অৰুণাচলৰ ৬ কিঃমিঃ ভিতৰত চীনৰ এনক্লেভঃ নতুনকৈ চিমি জিলাত নির্মিত এনক্লেভত ৬০ অট্টালিকা
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক ভেঙুচালি কৰি অৰুণাচল প্রদেশত দ্বিতীয় এনক্লেভ নির্মাণ কৰিছে ৰঙা চীনে৷ উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচলৰ সীমান্তত ১০০ ঘৰ নির্মাণেৰে চীনে গাঁও স্থাপন কৰাৰ প্রতিক্রিয়া চলি থকাৰ মাজতেই পুনৰ দ্বিতীয় এনক্লেভ নির্মাণৰ তথ্য পোহৰলৈ আহিছে৷ কৃত্রিম উপগ্রহৰ দ্বাৰা সংগৃহীত নতুন আলোকচিত্রত অৰুণাচল প্রদেশত এল এ চি অতিক্রম কৰি ভাৰত ভূমিৰ প্রায় ৬ কিলোমিটাৰত চীনে দ্বিতীয় এনক্লেভ সম্পূর্ণ কৰি তুলিছে৷ এন ডি টিভিত কৃত্রিম উপগ্রহৰ নতুন আলোকচিত্রত চীনে নির্মাণ কৰা দ্বিতীয় এনক্লেভত অতি কমেও ৬০টা অট্টালিকা নির্মাণ কৰা হৈছে৷
উল্লেখ্য যে ২০১৯ চনত প্রকাশিত কৃত্রিম উপগ্রহৰ আলোকচিত্রত এই নতুন এনক্লেভটোৰ কোনো চিন–মোকাম নাছিল৷ এন ডি টিভিয়ে অৰুণাচল প্রদেশত চীনে বেদখল কৰি এল এ চিৰ পৰা ৯৩ কিলোমিটাৰ পূবে গাঁও নির্মাণ কৰাৰ তথ্য প্রচাৰ কৰাৰ পাছত কিছুদিন পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ পেণ্টাগনে অৰুণাচল প্রদেশৰ ভূমিত বে–আইনীভাৱে চীনে ১০০ বাসগৃহ সন্নিৱিষ্ট গাঁও নির্মাণ কৰাৰ তথ্যৰ সত্যতা প্রমাণিত কৰে৷ পেণ্টাগনৰ এই বাতৰিয়ে দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰি থকাৰ সময়তে পুনৰ চীনৰ আন এক কনক্লেভ নির্মাণৰ তথ্য পোহৰলৈ আহিছে৷ একপ্রকাৰ ভাৰতক প্রত্যাহ্বান জনাই অৰুণাচল প্রদেশৰ এল এ চি অতিক্রম কৰি আহি চীনে গাঁও নির্মাণ কৰি থকাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্র অনুসৰি অৰুণাচল প্রদেশৰ চিমি জিলাত অকল বাসগৃহই নির্মাণ কৰাৰ তথ্য সন্নিৱিষ্ট হৈ থকা নাই৷
আনকি অট্টালিকাসমূহৰ ছাদত চীনৰ পতাকা অংকিত কৰা আছে৷ কৃত্রিম উপগ্রহৰ আলোকচিত্রত এই চীনৰ পতাকা স্পষ্টকৈ প্রতিফলিত হৈ আছে৷ বিশাল আকাৰৰ পতাকাখন চীনে নিজৰ বুলি দাবী কৰি থকা ভূমিত থকা বুলি একাংশই দাবী কৰিলেও ভাৰত ভূমিত থকাটো কৃত্রিম উপগ্রহৰ আলোকচিত্র স্পষ্ট হৈ আছে৷ অৰুণাচল প্রদেশৰ এল এ চি অতিক্রমি ভাৰত ভূমিত চীনে দ্বিতীয় এনক্লেভ নির্মাণৰ স্পষ্টতা ভাৰত চৰকাৰৰ অনলাইন মেপসেৱা ভাৰত মেপত স্পষ্টকৈ ধৰা পৰিছে৷ ছার্ভেয়াৰ জেনেৰেল অৱ ইণ্ডিয়াই ভাৰতৰ ডিজিটেল মেপখন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰাৰ অন্তত চীনৰ দ্বিতীয় এনক্লেভ ভাৰত ভূমিত থকাটো নিশ্চিত হৈছে৷
ইউৰোপস্থিত ফ’চ এনালাইছিছৰ মুখ্য সামৰিক বিশ্লেষক চীম টেকে প্রকাশ কৰা মতে, ভাৰতৰ ছার্ভেৰ চৰকাৰী ৱেবছাইট অনুসৰি জি আই এছ (জি’গ্রাফিক ইনফৰমেচন ছিষ্টেম) ডাটাৰ আধাৰত এই কথা নিশ্চিত যে চীনে নির্মাণ কৰা এনক্লেভ ভাৰত ভূমিৰ ভিতৰত পৰে৷ মন কৰিবলগীয়া যে চীনে নির্মাণ কৰা এই গাঁও য়াৰলুং চাংপো নদী (ব্রহ্মপুত্র)ৰ দাঁতিত থকা স্থানীয় লোকৰ সৈতে প্রত্যক্ষভাৱে সংযোজিত হৈ আছে৷ অৱশ্যে ভাৰতে নিয়ন্ত্রণ কৰা অঞ্চলৰ পৰা সৰু পর্বতমালাই পৃথক কৰি ৰাখিছে৷
মানচিত্রত ভাৰতীয় বিশেষজ্ঞই নিশ্চিত কৰা মতে, চীনে নির্মাণ কৰা দ্বিতীয় এনক্লেভ ভাৰতীয় সীমাৰ পৰা ৭ কিলোমিটাৰ ভিতৰত আছে৷ কৃত্রিম উপগ্রহৰ প্রযুক্তিৰ সৈতে দশক দশক ধৰি অভিজ্ঞতাসম্পন্ন অৰূপ দাসগুপ্তাই প্রকাশ কৰা মতে, ছার্ভে জেনেৰেল অৱ ইণ্ডিয়াৰ মানচিত্র অনুসৰি চীনৰ নির্মাণ ভাৰতীয় ক্ষেত্রৰ ভিতৰত পৰে৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে চলিত বছৰৰ জুলাই মাহতে চীনৰ জিনহুৱা নিউজ এজেন্সীয়ে অৰুণাচল প্রদেশত নির্মাণ কৰা দ্বিতীয় এনক্লেভৰ তথ্য প্রচাৰ কৰিছে৷ সেই সময়ত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে উক্ত অঞ্চলটো পৰিদর্শনৰ বাবে আহিছিল৷ অৰুণাচল প্রদেশৰ সীমান্তলৈকে কৌশলগতভাৱে অতি গুৰুত্বপূর্ণ অঞ্চলত চীনে ৰে’লপথ নির্মাণ কৰিছে৷