নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ডিজিটেল বিপ্লৱৰ বাবে প্রধানমন্ত্রীক প্রশংসা বিল গেট্ছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ বিলিয়নাৰ উদ্যোগপতি-বিনিয়োগকাৰী, সমাজকর্মী বিল গেট্ছৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদী অন্তৰংগ আলাপত মিলিত হয়৷ নতুন দিল্লীৰ প্রধানমন্ত্রীৰ বাসগৃহত উদ্যোগপতি বিল গেট্ছৰ সৈতে হোৱা আলাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ ডিজিটেল বিপ্লৱৰ পৰা কৃত্রিম বুদ্ধিমত্তাৰ প্রত্যাহ্বানকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে৷ বার্তালাপৰ সময়ত বিল গেট্ছে ভাৰতত অনুষ্ঠিত হৈ যোৱা জি–২০ সন্মিলনৰ সফলতাৰ ওপৰত ব্যাখ্যা আগবঢ়াই প্রধানমন্ত্রী মোদীক প্রশংসা কৰে৷ ডিজিটেল উদ্ভাৱনকে ধৰি বিভিন্ন বিষয়ত ভাৰতৰ উত্থানে তেওঁক আকর্ষিত কৰিছে বুলিও মোদীক অৱগত কৰে৷ ইপিনে প্রধানমন্ত্রী মোদীয়ে ভাৰতত ডিজিটেল বিপ্লৱৰ প্রসংগৰে দেশে দ্রুতগতিত ডিজিটেল প্রযুক্তিক আগবঢ়াই নিয়া বুলি কৰা মন্তব্যত বিলিয়নাৰ গেট্ছে কয় যে ভাৰতে কেৱল ডিজিটেল প্রযুক্তি গ্রহণ কৰাই নহয়, এই প্রযুক্তিৰে ডিজিটেল পথটোক নেতৃত্ব দিছে৷ কৃত্রিম বুদ্ধিমত্তা (এ আই)ৰ গুৰুত্ব আৰু প্রত্যাহ্বান সন্দর্ভতো দুয়োগৰাকীয়ে বিতং আলোচনা কৰে৷ জি–২০ সন্মিলনৰ সময়ত ভাৰতে কিদৰে কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিছিল সেই সন্দর্ভতো মোদীয়ে গেট্ছক বিতংকৈ বর্ণনা কৰে৷ কাশী তামিল সংগমমৰ সময়ত হিন্দী ভাষা কিদৰে তামিললৈ ৰূপান্তৰিত হৈছিল তাকো বর্ণনা কৰে মোদীয়ে৷ আনকি প্রধানমন্ত্রী মোদীয়ে নিজৰ নম’ এপত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা বুলিও অৱগত কৰে৷ ঔপনিৱেশিক শাসনৰ মাজত থকাৰ বাবেই ভাৰতে প্রথম আৰু দ্বিতীয় ঔদ্যোগিক বিপ্লৱত পিছ পৰি যোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে চতুর্থ ঔদ্যোগিক বিপ্লৱৰ বর্তমান যুগত ভাৰতে অধিক আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলিও কয়৷ এই বিপ্লৱৰ সময়ত ভাৰত গুৰুত্বপূর্ণভাৱে লাভান্বিত হৈছে বুলিও কয় মোদীয়ে৷ তদুপৰি কৃত্রিম বুদ্ধিমত্তাৰ প্রত্যাহ্বানক কিদৰে মোকাবিলা কৰা যাব সেই সন্দর্ভতো দুয়োগৰাকীয়ে মত বিনিময় কৰে৷ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে দীপ ফেকৰ লেখীয়া ভয়াৱহ ভিডিঅ’ই এই প্রযুক্তিৰ ক্ষেত্রত অশনি সংকেত নমাই আনিছে বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে৷ এইক্ষেত্রত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰত প্রশিক্ষণৰ লগতে সামাজিক দায়বদ্ধতাৰ আৱশ্যকতাবোধৰ ওপৰত গুৰুত্ব দিব লাগে বুলিও প্রধানমন্ত্রী মোদীয়ে কয়৷

You might also like