নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ দিনাই নতুন দিল্লীৰ দ্বাৰকাস্থিত যশোভূমি মুকলি প্রধানমন্ত্রী মোদীৰ

🔹 বিশ্বৰ অন্যতম বৃহত্তম কনভেনছন চেণ্টাৰ যশোভূমি দেশবাসীলৈ উছর্গা প্রধানমন্ত্রীৰ
বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : বিশ্বৰ অন্যতম বৃহত্তম কনভেনছন চেণ্টাৰ ‘যশোভূমি’ দেশবাসীলৈ উছর্গা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নতুন দিল্লীৰ দ্বাৰকাস্থিত বিশ্বৰ বৃহত্তম এমআইচিই (মিটিং, ইনচেণ্টিভ, কনফাৰেন্স এণ্ড এক্সিবিচন), ইণ্টাৰনেচনেল কনভেনছন এণ্ড এক্সপ’ চেণ্টাৰ (আইআইচিচি) প্রকল্পৰ অংশ ‘যশোভূমি’ মুকলি কৰিলে প্রধানমন্ত্রী মোদীয়ে৷ প্রধানমন্ত্রী মোদীৰ জন্মদিনৰ দিনাই যশোভূমি মুকলি কৰাৰ পাছতেই উপস্থিত জনতাই ভাৰত মাতা কী জয় ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে৷ যশোভূমি মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আজি দেশবাসীয়ে আন্তর্জাতিক প্রদর্শনী কেন্দ্র যশোভূমি লাভ কৰিলে৷ এই যশোভূমিত মোৰ বিশ্বকর্মা ভাতৃৰ দক্ষতা প্রতিফলিত হৈছে৷ এই কেন্দ্রটো দেশৰ প্রতিজন বিশ্বকর্মাৰ কেন্দ্র হ’ব বুলি মই ঘোষণা কৰিছোঁ৷ বিশ্বকর্মাসকলৰ বাবে ই সহায়ক হ’ব৷ ভাৰতীয় শিল্প আৰু হস্ততাঁতক আন্তর্জাতিক পর্যায়লৈ নিয়াৰ বাবে এই যশোভূমিয়ে গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ মেৰুদণ্ড যিদৰে আমাৰ দেহৰ বাবে অতি আৱশ্যক, ঠিক তেনেদৰে আমাৰ সমাজৰ বাবে বিশ্বকর্মাসকলো আৱশ্যকীয়৷ তেওঁলোকৰ অবিহনে আমাৰ দৈনন্দিন জীৱন কল্পনাই কৰিব নোৱাৰি৷ যশোভূমি দেশবাসীক উছর্গা কৰিবলৈ দ্বাৰকালৈ প্রধানমন্ত্রী মোদীয়ে মেট্র’ ৰে’লেৰে যায়৷ এই মেট্র’ ৰে’ল যাত্রাত প্রধানমন্ত্রীগৰাকীয়ে যাত্রীৰ সৈতে অন্তৰংগ আলাপ কৰাৰ লগতে ছেলফি উঠি আনন্দ লয়৷ ৮.৯ লাখ বর্গমিটাৰ অঞ্চল সামৰি ১.৮ লাখ বর্গমিটাৰ অঞ্চলত নির্মিত যশোভূমি বিশ্বৰ বৃহত্তম কনভেনছন চেণ্টাৰৰ অন্যতম৷ এই কনভেনছন চেণ্টাৰটোত অত্যাধুনিক সকলো সা–সুবিধা আছে৷ ৭৩,০০০ বর্গমিটাৰৰ কনভেনছন চেণ্টাৰটোৰ ভিতৰত ১৫টা কনভেনছন ৰুম আৰু ইয়াৰ ভিতৰত মূল প্রেক্ষাগৃহ, এটা বল ৰুম আৰু ১৩টা সভাকক্ষ আছে৷ এই কনভেনছন চেণ্টাৰত ১১ হাজাৰ প্রতিনিধি মিলিত হ’ব পাৰে৷ মূল প্রেক্ষাগৃহত ৬ হাজাৰ অতিথিৰ আসন আছে৷ এই আসনবোৰ অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰা হৈছে৷ বল ৰুমত ২৫০০ অতিথিয়ে অংশ ল’ব পাৰে৷ অতিৰিক্ত ৫০০জন অতিথিৰ বাবে আসনৰ ব্যৱস্থাও আছে৷ ১৩টা সভাকক্ষ ৮টা মহলাজুৰি সাঙুৰি আছে৷ এই সভাকক্ষসমূহ অত্যাধুনিক ব্যৱস্থাসম্পন্ন৷ ইপিনে, যশোভূমি উদ্বোধন কৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে দ্বাৰকা ছেক্টৰ–২১ৰ পৰা যশোভূমি দ্বাৰকা ছেক্টৰ–২৫লৈ এয়াৰপ’ৰ্ট মেট্র’ এক্সপ্রেছ লাইনৰ সম্প্রসাৰণ প্রকল্পটো মুকলি কৰে৷ আজি আবেলি ৩ বজাৰ পৰাই এই সম্প্রসাৰিত এয়াৰপ’ৰ্ট মেট্র’ এক্সপ্রেছ লাইন যাত্রীসকলৰ বাবে মুকলি কৰা হয়৷ এই প্রকল্পতে নতুন দিল্লীৰ পৰা যশোভূমি দ্বাৰকা ছেক্টৰ–২৫লৈ এয়াৰপ’ৰ্ট মেট্র’ এক্সপ্রেছ লাইনৰ দৈর্ঘ্য হৈছে ২৪.৯ কিলোমিটাৰ৷

You might also like