নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ ৰামপুৰত বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্ৰহণ মুখ্যমন্ত্রীৰ

✅চৰকাৰী আঁচনিৰ সুবিধা গ্রহণৰ বাবে ৰাইজক আহ্বান মুখ্যমন্ত্রীৰ

✅অহা মাহত ১০ লাখ লোকক নতুনকৈ ৰেচন কার্ড বিতৰণ কৰিব ৰাজ্য চৰকাৰে

বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অধীনৰ উপৰহালি গাঁও পঞ্চায়তৰ আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্রাৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত অংশগ্রহণ কৰে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে যোৱা ১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিকশিত ভাৰত সংকল্প যাত্রাৰ শুভাৰম্ভ কৰিছিল৷ চৰকাৰী আঁচনিসমূহৰ সুবিধা এশ শতাংশ হিতাধিকাৰীকে সময়োচিতভাৱে প্রদান কৰা আৰু যিসকল যোগ্য লোক এতিয়াও চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক আঁচনিৰ আওতালৈ আনি আঁচনিসমূহৰ পৰিপূর্ণতা লাভৰ লক্ষ্যৰে এই সংকল্প যাত্রা ৰূপায়ণ কৰা হৈছে৷ ভাষণত বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে প্রতিজন কৃষকক ২ হেজাৰ টকাকৈ তিনিটা কিস্তিত মুঠ ছহেজাৰ টকা আগবঢ়োৱা হৈছে৷ আন ৰাজ্যৰ প্রায়সকল কৃষকে এই আঁচনিৰ সুযোগ লাভ কৰিছে৷ উত্তৰ প্রদেশত এই আঁচনিৰ অধীনত দুই কোটি কৃষকে বছৰি ছহেজাৰ টকাকৈ লাভ কৰিছে৷ তেওঁ কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে কার্যভাৰ লোৱাৰ সময়ত অসমত মাত্র ২ লাখ কৃষকে এই প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ সুযোগ লাভ কৰিছিল৷ কিন্তু যোৱা তিনি বছৰত চৰকাৰৰ আপ্রাণ চেষ্টাৰ ফলত ১১ লাখ কৃষকে প্রধানমন্ত্রীৰ কৃষক সন্মান নিধি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে ইয়াত কোনো নির্দ্ধাৰিত লক্ষ্য নাথাকে৷ অসমত থকা ২৫ লাখ কৃষকে যদি নিয়ম মতে আৱেদন কৰে তেন্তে এই আঁচনিৰ সুবিধা লব পাৰিব৷ বর্তমানলৈকে প্রধানমন্ত্রীৰ কৃষক সন্মান নিধিৰ জৰিয়তে ১৫টা কিস্তিত অসমৰ কৃষকসকললৈ ৪৮০০ কোটি টকা আদায় দিয়া হৈছে বুলি সদৰি কৰি তেওঁ লগতে কয় যে পলাশবাৰী অঞ্চলত এনে বহুত কৃষক আছে যিসকলে এই আঁচনিখনৰ বিষয়ে অবগত নহয় তথা আৱেদনো কৰা নাই৷ তেনে কৃষকসকলক বিকশিত ভাৰত সংকল্প যাত্রাৰ সময়ত নিজৰ নাম পঞ্জীয়ন কৰিলে সংশ্লিষ্ট বিভাগে তেওঁলোকৰ ঘৰলৈ গৈ প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰী হিচাপে অন্তর্ভূক্ত কৰিব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়৷ প্রধানমন্ত্রীৰ আবাস যোজনা আঁচনিখনৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেঁচা ঘৰ থকা প্রতিগৰাকী ব্যক্তিক পকীঘৰ দিয়াৰ ব্যৱস্থা কৰিছে৷ যিসকলে প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ পোৱা নাই তেওঁলোকে নাম পঞ্জীয়ন কৰিব পাৰিব৷ পিছত সংশ্লিষ্ট বিভাগে পৰীক্ষা কৰি যোগ্য ব্যক্তিগৰাকীক ঘৰ আৱণ্টন দিয়াৰ ব্যৱস্থা কৰিব৷ তেওঁ কয় যে ন্যায়সংগত যিসকল হিতাধিকাৰী বাদ পৰি গৈছে তেওঁলোকে এই বিকশিত ভাৰত সংকল্প যাত্রাৰ নাম পঞ্জীয়ন কৰি চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিব পাৰিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই আৰু কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে ৰেচন কার্ড থকা সকলো পৰিয়ালক আয়ুষ্মান ভাৰত কার্ড দিয়াৰ ব্যৱস্থা কৰিছে৷ এই কার্ডৰ জৰিয়তে হিতাধিকাৰীসকলে হাস্পতালত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব৷ হিতাধিকাৰীসকলে মাথো আঙুলিৰ চাপ দি কার্ডসমূহ সংগ্রহ কৰিব পাৰিব৷ ভাষণত অটল পেঞ্চন যোজনা, জীৱনজ্যোতি বীমা যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে গৰিষ্ঠসংখ্যকে এই যোজনাসমূহৰ সম্পর্কে জ্ঞাত নহয়৷ তেওঁ কয় যে চৰকাৰী চাকৰিয়াল সকলৰ বাহিৰে সাধাৰণ লোকসকলৰ বাবে পেঞ্চনৰ সুবিধা নাথাকে৷ কিন্তু অটল পেঞ্চন যোজনাত নাম লিপিবদ্ধ কৰি নিজাববীয়া বৰঙণি আদায় দি চৰকাৰৰ পৰা পেঞ্চন লাভ কৰাৰ সুবিধা আছে৷ তেনেদৰে প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনাত মাত্র ১২ টকা প্রিমিয়াম দি মটৰ দুর্ঘটনাৰ ফলত পৰিয়ালে ২ লাখ টকা পাবলৈ সক্ষম হয়৷ গৰিষ্ঠসংখ্যক লোকে আঁচনিবোৰৰ কথা অৱগত নহয় কাৰণে আঁচনিসমূহৰ সুবিধাসমূহ লবলৈ অসমর্থ হয় বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰী ড০ শর্মাই কয় যে ভাৰতৰ যুৱ শক্তিক দেশৰ গঠনমূলক কামত নিয়োজিত কৰিবৰ বাবে প্রধানমন্ত্রীৰ মাই ভাৰত এপত পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে৷ যিসকলে এই এপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব বিচাৰে তেওঁলোকক ভৱিষ্যতৰ ৰাষ্ট্র নির্মাণৰ কামত জডিত হব পাৰিব৷ তেওঁ কয় যে সামাজিক কাম-কাজ কৰিবলৈ মনত বহু ইচ্ছা থকা দেশৰ যুৱ সমাজে এই এপত নাম পঞ্জীয়ন কৰি বিভিন্ন চৰকাৰী আঁচনিৰ লগত জড়িত হব পাৰিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে প্রথম অৱস্থাত অসমৰ বানপানীত ক্ষতিগ্রস্ত লোকসকলৰ বাবে কোনো ধৰণৰ বীমা আঁচনি নাছিল৷ অসম চৰকাৰে ফচল বীমা যোজনাৰ অধীনত ১০ লাখ কৃষকক ৩৫০ কোটি টকা ইতিমধ্যে আদায় দিছে৷ তদুপৰি ২০২৩-২৪ চনত ৰাজ্য চৰকাৰে ২০৫ কোটি টকা ফচল বীমা আঁচনিৰ অধীনত বানপানীত ক্ষতিগ্রস্ত হোৱা কৃষকসকলক ঘূৰাই দিছে৷ বিকশিত ভাৰত সংকল্প যাত্রাত বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি অঞ্চলত যথেষ্ট সহাঁৰি পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই উজ্জ্বলা আঁচনিৰ বিষয়ে কয় যে এই আঁচনিৰ অধীনত ৯০০ টকাৰ চিলিণ্ডাৰ ৭০০ টকাত দি থকা হৈছে যদিও একাংশ লোকে নাম পঞ্জীয়ন কৰিব নিবিচৰাৰ কাৰণে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ আজি এই বিকশিত সংকল্প যাত্রাত জনসাধাৰণে প্রধানমন্ত্রী মোদীৰ প্রতিটো আঁচনিৰ বিষয়ে ভালদৰে জানি লৈ নাম পঞ্জীয়ন কৰিলে ভৱিষ্যতে উপকৃত হব পাৰিব বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে ৰেচন কার্ড থকা সকলোৱে আয়ুষ্মান কার্ডৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব৷ যিসকল লোকৰ ৰেচন কার্ড নাই তথা তেওঁলোকৰ বার্ষিক আয় চাৰি লাখ টকাতকৈ কম তেওঁলোকক নতুন কৈ ৰেচন কার্ড দিয়া হব বুলি উল্লেখ কৰি তেওঁ কয় যে অহা মাহত চৰকাৰে ১০ লাখ লোকক নতুনকৈ ৰেচন কার্ড বিতৰণ কৰিব৷ ৰাজ্য চৰকাৰে ২১৪০ টকা ধান ক্রয় কৰি আছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ধানৰ খেতি বৃদ্ধিত গুৰুত্ব আৰোপ কৰে৷ বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা যাতে সর্বসাধাৰণ ৰাইজে লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিকশিত ভাৰত সংকল্প যাত্রা লৈ আহিছে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই ভাষণত মন্তব্য কৰে৷ অনুষ্ঠানত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত কীর্তি জ্জলী, বিজেপিৰ জিলা সভাপতি অঞ্জন গোস্বামী, জিলা প্রভাৰী অর্নিবাণ গোস্বামী প্রমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

You might also like