নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদ মাহৰ শেষৰটো দেওবাৰে আঠখেলীয়া নামঘৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা,  ১৭ ছেপ্টেম্বৰ : পৱিত্ৰ ভাদ মাহ উপলক্ষে আজি বিয়লি ভাগত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেৱশ মহন্ত গোলাঘাট জিলাৰ তিনি নদীৰ সংগমস্থলীত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত তীৰ্থস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ চাকি-বন্তি জ্বলাই ভকত সেৱা কৰি নিজৰ পৰিয়ালৰ লগতে অসমৰ ৰাইজৰ কুশল মংগল কামনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ যি অমৃত বৃক্ষ আন্দোলনৰ এক কোটি গছপুলি ৰোপণৰ লক্ষ্য, এই আন্দোলনৰ প্ৰতি সন্মান জনাই নামঘৰৰ চৌহদত নামঘৰ কমিটীৰ সহযোগত দুটা মেহগনি গছৰ পুলি ৰোপণ কৰে। উল্লেখ্য যে নামঘৰৰ চৌহদত টাই আহোম আৰু অনুসূচিত জাতিৰ সংগঠনে ভকত-বৈষ্ণৱৰ কাৰণে যোগান ধৰা নেমু পানী খাই তাত হাতেৰে নেমু চেপি থকা দেখি মন্ত্ৰীগৰাকীয়ে নিজাবব্বীয়াকৈ সংগঠনকেইটাক অহা বৰ্ষত নেমু চেপা মেচিন যোগান ধৰাৰ কথা প্ৰকাশ  কৰে।

প্ৰেৰক পৰাগ বৰুৱা

You might also like