নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৭ ডিচেম্বৰ : হোমেন বৰগোহাঞি আছিল সাহিত্যিক জীৱনৰ সকলো দিশৰ পৰা আশ্চৰ্যময় এগৰাকী ব্যক্তি । অসমীয়া ভাষা তথা সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়াই জাতিটোক সমৃদ্ধ কৰি তোলা এক নক্ষত্ৰ। ঢকুৱাখনা আছিল তেওঁৰ অতিকৈ আপোন আৰু সপোন। ল’ৰালিত ল’ৰাজন একাকাৰ হৈ আছিল প্ৰকৃতিৰে। চাৰিকড়ীয়া নৈৰে উমলি-জামলি একাত্ম হৈ আছিল। এই ঢকুৱাখনাৰ পৰাই গৈ যৌৱনত যুৱকজনে নিজকে এদিন প্ৰতিষ্ঠা কৰিছিল অসমৰ বিস্তৃত মঞ্চত। এনেকৈয়ে মানুহজন হৈছিলগৈ অস্তিত্বক নতুন অৰ্থ দিয়া আন এটা নাম। প্ৰতিষ্ঠাৰ সেই সংগ্ৰামখনৰ নাম সাহসৰ নাম, আত্মপ্ৰত্যয়ৰ নাম। কিতাপত সমগ্ৰ পৃথিৱী দেখাৰ নাম।- এই বক্তব্য ডঃ অমৰজ্যোতি চৌধুৰীৰ।
অসমীয়া সাহিত্য আৰু সংবাদ ক্ষেত্ৰত সুকীয়া ধাৰাৰ সৃষ্টি কৰা অসমৰ বৌদ্ধিক জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্মদিনত ওপজা ঠাই ঢকুৱাখনাত হোমেন বৰগোহাঞি ন্যাসত অনুষ্ঠিত হোমেন বৰগোহাঞিৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদ্ঘাটন আৰু লোকাৰ্পণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ডঃ চৌধুৰীয়ে এইদৰে কয়। তেওঁ লগতে ঢকুৱাখনাবাসীক সংগ্ৰামী বুলি অভিহিত কৰি অসম তথা ভাৰতৰ বৌদ্ধিক জগতত তোলপাৰ লগোৱা হোমেন বৰগোহাঞিৰ প্ৰতিমূৰ্তিভাগি অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত নিৰ্মাণ কৰাৰ পূৰ্বে ঢকুৱাখনাত নিৰ্মাণ কৰি পথ প্ৰদৰ্শক হোৱা বুলি অনুভৱ হৈছে বুলি কয়।
তেওঁ আৰু লগতে কয় যে এয়া মাথো প্ৰাণহীন ব্ৰঞ্জ নহয়, ব্ৰঞ্জত লিখা এয়া প্ৰগলভ সোঁৱৰণী, জীৱন্ত কবিতা তাতেই জ্বলিছে অবিনাশী এক অসমপ্ৰেমী, এক অতন্দ্ৰ প্ৰহৰীৰ প্ৰেৰণাৰ শলিতা।তাৰেই পোহৰ, অসামান্য পোহৰ যি সাহ, প্ৰত্যয়, অস্তিত্বৰ মোহৰ। হোমেন বৰগোহাঞিক প্ৰকৃতিৰ সন্তান বুলি অভিহিত কৰি ডঃ চৌধুৰীয়ে লগতে কয়- হোমেন বৰগোহাঞি যদি আমাৰ আদৰ্শ, তেনেহ’লে আমাক লাগিব বৰগোহাঞিৰ সময়ৰ প্ৰকৃতিক। লাগিব তেওঁৰ দৰে যুক্তিৰ অনুশীলন। শিক্ষাবিদজনে কিতাপ পঢ়াৰ আন্দোলন যুগমীয়া কৰাৰ কাৰণে দলে দলে ছাত্ৰ-ছাত্ৰী আনি কিতাপ পঢ়িবলৈ দিবৰ বাবে হোমেন বৰগোহাঞি ন্যাসৰ প্ৰতি আহ্বান জনায়।
ইয়াৰ পূৰ্বে দুপৰীয়া ১২.৩০ বজাত ঢকুৱাখনা নগৰৰ মাজমজিয়াত চাৰিকড়ীয়া নৈৰ পাৰৰ হোমেন বৰগোহাঞি ন্যাসৰ চৌহদত স্থাপন কৰা, স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ পৃষ্ঠপোষকতাত ন্যাসৰ সহযোগত ভাস্কৰ্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা হোমেন বৰগোহাঞিৰ সুদৃশ্য ২১ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই। উন্মোচনী ভাষণত বিধায়কগৰাকীয়ে প্ৰসিদ্ধ কথাশিল্পীগৰাকীৰ ভূমিৰ পৰা ২১ ফুট উচ্চতালৈ বিৰাজমান এই প্ৰতিমূৰ্তিয়ে নিশ্চয়কৈ প্ৰেৰণাৰ এক প্ৰতীকৰূপে প্ৰতিগৰাকী ঢকুৱাখনাবাসীক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সোঁৱৰাই থাকিব বুলি মন্তব্য কৰে।
ইয়াৰ পিছতে ন্যাস ভৱনত প্ৰতিষ্ঠা কৰা হোমেন বৰগোহাঞি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰটোৰ দ্বাৰ মুকলি কৰে ডঃ অমৰজ্যোতি চৌধুৰীয়ে। মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে হোমেন বৰগোহাঞিৰ প্ৰতিমূৰ্তি তেওঁৰ কৰ্মজীৱনৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত প্ৰতিষ্ঠা হোৱা উচিত বুলি মন্তব্য কৰে।
ন্যাসৰ শীৰ্ষ গীতেৰে আৰম্ভ হোৱা সভাখনত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি ভাষণ প্ৰসংগত অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা মনীষীসকলৰ ভিতৰত হোমেন বৰগোহাঞি অন্যতম বুলি অভিহিত কৰি সংবাদ জগত তথা অসমৰ সমাজ জীৱনলৈ তেখেতৰ অপৰিসীম অৱদানেৰে আমি প্ৰতিজন অসমবাসী মহীয়ান বুলি মন্তব্য কৰে।
অনুষ্ঠানত ঢকুৱাখনা সম-জিলাৰ সম আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডঃ বুধিন বৰুৱা, ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগ, হোমেন বৰগোহাঞি ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈ, লেখিকা শৰ্মিষ্ঠা প্ৰীতমকে ধৰি বহু শিক্ষাবিদ আৰু সহস্ৰাধিক লোক উপস্থিত থাকে।