নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্ৰদেশ সীমান্তত চীনা গাঁওঃ সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ভাৰতৰ সীমান্তত ‘সীমান্ত প্রতিৰক্ষা গাঁও’ নির্মাণৰ পৰিকল্পনা যুগুত কৰি গোপনে গাঁৱৰ নির্মাণ আৰম্ভ কৰিছে। তথ্য মতে, উজনি সোঁৱণশিৰি জিলাত চীনে গাঁও স্থাপন কৰিব।

ইয়াকে লৈ কালি সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই চীনৰ সম্প্ৰসাৰণবাদী নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই এইক্ষেত্ৰত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনইছে।

সোমবাৰে অৰুণাচল প্ৰদেশৰ আভ্যন্তৰত চীনে ১০১ টা ঘৰ নিৰ্মাণেৰে গাঁও স্থাপন কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ অধ্যক্ষ হাৱা বাগাঙে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ হিচাপে উল্লেখ কৰাৰ লগতে ৰাজ্যৰ সকলো নাগৰিক গৌৰৱিত ভাৰতীয় বুলি কয়।

তেওঁ কয়- ‘যদিহে দেশে বিচাৰে অৰুণাচল প্ৰদেশৰ যুৱ সমাজে দেশৰ প্ৰতিৰক্ষাৰ বাবে হাতত মৰাণাস্ত্ৰ তুলি ল’বলৈও বদ্ধপৰিকৰ।’ সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ উপৰি বৃহস্পতিবাৰে উজনি সোৱণশিৰি জিলাবাসীয়ো চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চীনা ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ পুত্তলিকা দাহ কৰে।

You might also like