নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত দৰিদ্ৰ গঞাৰ হাহাকাৰ

শিঙৰা নদীৰ বালিত গাঁত খান্দি পানী খাই নাওবৈচা পঞ্চায়তবাসীয়ে

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ উন্নয়ন-বিকাশ আৰু পৰিৱৰ্তনৰ শ্ল’গানেৰে দ্বিতীয় বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰৰ কাৰ্যকালত কলীয়াপানী সদৃশ লখিমপুৰ জিলাৰ নাওবৈচাৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ জনতাই এটুপি বিশুদ্ধ খোৱাপানী অভাৱত পৰি নদীৰ বালিত গাঁত খান্দি পানী সেৱন কৰিবলগীয়া ঘটনাই চৰকাৰখনৰ পৰিৱৰ্তনৰ শব্দটোকে উপলুঙা কৰিছে।

উল্লেখ্য যে কেন্দ্ৰীয় অভিলাসী জল জীৱন আঁচনিয়েও আজিলৈকে ঢুকি নাপালে  নাওবৈচা বহু দৰিদ্ৰ পৰিয়ালক।যাৰ ফলত নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ নাওবৈচা গাঁও পঞ্চায়তৰ বহু পৰিয়ালে এটুপি বিশুদ্ধ খোৱাপানী অভাৱত পৰি শিঙৰা নদীৰ বালিত গাঁত খান্দি পানী উলিয়াই সেৱন কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। উল্লেখ্য যে  বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে পৃথিৱীখনক এখন ক্ষুদ্ৰ গাঁৱলৈ পৰিণত কৰাৰ সময়তে এই পৃথিৱীত বাস কৰা এচাম মানুহে নদীৰ বালিত গাঁত খান্দি পানী সেৱন কৰিবলগীয়া ঘটনাই দেশখনৰ গণতন্ত্ৰ ব্যৱস্থাটোকে ভেঙুচালি কৰিছে। নাওবৈচা গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু পৰিয়ালে বছৰ বছৰ ধৰি শিঙৰা নদীৰ বালি খান্দি পানী সেৱন কৰি অহাৰ পাছতো বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগ অথবা জনপ্ৰতিনিধিয়ে পঞ্চায়তখনৰ খোৱাপানী ব্যৱস্থাটো সমাধান কৰি নিদিয়াটো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে। শিঙৰা নদীৰ পাৰৰ ৩০নং ফিচিগ্ৰাণ্ট, ২নং ফুলবাৰী, দলহাট তিনিআলিৰ মথাউৰি সমীপৰ বহু দৰিদ্ৰ পৰিয়ালে আজিও খোৱাপানী অভাৱত পৰি আছে। খৰালি কি বাৰিষা কালছোৱাত  শিঙৰা নদীৰ বক্ষৰ বালি খান্দি পানী উলিৱাই কোনো  পৰিষ্কাৰ নকৰাকৈ ব্যৱহাৰ কৰি আহিছে উল্লেখিত গাঁওকেইখনৰ পৰিয়ালসমূহে। খোৱাপানীৰ নামত ৰাজ্য চৰকাৰে বছৰি কোটি কোটি টকা খৰচ কৰি আহিছে যদিও ৰাজ্যৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ গঞাই এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ কৰি থাকিব লগীয়া হৈছে।

জানিব পৰা  মতে জিলাখনত প্রায় ৫০খন পানী যোগান আঁচনি আছে যদিও গোটেইকেইখন আঁচনিয়েই বৰ্তমান বিকল। এইক্ষেত্ৰত এটা বিষয় স্পষ্ট হৈ পৰিছে যে ৰাজ্যবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ  বাবে কোটি কোটি টকা ব্যয় কৰি আঁচনি ৰূপায়ন কৰা দেখুৱা হৈছে যদিও এনে আঁচনি ৰূপায়ণত প্ৰকৃততে ধন লুণ্ঠনৰ প্ৰক্ৰিয়াহে আছিল। এই বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত আছিল যদিও কাৰ্যক্ষেত্ৰত তেনে একো হৈ নুঠিল।

প্ৰেৰক-নিতুল বৰা

You might also like