নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রচাৰৰ ধুমুহাৰে নির্বাচনী ৰণক্ষেত্রত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ সমাগত লোকসভা নির্বাচনৰ সকলো প্রস্তুতি সম্পূর্ণ কৰি নৰেন্দ্র মোদীক ক্রমাগতভাৱে তৃতীয়বাৰলৈ দেশৰ প্রধানমন্ত্রীৰ আসনত উপৱিষ্ট কৰোৱাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ হকে বিজেপিয়ে ব্যাপক কুচকাৱাজ অব্যাহত ৰাখিছে৷ অসমতো ইয়াৰ ব্যতিৰেক হোৱা নাই৷ প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিতব্য ৫ সংসদীয় সমষ্টি ক্রমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্রুগড় আৰু যোৰহাটত শাসকীয় মিত্রজোঁট নেতৃত্বাধীন দলটোৱে সমুখ সমৰত নামি পৰিছে৷ অব্যাহত আছে ব্যাপক প্রচাৰ অভিযান৷ ইয়াৰ মাজতে প্রচাৰৰ ধুমুহা তুলি নির্বাচনী ৰণক্ষেত্রত নামি পৰিবলৈ সাজু হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ উল্লেখ নিষ্প্রয়োজন যে মুখ্যমন্ত্রী ড০ শর্মাই অসমত বিজেপিক নির্বাচনী যুঁজত সমুখৰ পৰা নেতৃত্ব দিব৷ ইতিমধ্যে প্রথম পর্যায়ৰ লোকসভা নির্বাচনৰ বাবে ৰাজ্যত মুখ্যমন্ত্রী ড০ শর্মাৰ প্রচাৰ অভিযান সূচী নির্ধাৰণ কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ এটা সূত্রই জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই পহিলা এপ্রিলত যোৰহাট সংসদীয় সমষ্টিৰ অন্তর্গত মাজুলীৰ পৰাই চাইকেল সমদলেৰে আনুষ্ঠানিকভাৱে নিজৰ প্রচাৰ অভিযান আৰম্ভ কৰিব৷ ৰঙালী বিহু উপলক্ষে ১৪ এপ্রিলৰ দিনটোক বাদ দি ১৫ এপ্রিল পর্যন্ত অব্যাহত থাকিব তেওঁৰ প্রচাৰ অভিযান৷ সামগ্রিকভাৱে মুখ্যমন্ত্রী ড০ শর্মাই এই সময়ছোৱাত নিজাববীয়াকৈ ৩০খন বিশাল জনসভা সম্বোধন কৰিব৷ ২ এপ্রিলত তেওঁ উপস্থিত থাকিব কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তর্গত সৰুপথাৰত অনুষ্ঠিত হ’বলগীয়া এখন ৰাজহুৱা সভাত৷ ৪ এপ্রিলত শোণিতপুৰ সংসদীয় সমষ্টিত মুখ্যমন্ত্রী ড০ শর্মাই তিনিখন জনসভাত অংশগ্রহণ কৰাৰ কথা৷ এই জনসভাকেইখন হ’ল– ১১.৩০ বজাত ঢেকীয়াজুলিত, ১.৩০ বজাত গহপুৰত আৰু ৩ বজাত বিহপুৰীয়াত৷ পিছদিনা অর্থাৎ ৫ এপ্রিলতো তেওঁ তিনিখন জনসভা সম্বোধন কৰিব৷ ডিব্রুগড় সংসদীয় সমষ্টিত অনুষ্ঠিত হ’ব এই জনসভাকেইখন৷ নির্ধাৰিত সূচী অনুসৰি তেওঁ অংশগ্রহণ কৰিবলগীয়া জনসভাকেইখন হ’ল– ১১.৩০ বজাত ডিগবৈত, ১.৩০ বজাত মাকুমত আৰু ৩ বজাত টিংখঙত৷ ৭ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাই উপস্থিত থাকিব যোৰহাট সংসদীয় সমষ্টিত৷ সেইদিনা তেওঁ ১১.৩০ বজাত তিতাবৰত, ১.৩০ বজাত মৰিয়নিত আৰু ৩ বজাত নাজিৰাত তিনিখন জনসভাত ভাষণ দিব৷ ৮ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাৰ সূচী পুনৰ নির্ধাৰণ কৰা হৈছে ডিব্রুগড় সংসদীয় সমষ্টিত৷ সেইদিনা তেওঁ ১১.৩০ বজাত নাহৰকটীয়াত, ১.৩০ বজাত দুলীয়াজানত, ৩ বজাত চাবুৱাত অনুষ্ঠিত হ’বলগীয়া জনসভা সম্বোধন কৰিব৷ ৯ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাই লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্গত কাকপথাৰত ১১.৩০ বজাত আৰু ঢ়কুৱাখনাত ৩ বজাত দুখন জনসভা সম্বোধন কৰাৰ বিপৰীতে ১.৩০ বজাত ডিব্রুগড় সংসদীয় সমষ্টিৰ অন্তর্গত খোৱাঙত আন এখন ৰাজহুৱা সভাত উপস্থিত থাকিব৷ ১০ এপ্রিলত যোৰহাট সংসদীয় সমষ্টিত তেওঁ তিনিখন নির্বাচনী জনসভাত অংশগ্রহণ কৰাৰ কথা৷ সেইদিনাৰ সূচী অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই ১১.৩০ বজাত মাহমৰা–ডিমৌত, ১.৩০ বজাত আমগুৰিত আৰু ৩ বজাত টিয়কবাসীৰ মাজত বিজেপিৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ ১১ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাই ১১.৩০ বজাত ডিব্রুগড় লোকসভা সমষ্টিৰ অন্তর্গত মার্ঘেৰিটাত প্রথমখন ৰাজহুৱা সভাত উপস্থিত থকাৰ পিছত ১.৩০ বজাত কাজিৰঙা সংসদীয় সমষ্টিৰ দেৰগাঁৱত আৰু ৩ বজাত বোকাখাতত আন দুখন জনসভা সম্বোধন কৰিব৷ ১২ এপ্রিলত তেওঁ কাজিৰঙা লোকসভা সমষ্টিৰ কাকী (লামডিং)ত ১১.৩০ বজাত, শোণিতপুৰ লোকসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিত ১.৩০ বজাত আৰু লখিমপুৰ সংসদীয় সমষ্টিৰ নাওবৈচাত ৩ বজাত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভা তিনিখনত ভাষণ দিব৷ ১৩ এপ্রিলত মুখ্যমন্ত্রী ড০ শর্মাই ১১.৩০ বজাত প্রথমখন ৰাজহুৱা সভা সম্বোধন কৰিব লখিমপুৰ লোকসভা সমষ্টিৰ ৰঙানদীত৷ ইয়াৰ পিছত তেওঁ ১.৩০ বজাত শোণিতপুৰ লোকসভা সমষ্টিৰ ৰঙাপৰাত আৰু ৩ বজাত যোৰহাট সংসদীয় সমষ্টিৰ সোণাৰিত আন দুখন জনসভা সম্বোধন কৰাৰ কথা৷ ১৫ এপ্রিলত তেওঁ নির্বাচনী প্রচাৰ চলাব কাজিৰঙা লোকসভা সমষ্টিত৷ সেইদিনা ১১.৩০ বজাত লামডিঙত আৰু ১.৩০ বজাত বিন্নাকান্দিত দুখন নির্বাচনী জনসভাত ভাষণ দিব৷ এনে মাৰাথন প্রচাৰ অভিযানৰ মাজতে ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৫ সমষ্টিৰ ভিতৰত ডিফু, শিলচৰ আৰু কৰিমগঞ্জৰ দলীয় প্রার্থীক মনোনয়ন দাখিল পর্বৰ সময়তো সংগ দিব মুখ্যমন্ত্রী ড০ শর্মাই৷ নির্ধাৰিত সূচী অনুসৰি ২ এপ্রিলৰ ১১.৩০ বজাত ডিফু লোকসভা সমষ্টিৰ বিজেপি প্রার্থী অমৰছিং তিছ’ৱে মনোনয়ন পত্র দাখিল কৰোঁতে মুখ্যমন্ত্রী ড০ শর্মা উপস্থিত থাকিব৷ অনুৰূপ ধৰণে ৩ এপ্রিলৰ ১১.৩০ বজাত শিলচৰ সংসদীয় সমষ্টিৰ দলীয় প্রার্থী পৰিমল শুক্লবৈদ্য আৰু ১.৩০ বজাত কৰিমগঞ্জ লোকসভা সমষ্টিৰ দলীয় প্রার্থী কৃপানাথ মাল্লাই মনোনয়ন পত্র দাখিল কৰাৰ সময়তো দুয়োকে সংগ দিব তেওঁ৷ তদুপৰি ৬ এপ্রিলত অসম ভ্রমণসূচী স্থিৰ হৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ সেইদিনা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে লখিমপুৰ আৰু হোজাইত দুখন বৃহৎ নির্বাচনী সভা সম্বোধন কৰিব৷ লখিমপুৰ আৰু হোজাই ভ্রমণ সূচীৰ সময়ছোৱাতো কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক সংগ দিব মুখ্যমন্ত্রী ড০ শর্মাই৷ উল্লেখ্য যে প্রথম পর্যায়ত অহা ১৯ এপ্রিলত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৫ সংসদীয় সমষ্টিৰ ক্ষেত্রত দেশৰ নির্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰা সূচী অনুসৰি মনোনয়ন পত্র দাখিল তথা পৰীক্ষা প্রক্রিয়া সম্পন্ন হৈছে৷ ইয়াৰ সমান্তৰালভাৱে এই ৫টা সমষ্টিৰ বিপৰীতে প্রাৰম্ভিক পর্যায়ৰ নির্বাচনী প্রস্তুতি শেহতীয়াকৈ সম্পূর্ণ কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ ৫টা লোকসভা সমষ্টিৰ প্রতিটোৰ অন্তর্গত বিধানসভা সমষ্টিসমূহৰ সকলো দলীয় বিধায়ক–কার্যকর্তাৰ্ লগতে অগপ আৰু বিজেপি উভয় দলৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্যে তেওঁ পৃথকে পৃথকে বৈঠকত মিলিত হৈছে৷ প্রধানতঃ প্রথম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিতব্য লোকসভা সমষ্টিকেইটাত বিজেপিৰ সৈতে মিত্রদল অগপৰ সমন্বয় স্থাপন, কেনেদৰে নির্বাচনী যাত্রা আৰম্ভ কৰা হ’ব, কি কি ইছ্যু লৈ জনতাৰ কাষ চাপিব, কোন নেতাক কোনখন জিলাৰ দায়িত্ব দিয়া হ’ব তাৰেই প্রাৰম্ভিক প্রস্তুতি এনে বৈঠকসমূহৰ জৰিয়তে সম্পন্ন কৰা হৈছে৷ তাৰ পিছতেই কার্যতঃ চমক সৃষ্টি কৰিবলগীয়া মুখ্যমন্ত্রী ড০ শর্মাৰ নির্বাচনী প্রচাৰ অভিযানৰ সূচী৷ ৰাজ্যিক বিজেপিৰ সূত্রটোৱে সদৰী কৰা অনুসৰি চাইকেল সমদল আৰু ৰাজহুৱা সভাৰ উপৰি মুখ্যমন্ত্রী ড০ শর্মাই এই সময়ছোৱাত ৰোড শ্ব’তো অংশগ্রহণ কৰিব৷ অৱশ্যে বর্তমানলৈকে ৰোড শ্ব’ৰ স্থান নির্ধাৰণ কৰা হোৱা নাই৷ ইয়াৰ সূচী সুকীয়াকৈ প্রস্তুত কৰিব ৰাজ্যিক বিজেপিয়ে৷

You might also like