নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী পুত্ৰ নন্দিলৰ অনবদ্য সাফল্য, জানক সবিশেষ

অসম মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে   এতিয়া পূৰ্ণ Ironman সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থাপন কৰিছে, যিটো সে মে’ মাহত বেংগালুৰুৰ নেছনেল ল’ ইউনিভাৰ্সিটীৰ পৰা উত্তীৰ্ণ হোৱাৰ আগতেই জয় কৰিবলৈ আশা কৰিছে।

SEO KEYWORD ~ Assam, Ironman

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই দেওবাৰে বাহাৰেইনত অনুষ্ঠিত Ironman 70.3 সফলভাৱে সম্পূৰ্ণ কৰিছে— যাত ১.৯ কিমি সাঁতোৰ, ৯০ কিমি চাইক্লিং আৰু ২১.১ কিঃমিঃ দৌৰৰ সমন্বয়ে গঠিত এই কঠিন ট্ৰায়েথলনটো নন্দিলে মাত্ৰ ৩–৪ মাহৰ প্ৰস্তুতিৰ পিছত ৬ ঘণ্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰে।

এই সফলতাৰ পিছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত কয় যে আইন শিক্ষা লৈ থকা নন্দিলে এতিয়া পূৰ্ণ Ironman সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। পূৰ্ণ Ironman–ত ৩.৮ কিমি সাঁতোৰ, ১৮০ কিঃমিঃ চাইক্লিং আৰু ৪২.২ কিঃমিঃ দৌৰ থাকে, যাক নন্দিলে আগন্তুক মাহত বেংগালুৰুৰ নেছনেল ল’ ইউনিভাৰ্ছিটীৰ পৰা উত্তীৰ্ণ হোৱাৰ আগতেই জয় কৰিবলৈ আশা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ড০ শৰ্মাই তাৰ সামাজিক মাধ্যমসমূহত লিখিছে যে এই সফলতাৰ পিছত তেওঁ “এজন গৰ্বিত পিতৃ”। মুখ্যমন্ত্ৰীয়ে নন্দিলে অংশগ্ৰহণ কৰা এই কঠিন ট্ৰায়েথলনৰ কেইবাটাও ছবি শ্বেয়াৰ কৰিছিল, যাক বিশ্বৰ আটাইতকৈ কঠিন এদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাসমূহৰ অন্যতম বুলি গণ্য কৰা হয়।

ইফালে পুত্ৰৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছে মাতৃ তথা প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাও। ৰিণিকি ভূঞায়ো সামাজিক মাধ্যমত পুত্ৰৰ সফলতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে কেইবাখনো ছবি শ্বেয়াৰ কৰে।

ডিজিটেল ডেস্ক, ৭ ডিচেম্বৰ

You might also like