গভীৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰি মেঘালয়ে দেশৰ ভিতৰত সৰ্বাধিক এইচআইভি ৰোগীৰ ৰাজ্য হিচাপে শীৰ্ষস্থান দখল কৰিছে।
মেঘালয়ৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, এই বছৰৰ জানুৱাৰী মাহলৈকে ৰাজ্যখনত ১০,২৯৩জন লোক এইচআইভি লৈ জীৱন যাপন কৰি আছে আৰু এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) গ্ৰহণ কৰি আছে।
এই তথ্য মন্ত্ৰীগৰাকীয়ে চলি থকা মেঘালয় বিধানসভাৰ অধিৱেশনত এনপিপি বিধায়ক মেহতাব চান্দী চাংমাই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে।
বিগত দহ বছৰত এই ৰোগৰ সৈতে জড়িত ৭৪৯টা মৃত্যু নথিভুক্ত হৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ৪৩৫টা মৃত্যু ইষ্ট খাছি হিলছ জিলাত, তাৰ পিছতে ৱেষ্ট জয়ন্তীয়া হিলছ (১২৩) আৰু ইষ্ট জয়ন্তূয়া হিলছ (৯০)। আন জিলাসমূহৰ ভিতৰত ৰিভই (৫১), ইষ্টাৰ্ণ ৱেষ্ট খাছি হিলছ (১৬), ৱেষ্ট খাছি হিলছ (৮), চাউথ ৱেষ্ট খাছি হিলছ (৭), ৱেষ্ট গাৰো হিলছ (৯), ইষ্ট গাৰো হিলছ (৪), চাউথ গাৰো হিলছ (৩), নৰ্থ গাৰো হিলছ (১) আৰু চাউথ ৱেষ্ট গাৰো হিলছ (২)ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয় যে সকলো মৃত্যু সুযোগসন্ধানী সংক্রমণৰ ফলত ঘটিছে।
সামাজিক কলংক আৰু গোপনীয়তা সম্পৰ্কীয় আইনী সুৰক্ষাক মুখ্য বাধা হিচাপে চিহ্নিত কৰি শ্যিল্লাই কয় যে HIV and AIDS (Prevention and Control) Act, 2017 অনুসৰি সম্মতিভিত্তিক পৰীক্ষা আৰু এইচআইভি অৱস্থাৰ কঠোৰ গোপনীয়তা বাধ্যতামূলক।
মন্ত্ৰীগৰাকীয়ে কয়, “এইচআইভি অৱস্থা গোপনে ৰখা বাধ্যতামূলক, সন্মতি অবিহনে পৰীক্ষা কৰিব নোৱাৰি আৰু কাকো জোৰকৈ ঔষধ গ্ৰহণ কৰাব নোৱাৰি। সৰ্বোপৰি সামাজিক কলংকই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে, যাৰ বাবে বহুতে পৰীক্ষাৰ বাবে আগবাঢ়িবলৈ ভয় কৰে।”
ৰাজ্য চৰকাৰে আগন্তুক পাঁচ বছৰত ‘মিছন মোড’ কাৰ্যসূচীৰ জৰিয়তে এইচআইভি/এইডছৰ উদ্বেগজনক বৃদ্ধি ৰোধ কৰিবলৈ ২৫ কোটি টকা মঞ্জুৰ কৰিছে বুলিও তেওঁ জনায়।
উল্লেখযোগ্য যে ২০২৩ চনৰ জানুৱাৰী মাহত মেঘালয় চৰকাৰে ‘Drug Reduction, Elimination & Action Mission (DREAM)’ নামৰ বহুখণ্ডীয় উদ্যোগ আৰম্ভ কৰিছিল, যাৰ লক্ষ্য ৰাজ্যখনত মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু চোৰাং ব্যৱসায় ৰোধ কৰা।
২০২০ চনৰ ড্ৰাগ এবিউজ প্ৰিভেনশ্যন পলিচিৰ আধাৰত গঢ়ি উঠা এই কাৰ্যসূচীৰ লক্ষ্য হৈছে আইন প্ৰয়োগৰ সীমা অতিক্ৰম কৰি প্ৰতিষেধ, চিকিৎসা আৰু পুনৰ্বাসনক অন্তৰ্ভুক্ত কৰি সমন্বিত, সমাজভিত্তিক প্ৰচেষ্টাৰে “ড্ৰাগ ফ্ৰী মেঘালয়” গঢ়ি তোলা।
ডিজিটেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী