নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কেইবাটাও কাৰ্যসূচীৰে শুৱালকুছিলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কাইলৈ কেইবাটিও কাৰ্যসূচীত অংশ গ্ৰহণৰ উদ্দেশ্য শুৱালকুছিত উপস্থিত হব৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই শুৱালকুছিত উপস্থিত হৈ শুৱালকুছিত নৱনিৰ্মিত মিনি বজাৰ গৃহ আৰু শ্ৰীমন্ত শংকৰদেৱ নাটঘৰৰ (পুনঃনিৰ্মাণ) শুভ উদ্বোধন কৰিব ৷ ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ৰমে ১নং বাপুজী পথ নিবাসী মুক্তিযুঁজাৰু প্ৰয়াত ভাৰত চন্দ্ৰ বৈশ্যৰ বাসগৃহ, মাটিপৰ্বত নিবাসী উচ্চতৰ মাধ্যমিক (কলা শাখা) পৰীক্ষাত অসমৰ ভিতৰত পঞ্চম স্থান প্ৰাপ্ত মধুস্মিতা বেজবৰুৱাৰ বাসগৃহ, কেওটপাৰা বেলৰতল নিবাসী শুৱালকুছি মন্ডলৰ শক্তিকেন্দ্ৰ প্ৰমুখ প্ৰদীপ ঠাকুৰীয়াৰ বাসগৃহ আৰু বামুণ শুৱালকুছি নিবাসী শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী প্ৰয়াত শৈলেন শৰ্মা বাসগৃহত উপস্থিত থাকিব হব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষী প্ৰশাসনে মুখ্যমন্ত্ৰীৰ আগমনক লৈ নিৰাপত্তাৰ দিশত অধিক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like