মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) ‘নিযুত বাবু আঁচনি’ৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত পুৰুষ শিক্ষাৰ্থীসকলে মাহিলি আৰ্থিক সহায় লাভ কৰিব।
খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পুৰুষ শিক্ষাৰ্থীৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি এই আঁচনিৰ জৰিয়তে পূৰণ কৰা হৈছে।
‘X’ত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে “অসমৰ ল’ৰাসকলৰ বাবে এতিয়া আনন্দৰ সময়। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ UG আৰু PG পাঠ্যক্ৰমত নামভৰ্তি কৰা পুৰুষ শিক্ষাৰ্থীসকলে এতিয়া মাহিলি আৰ্থিক সহায় লাভ কৰিব, যাৰ দ্বাৰা তেওঁলোকে শিক্ষাৰ সকলো ধৰণৰ ব্যয় বহন কৰিব পাৰিব।”
আন এটা পোষ্টত তেওঁ কয় যে ২০২৪ চনত ছোৱালীৰ বাবে আৰম্ভ কৰা নিযুত মইনা আঁচনিৰ সম্পূৰক হিচাপে এই ‘নিযুত বাবা আঁচনি’ আৰম্ভ কৰা হৈছে। দুয়োখন আঁচনি মিলি ১০ লাখকৈ শিক্ষাৰ্থীক সামৰি ল’ব আৰু উচ্চ শিক্ষাৰ প্ৰসাৰ, সমালোচনামূলক চিন্তাধাৰাৰ বিকাশ আৰু শিশু বিবাহৰ দৰে সামাজিক কুসংস্কাৰ ৰোধত সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে ‘জীৱন প্ৰেৰণা’ আঁচনিৰো শুভাৰম্ভ কৰি পিএইচডি গৱেষকসকলক এককালীন আৰ্থিক সহায় বিতৰণ কৰে।
মেধাৱী যুৱক-যুৱতী আৰু গৱেষকসকলৰ শৈক্ষিক তথা আৰ্থিক উত্তৰণৰ লক্ষ্যৰে কেইবাখনো আৰম্ভ কৰা আঁচনিকেইখন থোৰতে এনেধৰণৰ-
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি : চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ ৪৮,৩১৯ সদ্যস্নাতকক কেৰিয়াৰ গঢ়াত সহায়ক হোৱাকৈ ১২ মাহৰ বাবে মাহিলি ২,৫০০ টকাকৈ
মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি : ১৩গৰাকী দিব্যাংগকে ৰাজ্যৰ ২,১১২ গৱেষকক গৱেষণা আৰু উদ্ভাৱনীমূলক কামৰ বাবে ২৫,০০০ টকাৰ পৰা ৪০,০০০ টকালৈকে এককালীন সাহায্য প্ৰদান
মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি : উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰৰ ড্ৰপআউট ৰোধ কৰিবলৈ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম বৰ্ষৰ প্ৰায় ৪৭,৩৯৫ ছাত্ৰক মাহিলি আৰ্থিক সাহায্য প্ৰদান
উদ্যোগ ৪.০ : টাটা টেকন’লজিছৰ সহযোগত ১৭খন আই টি আই আৰু ১৪খন পলিটেকনিকত ৩১টা আধুনিক প্ৰযুক্তি কেন্দ্ৰৰ আভাষীয়ভাৱে উদ্বোধন।
ডিজিটেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী