিশীল হব৷ এই মন্তব্য প্রকাশ কৰি মুখ্যমন্ত্রী শর্মাই কয় যে ৰাজ্য চৰকাৰে কৃষি কর্মক উৎসাহিত কৰাৰ বাবে কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্রয়ৰ বাবে পদক্ষেপ লৈছে যাতে কৃষি কর্মৰ জৰিয়তে কৃষকসকল আত্মনির্ভৰশীল হব পাৰে৷ মুখ্যমন্ত্রীয়ে নতুন প্রজন্মক কৃষি কর্মত আত্মনিয়োগ কৰি আত্মনির্ভৰশীল অসমৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশতো বিশেষ ভূমিকা লবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমত উৎপাদিত ধান ক্রয়ৰ বাবে বিশেষ উদ্যোগ লবলৈ ভাৰতীয় খাদ্য নিগমক নির্দেশ দিছে আৰু খেতিয়কসকলে ধান বিক্রীৰ ক্ষেত্রত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্য চৰকাৰে যথোচিত পদক্ষেপ লৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ চান্দকুছিস্থিত বাসগৃহত আয়োজন কৰা বাসন্তী পূজাতো অংশ লৈ ৰাজ্যবাসীৰ সুখ–সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে সেৱা আগববায়৷ আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিধায়ক তথা অসম প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, অসম প্রদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্রৰ সংঘচালক ডাঃ উমেশ চন্দ্র চক্রৱর্তী প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷