নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা চৌহদত মহাত্মা গান্ধীৰ প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অসম বিধানসভা চৌহদত স্থাপন কৰা মহামানৱ মহাত্মা গান্ধীৰ প্রতিমূর্তিটো আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ আজি পুৱা সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ প্রাকক্ষণত মুখ্যমন্ত্রী ড০ শর্মাই প্রতিমূর্তিটো উন্মোচন কৰি চমু ভাষণত কয় যে সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীজীৰ নীতি আৰু আদর্শই সদায় আমাক জনসেৱাৰ ক্ষেত্রত অনুপ্রাণিত কৰি আহিছে৷ আজিৰে পৰা অসম বিধানসভাৰ নতুন ভৱনটোত সদনৰ কার্যসূচী আৰম্ভ হ’ব৷ অসমৰ প্রগতি আৰু বিকাশৰ বাবে কাম কৰাৰ সংকল্প লৈ নতুন উদ্দীপনাৰে আমি কাম কৰি যাম৷ আজিৰ এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি মন্ত্রী–বিধায়কসকল্ উপস্থিত থাকে৷

You might also like