নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা (স্বা)ৰ কূটাঘাত ৰুধিবলৈ তৎপৰ অসম আৰক্ষী

বিশেষ বাৰ্তা, ২১ ডিচেম্বৰ : ২২ নৱেম্বৰৰ সন্ধিয়া তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাক কপাহতলীৰ সেনা ছাউনীৰ সমীপত আলফা স্বাধীনে গ্ৰেনেড নিক্ষেপ কৰি বিশেষ কোনো ক্ষতি কৰিব নোৱাৰিলে যদিও জোকাৰি গ’ল ৰাজ্য ৷ সমান্তৰালভাৱে বিস্ফোৰণ সংঘটিত কৰিলে আন দুখনকৈ জিলাত, তাতো লক্ষ্য আছিল ভাৰতীয় সেনা বাহিনী৷ তাৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিশেষকৈ সীমামূৰীয়া জিলাসমূহত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। তিনিচুকীয়া জিলাৰ বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰ স’তে সংলগ্ন অঞ্চলসমূহ যেনে কাকপথাৰ, মাৰ্ঘেৰিটা, লিডু, জাগুন, পেঙেৰী আদি অঞ্চলত স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত চলাইছে অভিযানৰ লগতে তালাচী অভিযান ৷ অকল সীমামূৰীয়া অঞ্চলতেই যে তালাচী চলিছে তেনে নহয়, মাকুমৰ লক্ষীপথাৰ সংযোগী পথতো মাকুম আৰক্ষী থানাৰ আৰক্ষীয়ে চলাইছে দিনে-নিশাই তালাচী। জানিব পৰা অনুসৰি আজি ডিগবৈৰ পেঙেৰী সংযোগী অতি স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তালাচী চলায়৷ তালাচীৰ সময়ত প্ৰতিখন দুচকীয়া, চাৰিচকীয়া বাহনৰ তন্নতন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হয়৷ বিশেষকৈ দুচকীয়া বাহনৰ প্ৰতি এইবাৰ আৰক্ষীয়ে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে, কিয়নো ডিৰাকৰ গ্ৰেনেড নিক্ষেপ ঘটনাৰ লগতে বিভিন্ন ঘটনাত কূটাঘাতকাৰীৰে ব্যৱহাৰ কৰি আহিছে দুচকীয়া বাহন৷ ঠিক তেনেদৰেই কাকপথাৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দিশৰ পৰা অহাযোৱা কৰা প্ৰতিখন বাহন তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত চলাইছে অভিযান৷ সমান্তৰালভাৱে সীমান্তৱৰ্তী অঞ্চল লিডু, জাগুন, মাৰ্ঘেৰিটাতো আৰক্ষীয়ে প্ৰতিটো ক্ষণত দৃষ্টি নিক্ষেপ কৰি ৰাখিছে প্ৰতিগৰাকী যাত্ৰী, বাহনৰ ওপৰত। এক কথাত ক’ব গ’লে এতিয়া আৰক্ষীয়ে প্ৰতিটো প্ৰান্ততে গিজগিজাই আছে, উদ্দেশ্য মাথোঁ এটাই যাতে আলফা স্বাধীনে পুনৰ জিলাখনত প্ৰবেশ কৰি সংঘটিত কৰিব নোৱাৰে কোনো কূটাঘাতমূলক ঘটনা। কিয়নো আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ স’তে আলফা স্বাধীনৰ সৰ্বাধিনায়কগৰাকীয়ে মুকলিকৈ লিপ্ত হৈছে তৰ্কযুদ্ধত। যিটো কাৰণে এতিয়া যিকোনো সময়তেই সংগঠনটোৱেই প্ৰদৰ্শন কৰিব পাৰে শক্তি৷ একপ্ৰকাৰে যেন প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে দুয়োপক্ষ৷ গতিকে আলফা স্বাধীনৰ কেডাৰ ৰাজ্যত প্ৰৱেশ কৰা প্ৰতিটো পথত এতিয়া আৰক্ষীৰ কটকটীয়া তালাচী, টোপনি কাঢ়িছে অসম আৰক্ষীৰ ৷

প্ৰেৰক বিবেক বড়া

You might also like