নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ এপ্রিলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র মুকলি হব লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত 

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ অহা ১২ এপ্রিলত লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত স্থাপন কৰা পাইলট প্ৰশিক্ষণ কেন্দ্রটো আনুষ্ঠানিকভাবে মুকলি কৰিব কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰেড বাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰা এই কেন্দ্রটোত বিমান সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীৰে প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব যদিও সম্প্ৰতি কেৱল পাইলটৰ প্ৰশিক্ষণেৰে কেন্দ্রটো মুকলি কৰিব খোজা হৈছে। পৰৱৰ্তী সময়ত সকলো সেৱাৰে প্ৰশিক্ষণ দিয়া হব এই কেন্দ্রত। উল্লেখ্য বৰ্তমান অসামৰিক বিমান সেৱা চলি থকা এই বন্দৰটো যুদ্ধকালীন পৰিস্থিতিত তৎকালীনভাৱে সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। চুখই যুঁজাৰু বিমানৰ উৰণ অৱতৰণ কৰি বিমানবন্দৰটো সামৰিক বন্দৰ ৰূপে ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। সম্প্ৰতি পাইলট প্ৰশিক্ষণ কেন্দ্র স্থাপনৰ ফলত বহুগুণে গুৰুত্ব লাভ কৰিছে লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰে।
প্ৰেৰক জীৱন গোস্বামী

You might also like