মানৱ সৰবৰাহকাৰীৰ কবলত পৰা পৰিয়ালৰ বাবে চৰকাৰৰ আর্থিক পেকেজ
কোকৰাঝাৰত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা শিশুৰে মত বিনিময়
নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ বিশ্ব মানৱ সৰবৰাহবিৰোধী দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰ কোকৰাঝাৰস্থিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি প্রায় এসপ্তাহ পূর্বে চিৰাং আৰক্ষীয়ে ছিকিমত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা মুক্ত কৰি অনা ৪০টি শিশু আৰু ২গৰাকী যুৱতীৰ সৈতে মত বিনিময় কৰে৷ এই মত বিনিময় অনুষ্ঠানত শিশুসকলক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাজ কল্যাণ বিভাগ আৰু শিশু কল্যাণ সমিতিৰ সৈতে আলোচনা কৰি অহা তিনি দিনৰ ভিতৰত এই শিশুসকলক বিভিন্ন হোষ্টেললৈ লৈ যোৱা হ’ব আৰু তেওঁলোকৰ শৈক্ষিক দিশৰ উত্তৰণৰ দিশত চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷ যিসকল শিশুৱে পিতৃ–মাতৃৰ সৈতে থাকি শিক্ষাগ্রহণ কৰিবলৈ ইচ্ছা প্রকাশ কৰে তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই নিয়াৰ বাবেও চৰকাৰে পদক্ষেপ ল’ব৷
শুকুৰবাৰৰ দিনটোত সমগ্র বিশ্বই মানৱ সৰবৰাহবিৰোধী দিৱস হিচাপে পালন কৰি মানৱ সৰবৰাহৰ ভয়াৱহতাৰ বিষয়ে জনসাধাৰণক সজাগ–সচেতন কৰি সমাজৰ এই নেতিবাচক বিষয়টো নিৰাময়ৰ দিশত প্রচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে দৰিদ্রতাৰ সুযোগ লৈ এচাম ন্যস্ত স্বার্থজডিত মহলে প্রলোভনেৰে কণ কণ ল’ৰা–ছোৱালী তথা কিশোৰ–কিশোৰীক ৰাজ্যখনৰ বাহিৰলৈ নি বিভিন্ন অপকর্মত নিয়োজিত কৰে৷ পূর্বৰে পৰা এনেধৰণৰ কু–কার্য চলি আছিল যদিও বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা বিগত দুটা মাহত সমাজৰ বৰবিহসদৃশ ড্রাগ্ছ আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি বহু ক্ষেত্রত সফলতা লাভ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এইক্ষেত্রত চিৰাং আৰক্ষীয়ে লাভ কৰা সফলতাৰ মুখ্যমন্ত্রীয়ে বিশেষভাৱে শলাগ লয়৷ চিৰাঙৰ ভাৰত–ভূটান সীমান্তৰ পৰা মুঠ ৮০টি শিশুক বিভিন্ন প্রলোভনেৰে বাহিৰলৈ নিয়া হৈছিল বুলি উল্লেখ কৰি ইয়াৰে ৪২গৰাকীক সম্প্রতি ঘূৰাই অনা হৈছে যদিও বাকী থকা শিশুসকলৰ সন্ধান বিচাৰি অসম আৰক্ষীয়ে দৃঢ়তাৰে প্রয়াস চলাই আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ইয়াৰ ভিতৰত ১০টি শিশুৰ সন্ধান লাভ কৰা হৈছে বুলিও তেওঁ কয়৷ ড্রাগ্ছ আৰু মানৱ সৰবৰাহৰ দৰে দুষ্কার্যৰ বিৰুদ্ধে বর্তমানৰ ৰাজ্য চৰকাৰখনে চলাই অহা সংগ্রাম ভৱিষ্যতে আৰু তীব্রতৰ কৰি তুলি এই দুষ্কার্য নির্মূল কৰাৰ বাবে চৰকাৰে নিষ্ঠাৰে কাম কৰি যাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷
আশাকর্মী আৰু অংগনৱাডী কর্মীৰ দ্বাৰা ৰাজ্যখনৰ গ্রামাঞ্চলত জৰীপ চলাই বর্তমানে সন্ধানহীন হৈ থকা শিশুসকলৰ এক প্রকৃত তথ্য ৰাজ্য চৰকাৰে লাভ কৰাৰ দিশত দৃঢ় পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত মন্তব্য প্রদান কৰি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে কয় যে বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই ড্রাগ্ছ আসক্তসকলৰ লগতে সৰবৰাহকাৰীৰ পৰা মুক্ত হোৱা শিশুসকলৰ পুনৰ সংস্থাপনৰ দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কার্যব্যৱস্থা গ্রহণ কৰিছে৷ শিশুৰ শিক্ষাৰ অধিকাৰ তথা সকলো অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিটিচিৰ চৰকাৰে অসম চৰকাৰৰ সৈতে সন্মিলিতভাৱে কাম কৰি যাব বুলিও তেওঁ কয়৷ আজিৰ এই কার্যসূচীত কোকৰাঝাৰ (পূব) সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিআৰৰ কেইবাগৰাকীও কার্যবাহী সদস্য, বিশেষ আৰক্ষী সঞ্চালকপ্রধান তথা বিটিচিৰ তত্ত্বাৱধায়ক আই জি পি ড০ এল আৰ বিষ্ণই, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷ আনহাতে কোকৰাঝাৰস্থিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ পুথিভঁৰালত আয়োজিত আন এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই বিটিআৰৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক তথা অর্থনৈতিক উত্তৰণ সন্দর্ভত বহুকেইগৰাকী শিক্ষাবিদ, বুদ্ধিজীৱী, পণ্ডিত আৰু বিশিষ্ট নাগৰিকৰ সৈতে মত বিনিময় কৰে৷ অত্যন্ত সৌহার্দ্যমূলক পৰিৱেশত অনুষ্ঠিত এই মত বিনিময়ত অংশগ্রহণকাৰী বিশিষ্ট ব্যক্তিসকলে মুখ্যমন্ত্রী ড০ শর্মাই বিটিআৰৰ সামগ্রিক উত্তৰণৰ দিশত তেওঁলোকৰ মতামত তথা পৰামর্শ গ্রহণৰ বাবে লোৱা উদ্যোগৰ শলাগ লয়৷
বিটিআৰৰ সামগ্রিক, শৈক্ষিক তথা সামাজিক–সাংস্কৃতিক উত্তৰণৰ দিশত তেওঁলোকে কিছুসংখ্যক ব্যৱস্থা গ্রহণৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ মন্তব্যত কয় যে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি চৌহদ অহা শৈক্ষিক বর্ষৰ পৰা আৰম্ভ কৰাৰ দিশত চৰকাৰে প্রয়াস চলাই আছে৷ এইক্ষেত্রত যাৱতীয় শিক্ষক তথা কর্মচাৰী মকৰলৰ দিশতো চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ তদুপৰি বিটিআৰত থকা মহাবিদ্যালয়সমূহত্ খালী হৈ থকা প্রবক্তাৰ পদসমূহ পূৰণৰ বাবে জনোৱা দাবীৰ প্রতি সঁহাৰি জনাই মুখ্যমন্ত্রীয়ে কয় যে এই পদসমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷ কোকৰাঝাৰস্থিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ সৈতে আই আই টি গুৱাহাটীক কিছুসংখ্যক বিষয়ৰ দিশত একেলগে কাম কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত বিটিআৰৰ অধীনৰ বহুসংখ্যক বনগাঁও (ফ’ৰেষ্ট ভিলেজ)ত আই চি ডি এছ, আই চি পি এছৰ দৰে আঁচনিৰ সুবিধা জনসাধাৰণে নোপোৱাৰ দিশটো আঙুুলিয়াই দিয়াত মুখ্যমন্ত্রী ড০ শর্মাই বনগাঁওসমূহত অংগনৱাডী কেন্দ্র স্থাপনকে ধৰি আই চি ডি এছৰ বিভিন্ন সুবিধা প্রদান কৰা বিষয়টোৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব বুলিও কয়৷ আজিৰ এই মত বিনিময় কার্যসূচীত বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডো, কেইবাগৰাকীও সদস্য, বডোলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়কে ধৰি বিটিআৰৰ বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ মুৰব্বী তথা বুদ্ধিজীৱীসকলে অংশগ্রহণ কৰে৷