নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ  আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।
কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ। ক’লা শাখাত মুঠ পৰীক্ষাৰ্থী আছিল ১,৯১,৮৫৫ গৰাকী । মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৯,৭৯৩গৰাকী । ক’লা শাখাত প্ৰথম বিভাগত ৫৮,২৪৪ গৰাকী, দ্বিতীয় বিভাগত ৮৯,৫২০ গৰাকী আৰু তৃতীয় বিভাগত ৪২,০২৯ গৰাকী উত্তীৰ্ণ হৈছে ৷

বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ। বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩৮,৪৩০ গৰাকী । ইয়াৰে মুঠ উত্তীৰ্ণ হৈছে ৩৮,০৬৮ গৰাকী । বিজ্ঞান শাখাত প্ৰথম বিভাগত ৩২,৯১৭গৰাকীয়ে, দ্বিতীয় বিভাগ ৪,৬০৯ গৰাকী আৰু ৫৪২ গৰাকীয়ে তৃতীয় বিভাগত ৷

আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।

You might also like