নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ শর্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : ৰাজহুৱা সেৱা আৰু উন্নয়নত সমর্পিত নেতৃত্ব প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। লি কুয়ান য়ু ফেল’শ্বিপৰ অংশ হিচাপে মুখ্যমন্ত্রীক ছিংগাপুৰ ভ্রমণৰ বাবে আমন্ত্রণ জনোৱা হৈছে। দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মানস্বৰূপে এই ফেল’শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্রদান কৰি অহা হৈছে। ছিংগাপুৰৰ প্রতিষ্ঠাপক প্রধানমন্ত্রী লি কুয়ান য়ু–এ ৰাষ্ট্ৰৰ প্রতি আগবঢ়োৱা অনবদ্য অৱদানৰ প্রতি শ্রদ্ধা জ্ঞাপনার্থে লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপ প্রদান কৰি অহা হৈছে। এই ফেল’শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্রধানমন্ত্রী। উন্নয়ন আৰু আন্তঃৰাষ্ট্রীয় সম্প্রীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হৈছে। এই ফেল’শ্বিপ লাভ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী। উল্লেখ্য যে পূর্বে এই ফেল’শ্বিপ প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ শ্বৌৰী, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান আৰু পৰিকল্পনা আয়োগৰ প্রাক্তন উপাধ্যক্ষ মনটেক সিং আহলুৱালিয়াৰ দৰে বিশিষ্ট ব্যক্তিসকলে লাভ কৰিছে। ১৯৯১ চনত প্রতিষ্ঠিত লি কুয়ান য়ু এক্সচেঞ্জ ফেল’শ্বিপৰ জৰিয়তে এই ফেল’শ্বিপপ্রাপকসকলক উচ্চ পর্যায়ৰ ভ্রমণৰ বাবে আমন্ত্রণ জনোৱা হয়।
You might also like