নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে

গুৱাহাটীত খেলিবলৈ উদগ্রীৱ ৰিয়ান পৰাগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত বৃহস্পতিবাৰৰ সন্ধিয়াটোত তেতিয়াই এটা মুক্তিৰ কাহিনী লিখা হৈছিল, যেতিয়া ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে অপৰাজিত ৮৪ (৪৫বল) ৰান সংগ্রহ কৰি ৰাজস্থান ৰয়েলছক চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ত ছিজনৰ দ্বিতীয়খন মেচ ক্রমাগত জয় অর্জন কৰাত নায়কৰ ভূমিকা লৈছিল৷ গুৱাহাটীৰ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰ পূর্বে এই ষ্টেডিয়ামতে প্রথমখন মেচতো ৪৩ ৰান সংগ্রহ কৰি ৰাজস্থান ৰয়েলছক জয়েৰে ছিজনৰ আৰম্ভণি কৰোৱাত অন্যতম ভূমিকা লৈছিল৷ প্রথম দুখন মেচতে হীৰাৰ দৰে চমকিত হোৱা অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ছিজনৰ ভাল আৰম্ভণি উপভোগ কৰাৰ লগতে নিজৰ ধাৰাবাহিকতা গভীৰলৈ লৈ গৈ ছিজনৰ অন্তিম মেচখনলৈ বেটিং বিক্রম অক্ষয় বন্তিৰ দৰে উজলি ৰখাৰ আশা কৰিছে৷ কাৰণ ৰাজস্থান ৰয়েলছে লীগৰ অন্তিম দুখন মেচ খেলিবলৈ উভতি আহিব ৰিয়ানৰ জন্মভূমি তথা দলটোৰো দ্বিতীয় গৃহ চহৰ গুৱাহাটীলৈ৷ ৰাজকীয় ইনিংছৰ পিছত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি ৰিয়ানে কয়– ‘এতিয়ালৈকে ছিজনৰ আৰম্ভণি আশা কৰাৰ দৰেই হৈছে আৰু আগলৈও এই ফর্ম অব্যাহত ৰখাৰ আশা কৰিছোঁ৷ আমি এই ছিজনত পুনৰ গুৱাহাটীলৈ খেলিব যাম৷ স্বাভাৱিকতে মই উৎসাহিত৷ যোৱা বছৰ গুৱাহাটীত ঘৰুৱা দর্শকৰ সন্মুখত খেলাটো নিশ্চিতভাৱে মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল৷ এইবাৰো আশা কৰিছোঁ আমি উত্তৰ–পূবৰ ৰয়েলছৰ অনুৰাগীসকলক ভাল খেলৰ লগতে দলৰ জয়ৰ সাক্ষী হোৱাৰ আন এক সুযোগ প্রদান কৰিব পাৰিম৷’ উল্লেখ্য যে মাত্র ২২ বছৰ বয়সতে আহপিএলৰ ষষ্ঠ ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ অভিষেক কৰা ৰিয়ানে পেছাদাৰী খেলুৱৈ হিচাপে ইতিবাচক–নেতিবাচক্ অভিজ্ঞতা লাভ কৰিছে আৰু বৃহস্পতিবাৰে সন্ধিয়া খেলা আইপিএলৰ অন্যতম শ্রেষ্ঠ এটা ইনিংছ খেলি যুৱ তাৰকাক সকাহ পোৱা যেন পৰিলক্ষিত হৈছে৷ ‘এয়া কঠিন সন্ধিক্ষণ আৰু মই বর্তমান অলপ আৱেগিক হৈছোঁ৷ মই নিজকে এটা পর্যায়লৈ অনাৰ বাবে বহুখিনি কাম কৰিছোঁ৷ বিশেষকৈ মই বহুত অনুশীলন কৰিছোঁ আৰু মই ভাবোঁ এয়া তাৰেই কষ্টৰ ফল এতিয়া পাইছোঁ৷’ ৰিয়ানে লগতে ব্যক্ত কৰে৷ বিগত ছটা ছিজনত বিশেষকৈ যোৱা দুবছৰত ৰিয়ানে যি কঠোৰ পৰিশ্রম কৰিছে, সেই বিষয়ে উল্লেখ কৰি কয়– ‘মই ভাবোঁ যে এই সফলতা আৰু ধাৰাবাহিকতা বহুত অনুশীলনৰ ফল৷ যোৱা ছিজন সমাপ্ত হোৱাৰ পিছৰে পৰাই মই বহুত অনুশীলন কৰিছোঁ৷ যেতিয়া খেলি আছিলোঁ মই সন্মুখীন হোৱা বলাৰজনৰ কথা মুঠেও ভবা নাই৷ কিন্তু তেওঁ বলিং কৰা বলটোৰ ওপৰত মোৰ তীক্ষ্ণ দৃষ্টি আছিল৷ মই তেনেকুৱা বলবোৰৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছিলোঁ যাৰবাবে শ্বট খেলাত কোনো অসুবিধা হোৱা নাছিল৷’

দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে
আইপিএলৰ চলিত সংস্কৰণত উন্নত প্রদর্শনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে অসম সন্তান ৰিয়ান পৰাগে৷ শুকুৰবাৰে দিল্লীৰ বিৰুদ্ধে খেলা মেচখনত ৭টা বাউণ্ডেৰী আৰু ৬টা অ’ভাৰ বাউণ্ডেৰীৰে অপৰাজিত ৮৪ ৰানৰ দর্শনীয় ইনিংছ খেলে ৰিয়ানে৷ ইয়াৰ পিছতে অসম সন্তানক দেশৰ বহুকেইগৰাকী আগশাৰীৰ ক্রীড়াবিদে শুভেচ্ছাৰে ভৰাই পেলাইছে ছ’চিয়েল মিডিয়া৷ ভাৰতৰ প্রাক্তন তাৰকা পেচ বলাৰ ইৰফান পাঠানে ৰিয়ানক লৈ এক ভৱিষ্যদ্বাণী কৰিছে৷ সামাজিক মাধ্যমত ইৰফানে লিখিছে যে দুবছৰৰ ভিতৰত দেশৰ হৈ খেলিব ৰিয়ান পৰাগে৷ এইবাৰৰ ঘৰুৱা ক্রিকেটত ৰিয়ানৰ প্রদর্শন দেখি আইপিএলত পূর্বতকৈ উন্নত প্রদর্শন কৰিব পাৰিব বুলি পূর্বানুমান কৰিছিল ইৰফানে৷ একেদৰে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনায়ো অসম সন্তান ৰিয়ান পৰাগক প্রশংসাৰে উপচাই পেলায়৷ ইৰফান পাঠানৰ সুৰত সুৰ মিলাই ৰাইনায়ো আগন্তুক ২–৩ বছৰৰ ভিতৰত ৰিয়ান পৰাগে টীম ইণ্ডিয়াৰ হৈ খেলিব পাৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ উল্লেখ্য যে যোৱা ২২ মার্চৰ পৰা আৰম্ভ হোৱা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাখনৰ প্রথমখন মেচতো ৰিয়ান পৰাগে ৪৩ ৰানৰ দুর্দান্ত ইনিংছ খেলিছিল৷ দ্বিতীয়খন মেচতো ৪৫টা বলত অপৰাজিতভাৱে ৮৪ ৰানৰ মন্ত্রমুগ্ধকৰ ইনিংছ খেলে অসম সন্তান ৰিয়ান পৰাগে৷ এতিয়া টীম ইণ্ডিয়াৰ দুই প্রাক্তন তাৰকা ক্রিকেটাৰ ইৰফান পাঠান আৰু সুৰেশ ৰাইনাই শেহতীয়াভাৱে মন্তব্য কৰা ভৱিষ্যদ্বাণীয়ে কিমান বাস্তৱ ৰূপ পায়, সেয়া সময়েহে ক’ব৷

ৰিয়ানৰ পৰিপক্ব ইনিংছত আপ্লুত ষ্টিভেন স্মিথ
অষ্ট্রেলিয়াৰ তাৰকা বেটাৰ ষ্টিভেন স্মিথে চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগত বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিপক্ষে খেলা মেচখনত অসম সন্তান ৰিয়ান পৰাগে দেখুওৱা পৰিপক্ব ইনিংছত আপ্লুত হৈ পৰিছে৷ ৰিয়ান পৰাগক প্রশংসা কৰি ষ্টিভেন স্মিথে কয় যে গুৰুত্বপূর্ণ সময়ত তেওঁ এটা উন্নতমানৰ ইনিংছ খেলে আৰু দক্ষিণ আফ্রিকাৰ এনৰিচ নর্টজেৰ অন্তিম অ’ভাৰত ২৫ ৰান সংগ্রহ কৰিছিল৷ ষ্টাৰ স্প’টছৰে হোৱা এক সাক্ষাৎকাৰত অষ্ট্রেলিয়াৰ তাৰকা বেটাৰগৰাকীয়ে কয় যে মই ভাবোঁ– তেওঁ বহুত পৰিপক্ব হৈছে আৰু দলৰ বিপর্যৰ সময়ত কেনেদৰে ক্রিজত তিষ্ঠি থাকিব লাগে, সেয়া তেওঁ শিকিছে৷ আৰম্ভণিতে লাভ কৰা চাপ নিয়ন্ত্রণ কৰি সঁচাকৈয়ে স্মার্ট ক্রিকেট খেলি ৰাজস্থানক শক্তিশালী স্থিতিত উপনীত কৰোৱাত ৰিয়ানৰ ভূমিকা আছিল অনবদ্য৷ ইনিংছৰ অন্তিম অ’ভাৰটোত বিশ্বমানৰ বলাৰ নর্টজেক নির্দয়ভাৱে প্রহাৰ কৰি খেলখনৰ ছবি সলনি কৰি দিছিল অসম সন্তান ৰিয়ান পৰাগে৷

ভৱিষ্যতে ভাৰতীয় দলক কিবা এটা দিব ৰিয়ান পৰাগে
দিল্লী কেপিটেলছৰ বিপক্ষে বৃহস্পতিবাৰে খেলা আইপিএলৰ মেচখনত ৰাজস্থান ৰয়েলছৰ জয়ৰ নায়ক অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগক প্রশংসাৰে উপচাই পেলায় দলটোৰ অধিনায়ক সঞ্জু ছেমছনে৷ জয়পুৰত ৰিয়ান পৰাগৰ বেটিং বিক্রমৰ পিছত অসম সন্তানগৰাকীক প্রশংসা কৰি অধিনায়ক ছেমছনে কয় যে ৰিয়ানে ভৱিষ্যতে ভাৰতীয় ক্রিকেটক কিবা এটা বিশেষ দিব পাৰিব৷ ভাৰতীয় ক্রিকেটক দিব পৰাকৈ সঁচাকৈ কিবা এটা বিশেষ গুণ আছে ৰিয়ান পৰাগৰ৷ বিগত ৪–৫ বছৰত ৰিয়ান পৰাগ এক ডাঙৰ নাম হৈ পৰিছে৷ যেতিয়াই মই কেৰালালৈ উভতি যাওঁ, তেতিয়াই সকলোৱে মোক তেওঁৰ বিষয়ে সুধি থাকে৷ আশা কৰোঁ ৰিয়ানে নিজৰ ফর্ম অব্যাহত ৰাখিব পাৰিব৷

You might also like